অসমত বৃদ্ধি পাইছে জি আই টেগযুক্ত সামগ্ৰীৰ সংখ্যা

Story by  atv | Posted by  Munni Begum • 2 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী
 
এখন ৰাজ্য নাইবা এটা অঞ্চলৰ বিশেষ জনপ্রিয় এবিধ সামগ্ৰীৰ বাবে অন্যতম হৈছে ভৌগোলিক সূচক নাইবা জি আই টেগ। অন্যান্য ৰাজ্যসমূহৰ দৰে অসমৰো বিভিন্ন সামগ্ৰীয়ে লাভ কৰিছে এই জি আই টেগ। 
 
এতিয়ালৈ অসমৰ ১১ বিধ এনে সামগ্ৰীয়ে লাভ কৰিছে ভৌগোলিক সূচক। অলপতে অসমৰ গামোচাই এই সূচক লাভ কৰিবলৈ সক্ষম হৈছে। সাধাৰণতে কেন্দ্রীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ অধীনত ইণ্ডাষ্ট্রী প্ৰমোচন এণ্ড ইণ্টাৰনেল ট্রেড বিভাগে এই জি আই টেগ প্রদান কৰি আহিছে। 
 
জিঅ'গ্ৰাফিকেল ইণ্ডিকেচন অব্ গুডছ এক্ট, ১৯৯৯ ৰ অধীনত প্ৰদান কৰা হয় এই সূচক। এতিয়ালৈ জি আই টেগ লাভ কৰা অসমৰ সামগ্ৰীকেইবিধ হৈছে মুগা সূতা, অর্থডক্স চাহ, অসম মুগা ছিল্কৰ ল'গ', কাৰ্বি আংলঙৰ আদা, তেজপুৰৰ লিচু, জহা চাউল, কোমল চাউল নাই বা বোকা চাউল, কাজিনেমু, চকুৱা চাউল, ডিমাচাৰ পানীয় জুডিমা আৰু অসমীয়া গামোচা। 
 
নতুনকৈ অসমৰ ৯ বিধ সামগ্রী জি আই টেগৰ বাবে প্ৰাথমিক পৰীক্ষণৰ পৰ্যায়ত আছে। এই সামগ্ৰীকেইবিধ হৈছে অসমীয়া গহনা, মাজুলীৰ মুখাশিল্প, মাজুলীৰ পাণ্ডুলিপি চিত্রকলা, জাপি, টেৰাকোটা শিল্প, মিচিঙৰ হস্ততাঁত সামগ্রী, ঢোল, পানীমেটেকা শিল্প আৰু বড়োৰ বাদ্যযন্ত্ৰ জ'থা । 
 
অসমৰ দুবিধ সামগ্ৰীৰ জি আই টেগৰ বাবে কৰা আবেদন পঞ্জীয়ন কার্যালয়ে নাকচ কৰিছে। অসমৰ ঔটেঙা আৰু কাৰ্বি বস্ত্ৰশিল্পৰ আবেদন নাকচ কৰা হৈছে। ২০১৭ চনত নেৰামেকে ঔটেঙাৰ জি আই টেগৰ বাবে আবেদন জনাইছিল। কিন্তু সঠিক নথি-পত্ৰ নথকাৰ বাবে এই দুখন আবেদন নামঞ্জুৰ কৰা হয়।