দৌলত ৰহমান
দক্ষিণ অসমৰ হাইলাকান্দি জিলাৰ এজন লাজুকী আৰু বিনয়ী ল’ৰা ডাঃ মুস্তাফা এ বৰভূঞা। এতিয়া তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ যুৱকৰ বাবে প্ৰেৰণা হিচাপে পৰিগণিত হৈছে। আমেৰিকাৰ পেথ’লজীৰ শীৰ্ষ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত তেওঁ অন্যতম।
‘দ্য পেথ’লজিষ্ট পাৱাৰ লিষ্ট’ ২০২৪ত স্থান পোৱা ডাঃ মুস্তাফাই পেথ’লজীৰ ক্ষেত্ৰত উদ্ভাৱন, নেতৃত্বশৈলী, আৰু কৃতিত্ব প্ৰদৰ্শন কৰিছে। কিন্তু ডাঃ মুস্তাফাৰ এই সন্মানীয় পদবী লাভৰ যাত্ৰা ইমান সহজ নাছিল।
হাইলাকান্দি জিলাৰ এখন দুৰ্গম গাঁও বাহাদুৰপুৰৰ ছানাহৰ আলী মেম’ৰিয়েল হাইস্কুলত তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰ্যন্ত অধ্যয়ন কৰে। নব্বৈৰ দশকৰ আৰম্ভণিৰ সেই দিনবোৰত তেওঁৰ গাঁৱত বিদ্যুৎ নাছিল, গাড়ী-মটৰ চলিব পৰাকৈ কোন পকী পথৰো সুবিধা নাছিল।
‘হাইলাকান্দি চহৰত উচ্চ গণিত আৰু বিজ্ঞানৰ শ্ৰেণীত অংশগ্ৰহণ কৰিবলৈ মই মোৰ গাঁৱৰ পৰা বোকাময় পথেৰে চাইকেল চলাই গৈছিলোঁ। মই অসমৰ শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ত দ্বাদশ আৰু প্ৰাণীবিজ্ঞানত মেজৰ লৈ বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছিলো।’-আৱাজ দ্য ভইচক এইদৰে কয় ডাঃ মুস্তাফাই।
আন পেথ'লজিষ্টৰ সৈতে ডাঃ মুস্তাফা এ বৰভূঞা
তেওঁ গোৱালিয়ৰৰ জিৱাজী বিশ্ববিদ্যালয়ত জৈৱ ৰসায়নত স্নাতকোত্তৰ আৰু পি এইচ ডিৰ বাবে অধিক অধ্যয়ন কৰে। ইয়ে তেওঁক ক্লিনিকেল বায়’কেমিষ্ট আৰু মলিকুলাৰ বায়’লজিষ্ট হোৱাৰ পথ প্ৰশস্ত কৰে।
“এতিয়া ছানুহৰ আলী মেম’ৰিয়েল হাইস্কুল আৰু গুৰুচৰণ কলেজৰ প্ৰতিজন ছাত্ৰই ডাঃ মুস্তাফাক অনুসৰণ কৰিব বিচাৰে। মুস্তাফাই অধ্যয়ন কৰা প্ৰতিষ্ঠান দুখনৰ ছাত্ৰ-ছাত্ৰীয়ে সমাজৰ বাবে কিবা এটা ডাঙৰ কাম কৰাৰ সপোন পুহি ৰাখে। আমি ডাঃ মুস্তাফাৰ সৈতে যোগাযোগত আছো আৰু তেওঁ আমাক তেওঁৰ স্কুল আৰু কলেজলৈ গৈ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকক ডাঙৰ সপোন দেখাৰ বাবে অনুপ্ৰাণিত কৰিবলৈ আশ্বাস দিছে।"-ছানুহৰ আলী মেম’ৰিয়েল হাইস্কুলৰ এগৰাকী শিক্ষকে এইদৰে কয়।
উল্লেখ্য যে, ডাঃ মুস্তাফাই ২০১৩ চনৰ জুলাই মাহত মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ জিৱাজী বিশ্ববিদ্যালয়ত জৈৱ ৰসায়ন বিজ্ঞানত পি এইচ ডি সম্পূৰ্ণ কৰে। ২০১৩ চনৰ জুলাই মাহত তেওঁ আমেৰিকাৰ মেৰিলেণ্ডৰ বাল্টিমোৰৰ জনছ হপকিন্স স্কুল অৱ মেডিচিনলৈ গৈ এডভান্স পোষ্টডক্ট'ৰেল ট্ৰেইনিং গ্ৰহণ কৰে।
“মোৰ চূড়ান্ত লক্ষ্য আছিল ভাৰতলৈ উভতি আহি গৃহ ৰাজ্য অসমত ক্লিনিকেল বায়’কেমিষ্ট্ৰি আৰু মলিকুলাৰ ডায়েগনষ্টিকছৰ লেবৰেটৰী স্থাপন কৰা। কিন্তু জনছ হপকিন্সত পোষ্ট ডক্টৰেট প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছৰ পৰিস্থিতি আৰু ভাৰতলৈ উভতি আহি উপযুক্ত চাকৰি এটা নিশ্চিত নোহোৱাৰ বাবেই মোক আমেৰিকাত কামবোৰ কৰি যাবলৈ বাধ্য কৰালে। মই আমেৰিকাৰ পেনচিলভেনিয়াৰ হাৰ্শ্বিৰ পেন ষ্টেট কলেজ অৱ মেডিচিনত ক্লিনিকেল কেমিষ্ট্ৰী ফেল’শ্বিপ সম্পূৰ্ণ কৰিলোঁ আৰু এজন প্ৰেকটিচিং ক্লিনিকেল বায়’কেমিষ্ট আৰু ক্লিনিকেল লেবৰেটৰী ডাইৰেক্টৰ হও।"-তেওঁ কয়।
পৰিয়ালৰ সৈতে ডাঃ মুস্তাফা
ডাঃ মুস্তাফা বৰ্তমান আমেৰিকাৰ পশ্চিম মেছাচুচেটছত বেষ্টেট হেলথ পেথ’লজী সেৱাৰ ক্লিনিকেল কেমিষ্ট্ৰী আৰু পইণ্ট অৱ কেয়াৰ টেষ্টিং অপাৰেচন চোৱাচিতা কৰা ছেকচন মেডিকেল ডাইৰেক্টৰৰ পদত অধিষ্ঠিত। তেওঁ চিষ্টেম কনচালটেণ্ট হিচাপে ছাবস্পেচিএলিটী এলেকাত পৰীক্ষাগাৰৰ পৰীক্ষাৰ ব্যাখ্যাৰ সন্দৰ্ভত চিকিৎসক আৰু অন্যান্য স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলক ক্লিনিকেল পৰামৰ্শ প্ৰদান কৰে।
তেওঁ নিশ্চিত কৰে যে ক্লিনিকেল লেবৰেটৰীয়ে ৰোগীৰ বাবে সময়মতে আৰু সঠিক নিদান প্ৰদান কৰি কেইবাটাও আমেৰিকাৰ ফেডাৰেল আৰু স্থানীয় ৰাজ্যিক নিয়ম পূৰণ কৰে। বেষ্টেট হেল্থ পেথ’লজী অপাৰেচনৰ ভিতৰত ক্লিনিকেল কেমিষ্ট্ৰী আৰু পইণ্ট অৱ কেয়াৰ টেষ্টিং সেৱাৰ ক্লিনিকেল অপাৰেচনৰ ফলপ্ৰসূ ব্যৱস্থাপনা আৰু প্ৰশাসনৰ দায়িত্বত তেওঁ নিয়োজিত। তেওঁ ইউএমএছ চান মেডিকেল স্কুলৰ স্বাস্থ্যসেৱা প্ৰদান আৰু জনসংখ্যা বিজ্ঞান বিভাগৰ পেথ’লজীৰ সহকাৰী অধ্যাপক হিচাপেও কাম কৰে।
ডাঃ মুস্তাফাই আমেৰিকা আৰু ভাৰত দুয়োখন দেশতে ফাউণ্ডেশ্যন ফৰ এডভান্সমেণ্ট অৱ এচেন্সিয়েল ডায়েগনষ্টিকছ (Foundation for Advancement of Essential Diagnostics) নামৰ এটা বিশ্বব্যাপী অলাভজনক সংস্থা স্থাপন কৰিছে। তেওঁ কয়, "মোৰ পৰৱৰ্তী লক্ষ্য হৈছে মোৰ অলাভজনক ফাউণ্ডেশ্যনৰ কাৰ্য্যকলাপক বিশ্বৰ নিম্ন আৰু মধ্যম আয়ৰ দেশসমূহলৈ লৈ যোৱা আৰু স্থানীয়ভাৱে আমেৰিকাৰ অভাৱগ্ৰস্ত অঞ্চলত সেৱা আগবঢ়োৱা।"
সতীৰ্থৰ সৈতে ডাঃ মুস্তাফা
শৈক্ষিকভাৱে ডাঃ মুস্তাফাই তেওঁৰ আগ্ৰহৰ গৱেষণামূলক ক্ষেত্ৰসমূহ অব্যাহত ৰাখিবলৈ প্ৰচেষ্টা চলাইছে। তেওঁৰ গৱেষণাৰ প্ৰধান ক্ষেত্ৰসমূহ হ’ল পিত্তনলী (যকৃত আৰু পিত্তথলী)ৰ কৰ্কট ৰোগৰ ব্যৱস্থা অধ্যয়ন কৰা, নিদান আৰু চিকিৎসা আৱিষ্কাৰ কৰা।
ডাঃ মুস্তাফাৰ চূড়ান্ত লক্ষ্য হৈছে ভাৰত আৰু তেওঁৰ জন্মস্থানলৈ ঘূৰি আহি দৰিদ্ৰ আৰু আৰ্তজনক সেৱা আগবঢ়োৱা। "মোৰ সফলতা উত্তৰ-পূৰ্বাঞ্চলৰ বহুতৰে বাবে প্ৰেৰণা হিচাপে পৰিগণিত হোৱাটোৱে মোক অপৰিসীম আনন্দ দিয়ে। মই নিজকে বিনম্ৰ অনুভৱ কৰোঁ। ভাৰতৰ পৰা যিকোনো ব্যক্তিয়ে মোৰ দৰে একেধৰণৰ কেৰিয়াৰ গঢ়িবলৈ আমেৰিকালৈ আহিব বিচাৰিলে সহায় কৰিবলৈ মই সদায় সাজু আছো।"- ড০ মুস্তাফাই এইদৰে কয়।