গুৱাহাটী
মেজাংচন ছাৰ্ভিচ লিমিটেডৰ আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ বিশেষ নিলাম বিক্ৰী ক্ষেত্ৰত যোৰহাট চাহ নিলাম কেন্দ্ৰই পুনৰবাৰ সৰ্বাধিক মূল্য লাভ কৰিবলৈ সক্ষম হৈছে।
যোৰহাট পকামূৰাস্থিত যোৰহাট চাহ নিলাম কেন্দ্ৰত আয়োজন কৰা নিলামত সোমবাৰে গোলাঘাট জিলাৰ বৰপথাৰৰ পাভজান চাহ বাগিচাৰ গ'ল্ডেন টিপচ টি প্রতিকিলোত সর্বাধিক ৯৯,৯৯৯ টকাত বিক্ৰী হয়। পাভজান চাহ বাগিচাৰ এই চাহ ক্ৰয় কৰিছে গুৱাহাটীৰ ৰুলয় টি কোম্পানীয়ে।
অসম আৰু চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ সৰ্বমুঠ ১৮ খন চাহ বাগিচাৰ ২৮ টা মাৰ্কৰ চাহ নিলাম কেন্দ্ৰত প্ৰদৰ্শন কৰা হয়। অসমৰ লগতে দিল্লী, ৰাজস্থান, তেলেংগানা, গুজৰাট, বেংগল আদিৰ বহু চাহ বিক্রেতাই অংশগ্রহণ কৰা নিলামত ৯৩ শতাংশ চাহেই বিক্রী হয়।
ইয়াৰ ভিতৰত নাগালেণ্ডৰ একমাত্র আকা অর্গেনিক টি প্রতিকিলোত ১,২৫১ টকাত বিক্ৰী হয়। আনহাতে চি টি চি চাৰে ক্ষেত্ৰত টোকোলাই চাহ উদ্যোগৰ চাহ প্রতিকিলোত ৪৪০ টকা দৰত বিক্ৰী হয়।
উল্লেখ্য যে বিগত বৰ্ষত যোৰহাট চাহ নিলাম কেন্দ্ৰত পাভজান চাহ বাগিচাৰ অৰ্থডক্স চাহ প্রতিকিলোত ৪০০০ টকাত নিলাম হৈ শীর্ষ স্থান দখল কৰিছিল। এইবাৰো নিজৰেই অভিলেখ ভংগ কৰি পাভজান চাহ বাগিচাই শীর্ষ স্থানত থাকে।
FEATURED VIDEOS
PISA
HSLC Result Al-Ameen
Dhekiakhowa Bornamghar
Physical challenge no hurdle in Md Gulpham's learning skill
Dustbin distributor Nazrul Islam
Illiterate poet Habil Uddin
Taj Hotel
Gauhati University's Arabic department in good shape
Abdul Barek chooses marathon as his livelihood