তাজাইয়ুনে বেংগালুৰুৰ কুট্চি মেমন পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ দেউতাকৰ এখন কাপোৰৰ দোকান আছিল আৰু ১৯৮০ চনৰ পৰা তেওঁ সেই দোকানত দেউতাকক সহায় কৰিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত তেওঁৰ সমাজৰ মহিলাসকলে ব্যৱসায় ক্ষেত্ৰত কাম কৰাটো অস্বাভাৱিক আৰু প্ৰায়ে নিৰুৎসাহজনক এক বিষয় আছিল। কিন্তু এই অভিজ্ঞতাই তাজাইয়ুনক আত্মবিশ্বাস আৰু স্বাধীনতা প্ৰদান কৰিছিল। আৰু তাৰপিছত তেওঁ সমাজৰ সেই প্ৰত্যাহ্বানবোৰৰ সৈতে মোকাবিলা কৰিবলৈ শিকাইছিল।
তাজাইয়ুনৰ শিক্ষা জীৱনেও তেওঁৰ পথ নিৰ্ধাৰণ কৰিছিল। তেওঁ ছোফিয়াত স্কুলীয়া শিক্ষা সাং কৰি মাউণ্ট কাৰ্মেল কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। স্কুলত থাকোতেই তেওঁ শিক্ষকতাৰ প্ৰতি আগ্ৰহী আছিল। বিশেষভাৱে সক্ষম শিশুৰ সৈতে স্বেচ্ছাসেৱী হিচাপে কাম কৰিছিল, ব্ৰেইল চাৰ্ট প্ৰস্তুত কৰিছিল আৰু বৌদ্ধিক অক্ষমতা থকা শিশুসকলক সহায় কৰিছিল। এই প্ৰাৰম্ভিক অভিজ্ঞতাই তেওঁক ভৱিষ্যতে পুনৰ্বাসন আৰু সৰ্বাংগীন কামৰ দিশত পথ প্ৰদৰ্শন কৰিছিল।
১৯৯৯ চনত তেওঁ এক নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি হিউমেন টাচ্ (Humane Touch) নামৰ এক সংস্থা প্ৰতিষ্ঠা কৰিছিল। প্ৰথমতে সংস্থাটোৱে বিশেষভাৱে সক্ষম শিশুৰ পুনৰ সংস্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। পিছত সংস্থাটোৱে সংশোধনমূলক শল্যচিকিৎসাৰ সমৰ্থন কৰে, কেলিপাৰ প্ৰদান কৰে আৰু শিশুসকলক সমাজত একত্ৰিত হোৱাত সহায় কৰে। সংস্থাটোৰ অধীনত ১০০ ৰো অধিক শিশুৰ জন্মগত আৰু সৰু সৰু অস্ত্ৰোপচাৰ কৰা হৈছিল।
তাজাইয়ুনৰ কাম ক্ষিপ্ৰতাৰে সম্প্ৰসাৰিত হৈছিল। তেওঁ উপলব্ধি কৰিছিল যে, তেওঁৰ সম্প্ৰদায়ত শিক্ষা আৰু জীৱিকাৰ বাবে সুযোগৰ অভাৱ। সেইবাবেই ২০০০ চনত তেওঁ গৌৰীপাল্যাত এখন প্ৰাপ্তবয়স্ক শিক্ষা কেন্দ্ৰ মুকলি কৰিছিল। যিটো অঞ্চল ৰাজনৈতিক উদ্দেশ্যৰ বাবে প্ৰায়ে ব্যৱহৃত হৈ আহিছিল। এই কেন্দ্ৰই বহু প্ৰাপ্তবয়স্কলোকক পঢ়িবলৈ আৰু লিখিবলৈ শিকাইছে আৰু তেওঁলোকক সৱলীকৰণৰ পথ দেখুৱাইছে।
২০০৪ চনত তেওঁ মূল্যভিত্তিক শিক্ষা প্ৰদানৰ বাবে আল-আজহাৰ স্কুল স্থাপন কৰছিল। সেই বছৰতে বিবাহৰ উচ্চ খৰচৰ সৈতে যুঁজি থকা অভাৱগ্ৰস্ত পৰিয়ালসমূহক সহায় কৰিবলৈ গণ বিবাহৰ দৰ এক অনন্য উদ্যোগ হাতত লৈছিল। ২১ বছৰ ধৰি এই পদক্ষেপে ১,৭৫০খন বিবাহক সমৰ্থন কৰিছে। তেওঁলোকে কেৱল বিবাহ অনুষ্ঠানেই নহয়, মছজিদ সমিতিৰ পৰা বিবাহোত্তৰ পৰামৰ্শৰ সহায় আৰু শান্তিপূৰ্ণ পাৰিবাৰিক জীৱন সুনিশ্চিত কৰিবলৈ মধ্যস্থতাও আগবঢ়াই আহিছে।
তাজাইয়ুন ওমৰে নাৰী শক্তি বঁটা লাভ কৰাৰ এক মূহুৰ্ত
২০০৭ চনত তাজাইয়ুনে মুছলমান মহিলাসকলৰ উদ্যমিতাক সহায় কৰিবলৈ লাইফলাইন ফাউণ্ডেচন (Lifeline Foundation) মুকলি কৰিছিল। এই কাৰ্যসূচীয়ে ২,০০০তকৈও অধিক মহিলাক চিলাই মেচিন, দক্ষতা প্ৰশিক্ষণ আৰু বিত্তীয় সাক্ষৰতা প্ৰদান কৰি সৱলীকৰণ কৰিছে। যিটো সম্প্ৰদায়ৰ মহিলাই পূৰ্বেই ব্যৱসায়ত খুব কমকৈ প্ৰৱেশ কৰিছিল, সেই সম্প্ৰদায়ৰ বাবে এইটো আছিল এক বহু ডাঙৰ পৰিৱৰ্তন।
হিউমেন টাচে্ (Humane Touch)ৰ মুল কেন্দ্ৰবিন্দু হৈছে শিক্ষা। প্ৰতিবছৰে প্ৰায় ৩০০গৰাকী ছাত্ৰ-ছাত্ৰীক (বিশেষকৈ মধ্যবিত্ত পৰিয়ালৰ যুৱতী)ক বৃত্তি প্ৰদান কৰে। বহু যুৱতীয়ে এতিয়া উচ্চ প্ৰযুক্তি প্ৰতিষ্ঠানত কাম কৰি আছে।
'পিতৃয়ে পৰিত্যাগ কৰা এটা পৰিয়াল'ৰ এক বিশেষ প্ৰেৰণাদায়ক কাহিনীৰ বিষয়ে তাজাইয়ুনে সদায় কয়। সেই পৰিয়ালটোৰ তিনিগৰাকী কন্যা আৰু এজন পুত্ৰক ডাঙৰ-দীঘল কৰিবলৈ সংগ্ৰাম কৰিছিল মাতৃগৰাকীয়ে। হিউমেন টাচ্ৰ সহযোগত সেই পৰিয়ালটোৰ পুত্ৰই চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি বৰ্তমান মক্কাত চিকিৎসক হিচাপে কৰ্মৰত হৈ আছে। আজি তেওঁ গৌৰৱেৰে নিজৰ পৰিয়ালটোক পহপাল দি আছে আৰু এসময়ত তেওঁক সহায় কৰা হিউমেন টাচ্ সংস্থাটোলৈ দান বৰঙণিও আগবঢ়াই আহিছে। এই পৰিৱৰ্তনক তেওঁ এজন গ্ৰহণকাৰীৰ পৰা এজন দাতালৈ ৰূপান্তৰ হোৱা বুলি উল্লেখ কৰিছে।
যদিও তাজাইয়ুন তেওঁৰ কুটচি মেমন ঐতিহ্যৰ সৈতে দৃঢ়ভাৱে জড়িত। তেওঁৰ মাতৃৰ ফালৰ ককাকে কুটচি মেমন এডুকেচন ট্ৰাষ্ট প্ৰতিষ্ঠা কৰিছিল, যদিও তেওঁৰ দৃষ্টিভংগী সদায় সৰ্বাংগীন আছিল। হিউমেন টাচে্ ও অ-মুছলমান পৰিয়ালকো সহায় কৰি আহিছে, যিয়ে প্ৰমাণ কৰে যে, সহানুভূতিৰ কোনো সীমা নাই। তেওঁ কয় যে, চিকিৎসা সাহায্য প্ৰচেষ্টাৰ পৰা তেওঁৰ সৰ্বাধিক সন্তুষ্টি লাভ কৰে। কিয়নো চিকিৎসা সহায়ে মানুহৰ জীৱন ৰক্ষা কৰে আৰু পৰিয়ালৰ কৃতজ্ঞতাই তেওঁক অনুপ্ৰাণিত কৰে।
তাজাইয়ুন বহু প্ৰত্যাহ্বানৰো সন্মুখীন হৈছিল। তেওঁ কয় যে, দাতাসকলৰ সৈতে বিশ্বাস গঢ়ি তোলা আৰু স্বচ্ছতা ৰক্ষা কৰাটো কঠিন হৈ পৰিছিল। কিয়নো সম্প্ৰদায়ৰ মনোভাৱে কেতিয়াবা তেওঁৰ কামত বাধাৰ সৃষ্টি কৰিছিল। সমাজৰ বহু পুৰুষে নাৰীক নেত্ৰী হিচাপে গ্ৰহণ কৰিব বিচৰা নাছিল। কাৰণ তেওঁলোকে মহিলাক সফলতা লাভ কৰাটো নিবিচাৰে।
কিন্তু এই ক্ষেত্ৰত তেওঁ মহিলাসকলৰ পৰা দৃঢ় সমৰ্থন লাভ কৰিছিল। আনকি অশিক্ষিত মহিলাসকলেও পৰিৱৰ্তন সম্ভৱ বুলি সুযোগ বিচাৰি আহিছিল। ক'ভিড-১৯ মহামাৰীয়ে তেওঁৰ কামৰ অগ্ৰগতিৰ গতি মন্থৰ কৰি তুলিছিল আৰু বহু দুৰ্বল পৰিয়ালক অসুবিধাৰ মাজলৈ ঠেলি দিছিল। তথাপিও হিউমেন টাচে্ তেওঁলোকৰ প্ৰতি সন্মান আৰু যত্ন সহকাৰে সহায় আগবঢ়াই গৈছিল।
হিউমেন টাচ্ ৰ দ্বাৰা বৃত্তি প্ৰদান কৰা মেৰিটৰিয়াছ ছাত্ৰ-ছাত্ৰীৰ সৈতে তাজাইয়ুন ওমৰ
তাজাইয়ুনে তেওঁৰ যাত্ৰাত সহায় কৰা পৰামৰ্শদাতাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। তাজাইয়ুনৰ মাহীয়েক ৰাবিয়া ৰাজ্জাক, প্ৰষ্টিজ গ্ৰুপৰ ইৰফান ৰাজ্জাকৰ মাতৃ আছিল তেওঁৰ অন্যতম এক পথ প্ৰদৰ্শক। মাতৃৰ পৰিয়ালৰ সহায়-সহযোগিতাও তেওঁক আগবাঢ়ি যাবলৈ যথেষ্টখিনি উৎসাহ যোগাইছিল।
হিউমেন টাচ্ৰ সম্পাদক হিচাপে তাজাইয়ুনে ডাঙৰ সপোন দেখাটো অব্যাহত ৰাখিছে। তেওঁ পেছাদাৰী দক্ষতা, মূল্যবোধ আৰু আত্মবিশ্বাসেৰে যুৱক-যুৱতীসকলক প্ৰস্তুত কৰিব পৰা এখন ফিনিচিং স্কুল সৃষ্টিৰ কাম কৰি আছে। তেওঁৰ দীৰ্ঘদিনীয়া সপোন হৈছে সমাজৰ ভিতৰত মহিলা আৰু শিশুৰ লগত কেনে ব্যৱহাৰ কৰা হয়, সেই ক্ষেত্ৰত গভীৰ পৰিৱৰ্তন অনা।তেওঁ বিশ্বাস কৰে যে, প্ৰকৃত সৱলীকৰণৰ অৰ্থ হ'ল কেৱল সহায় প্ৰদান কৰাই নহয় বৰং মানুহক মৰ্যাদাৰ সৈতে নিজকে সমৰ্থন কৰাৰ উপায় প্ৰদান কৰা। তেওঁ হিউমেন টাচ্ক সহানুভূতি আৰু সৱলীকৰণৰ মাজৰ সেতু হিচাপে গ্ৰহণ কৰিছে।
পিছলৈ উভতি চাই তেওঁ প্ৰকৃত পৰিৱৰ্তনৰ মুহূৰ্তৰ মাজেৰে নিজৰ যাত্ৰাক সংজ্ঞায়িত কৰিছে। ইন্দিৰা গান্ধীক লগ পোৱা ছোৱালীজনীয়ে আগতীয়াকৈ গম পাইছিল যে, নেতৃত্ব হৈছে সাহসৰ কথা। কাপোৰৰ দোকানত কাম কৰা এগৰাকী যুৱতীয়ে শিকিছিল যে, ব্যৱসায়ে মানুহক শক্তিশালী কৰি তুলিব পাৰে। বিশেষভাৱে সক্ষম শিশুসকলক সহায় কৰা সমাজকৰ্মীজনে বুজি পাইছিল যে, পৰিৱৰ্তন আৰম্ভ হয় সহানুভূতিৰ পৰা। তেওঁৰ মতে, পৰিৱৰ্তনকাৰী হোৱাৰ অৰ্থ হ’ল আনে প্ৰত্যাহ্বান দেখা ঠাইত, সম্ভাৱনা দেখা আৰু মৌনতাৰ পৰিৱৰ্তে সেৱা আগবঢ়োৱাটো বাছনি কৰা।
যুৱতীসকলৰ প্ৰতি তেওঁৰ এক বাৰ্তা হৈছে যে, "নিখুঁত পৰিস্থিতিৰ বাবে অপেক্ষা নকৰিব। পৰিৱৰ্তন আৰম্ভ হয় তেতিয়া, যেতিয়া আপুনি কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আল্লাহৰ ওপৰত বিশ্বাস ৰাখক আৰু নিজৰ ওপৰত বিশ্বাস কৰক। দেখিব সফলতাই আপোনাক অনুসৰণ কৰিব।
তাজাইয়ুন ওমৰৰ জীৱন হৈছে শক্তি, সহানুভূতি আৰু দূৰদৰ্শিতাৰ প্ৰতীক। তেওঁ গণবিবাহ, মহিলা উদ্যোগীকৰণ, বৃত্তি, অস্ত্ৰোপচাৰ আদিৰ জৰিয়তে সহস্ৰাধিক লোকক সহায় কৰি আহিছে। তেওঁ সমাজসেৱা আৰু মহিলাৰ নেতৃত্বক নতুনকৈ সংজ্ঞায়িত কৰিছে।
তেওঁৰ কাহিনীয়ে প্ৰতিফলিত কৰিছে যে, প্ৰকৃত পৰিৱৰ্তন ডাঙৰ কামৰ দ্বাৰা নহয়, বৰং এক সামঞ্জস্যপূৰ্ণ মানৱীয় স্পৰ্শৰ পৰা আহে। যিয়ে এটা সময়ত এটা পৰিয়াল, এটা শিশু আৰু এটা সপোনৰ জীৱনক পৰিৱৰ্তন কৰে। তাজাইয়ুন ওমৰ কেৱল এগৰাকী সমাজসেৱাকে নহয় বৰং তেওঁ এগৰাকী পৰিৱৰ্তনকাৰীও। তেওঁ কেৱল নেতৃত্ব নিদিয়ে, তেওঁ এখন সমাজক সুস্থ আৰু গঢ়ি তোলে। তেওঁ কেৱল প্ৰেৰণাই নিদিয়ে, তেওঁ ভৱিষ্যতো গঢ় দিয়ে।