কাজিৰঙাত পিৰবিৰ প্ৰথমখন কাৰ্বি থলুৱা হাট মুকলি

Story by  atv | Posted by  Munni Begum • 1 Years ago
কাজিৰঙাত  পিৰবিৰ প্ৰথমখন কাৰ্বি থলুৱা হাট
কাজিৰঙাত পিৰবিৰ প্ৰথমখন কাৰ্বি থলুৱা হাট
 
গুৱাহাটী
 
কাজিৰঙাৰ কঁহৰাত পিৰবি (Pirbi) নামৰ এখন কাৰ্বি থলুৱা হাট মুকলি কৰা হয়। পিৰবিৰ এই প্ৰথম হাটখনৰ মূল উদ্দেশ্য হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন অঞ্চলত বাস কৰা কাৰ্বি লোকসকলৰ বিত্তীয় সুৰক্ষা উন্নত কৰি তেওঁলোকৰ অৰণ্যৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা। 
 
যোৱা ১১ মাৰ্চত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বেণ্টিং তেৰাং, কাজিৰঙাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুবজ্যোতি নাথ, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ 'US Fish and Wildlife Service'-ৰ  জীৱবিজ্ঞানী কোৰী ব্ৰাউন আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত কাৰ্বি আংলঙৰ প্ৰাক্তন সাংসদ ড০ জয়ন্ত ৰংপীয়ে এই থলুৱা হাটখন উদ্বোধন কৰিছিল। 
 
পিৰবি হৈছে বহনক্ষম ব্যৱসায়ৰ বাবে সৃষ্টি কৰা এক থলুৱা সম্প্ৰদায়ৰ সমষ্টি যাৰ উদ্দেশ্য হল স্থানীয় থলুৱা সামগ্ৰীবোৰ উৎপাদন আৰু প্ৰচাৰ কৰি স্থানীয় সম্প্ৰদায়ৰ সামাজিকভাৱে আৰু আৰ্থিকভাৱে  পিছপৰা লোকসকলক শক্তিশালী কৰা। পিৰবি ২০১৯ চনত কাজিৰঙা-কাৰ্বি আংলং লেণ্ডস্কেপত আৰণ্যকৰ “সম্প্ৰদায়-আধাৰিত প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা প্ৰচেষ্টাৰ (Natural Resource Management Programme)” অধীনত আৰম্ভ কৰা হৈছিল। 
 
আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী ড০ ফিৰোজ আহমেদে কয়, "আমাৰ দলটোৱে পিৰবিক ফলপ্ৰসূ কৰিবলৈ দীৰ্ঘদিন ধৰি সম্প্ৰদায়ৰ লোকসকলৰ সৈতে কাম কৰি আহিছে। আমি বিশ্বাস কৰোঁ যে এই প্ৰথম হাটখনে থলুৱা সম্প্ৰদায় বিকাশ আৰু বন সংৰক্ষণত এটা উদাহৰণ স্থাপন কৰিব। আমাৰ এই পদক্ষেপে একেটা অঞ্চলত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু স্থানীয় সম্প্ৰদায়ৰ বিকাশত পিৰবিৰ লাভৰ বাৰ শতাংশ অৰিহণা যোগাব আৰু অতিৰিক্ত পাঁচ শতাংশ লাভ উৎপাদক, সংগ্ৰাহক আৰু শিল্পীসকলৰ সৈতে ভাগ বতৰা কৰা হব।" 
 
উদ্বোধনী অনুষ্ঠানত আৰণ্যকৰ জয়ন্ত কুমাৰ শৰ্মা, ড০ দীপাংকৰ লহকৰ, অৰূপ দাস, ড০ জয়ন্ত কুমাৰ ৰয়, শ্বাৰলংজন টেৰন, দীপিকা ছেত্ৰী, ভাৰ্গৱী ৰাভা, অবিনাশ ফাংচো, ৰংছিনা ফাংচো, জোশনা তেৰাংপি, ভাস্কৰ বাৰুকিয়াল, প্ৰকাশ ইংতি আৰু ৰোৱেল ইংতিকে ধৰি বহুতো সদস্য উপস্থিত থাকে।