স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ বাবে বাধ্যতামূলক নহয় ‘সঞ্চাৰ সাথী’ এপঃ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া
নতুন দিল্লী
স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ বাবে বাধ্যতামূলক নহয় ‘সঞ্চাৰ সাথী এপ’(Sanchar Saathi App)। ভাৰতত বিক্ৰী হোৱা সকলো স্মাৰ্টফোনত 'সঞ্চাৰ সাথী' এপ প্ৰি-ইনষ্টল কৰিবলৈ ফোন নিৰ্মাতা সংস্থাসমূহক কেন্দ্ৰীয় চৰকাৰে দিয়া নিৰ্দেশক লৈ চলি থকা বিতৰ্কৰ মাজতে কেন্দ্ৰীয় দূৰসংযোগ আৰু যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই স্পষ্ট কৰি দিছে যে ম’বাইল ফোন ব্যৱহাৰকাৰীসকলে যদি এই এপটো ব্যৱহাৰ কৰিব নিবিচাৰে তেন্তে সেই এপটো ডিলিট কৰাৰ বিকল্প থাকিব।
কেন্দ্ৰীয় দূৰসংযোগ আৰু যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই মঙলবাৰে স্পষ্ট কৰি দি কয় যে ‘সঞ্চাৰ সাথী এপ’টো সম্পূৰ্ণ Optional হৈয়েই আছে। তেওঁ কয় যে এই এপটো যিকোনো সময়তে ডিলিট কৰিব পাৰি আৰু ব্যৱহাৰকাৰীয়ে ইয়াক সক্ৰিয় কৰিবলৈ বাছি লোৱাৰ পাছতহে এপটোৱে কাম কৰে।
সিন্ধিয়াই লগতে কয় যে চৰকাৰৰ ভূমিকা জনসাধাৰণৰ সুৰক্ষাৰ আহিলা হিচাপে এপটো উপলভ্য কৰোৱাত সীমাবদ্ধ। বাধ্যতামূলক ইনষ্টলেচনৰ দাবী নাকচ কৰি তেওঁ কয় যে, “ব্যৱহাৰকাৰীয়ে ডিভাইচত ৰখা-নৰখাটো সম্পূৰ্ণৰূপে ব্যৱহাৰকাৰীৰ ওপৰত নিৰ্ভৰশীল।” সঞ্চাৰ সাথী এপটোক লৈ উদ্বেগ প্ৰকাশ কৰাৰ সময়ত তেওঁ গ্ৰাহকৰ সুৰক্ষা আৰু জালিয়াতি প্ৰতিৰোধৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাৰ ওপৰত আৰোপ কৰে। তেওঁ বিৰোধীৰ সমালোচনাক খাৰিজ কৰি কয় যে ৰাজনৈতিক বিতৰ্কৰ প্ৰতি সঁহাৰি জনোৱাতকৈ ব্যৱহাৰকাৰীক সুৰক্ষা দিয়াৰ প্ৰতিহে চৰকাৰ দায়বদ্ধ।
সিন্ধিয়াই লগতে কয়, ‘‘সঞ্চাৰ সাথী পৰ্টেলটো ২০ কোটিৰো অধিক বাৰ ডাউনলোড হোৱাৰ বিপৰীতে এপটো ১.৫ কোটিতকৈ অধিক ডাউনলোড হৈছে।’’ মন্ত্ৰীগৰাকীয়ে ইয়াৰ ব্যৱহাৰিক প্ৰভাৱৰ কথা উল্লেখ কৰে, য’ত প্ৰায় ১.৭৫ কোটি প্ৰৱঞ্চনামূলক ম’বাইল সংযোগ বিচ্ছিন্ন কৰা হৈছে আৰু প্ৰায় ২০ লাখ চুৰি ফোনৰ সন্ধান পোৱা গৈছে আৰু প্ৰায় ৭.৫ লাখ ফোন প্ৰকৃত গৰাকীক ঘূৰাই দিয়া হৈছে।
মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এই এপটোৱে কল ম’ণিটৰিং বা স্নুপিং সক্ষম নকৰে। ব্যৱহাৰকাৰীসকলৰ ইয়াৰ সক্ৰিয়কৰণৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকে আৰু ইয়াক যিকোনো সময়তে ডিলিট কৰি পেলাব পাৰে, যাৰ ফলত ইয়াক সম্পূৰ্ণৰূপে বৈকল্পিক কৰি তোলা হয়। গ্ৰাহকক তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰাত সহায় কৰা এই এপটোৰ উদ্দেশ্যে৷ তেওঁ কয় যে, ‘‘এই পদক্ষেপ গ্ৰাহকৰ সুৰক্ষাৰ বাবেহে গ্ৰহণ কৰা হৈছে।’’