প্ৰত্যাহ্বান নেওচি, নিজৰ ভাগ্য নিজেই লিখি বিপ্লৱৰ সূচনা কৰা কৰ্ণাটকৰ ১০ জন প্ৰেৰণাদায়ক ব্যক্তিত্ব

Story by  atv | Posted by  Munni Begum • 4 h ago
কৰ্ণাটকৰ ১০ জন প্ৰেৰণাদায়ক ব্যক্তিত্ব
কৰ্ণাটকৰ ১০ জন প্ৰেৰণাদায়ক ব্যক্তিত্ব
 
কৰ্ণাটক
 
বেংগালুৰুৰ প্ৰযুক্তিগত গৱেষণাগাৰৰ পৰা কুৰ্গৰ কফি বাগিচালৈকে, হাম্পিৰ প্ৰাচীন ধ্বংসস্তূপৰ পৰা মাইছুৰুৰ ব্যস্ত ৰাজপথলৈ -- বৰ্তমান কৰ্ণাটকত এক অপ্ৰতিৰোধ্য শক্তিৰ সোঁত বৈ আছে। ইয়াতেই ভাৰতৰ তথ্য-প্ৰযুক্তি বিপ্লৱৰ জন্ম হৈছিল, য'ত শাস্ত্ৰীয় কলা-কুশলীৰ সমান্তৰালভাৱে অত্যাধুনিক উদ্ভাৱনৰ প্ৰসাৰ ঘটিছিল আৰু ইয়াৰেই প্ৰতিখন জিলাই পৰিৱৰ্তনৰ কাহিনী বৰ্ণনা কৰি আহিছে।  
 
বহু কানাডিগাছে (কৰ্ণাটকত বাস কৰা লোক) সাম্ৰাজ্য গঢ়ি তুলিছে আৰু প্ৰশংসা লাভ কৰিছে। ইয়াৰ ভিতৰত এনে বহুলোক আছে যিসকলে আৰু অধিক আগবাঢ়ি গৈছে। তেওঁলোকে কেৱল সফল হোৱা নহয় বৰং তেওঁলোক কৰ্ণাটকৰ একো একোগৰাকী "পৰিৱৰ্তনকাৰী" হৈ পৰিছে। যিসকলে সকলো ধৰনৰ প্ৰত্যাহ্বান নেওচি, নিজৰ ভাগ্য নিজেই লিখিছে আৰু বিপ্লৱৰ সূচনা কৰিছে।  আজি এই প্ৰতিবেদনটিত কৰ্ণাটকৰ এনে দহগৰাকী ব্যক্তিত্বৰ বিষয়ে উল্লেখ কৰা হৈছে। যিসকলৰ সাহস আৰু দৃষ্টিভংগীয়ে ভৱিষ্যতক নতুন ৰূপ  প্ৰদান কৰিছে:  
 
১. ৰিফাহ টাস্কিন
 
মাইছুৰুৰ বাসিন্দা ১৫ বছৰীয়া ৰিফাহ টাস্কিন, যিগৰাকীয়ে মাত্ৰ ৩ বছৰ বয়সৰ পৰাই গাড়ীৰ ৰেচিং আৰম্ভ কৰিছিল। তেওঁৰ পিতৃ প্ৰাক্তন ৰেচাৰ তাজুদ্দিনে নিৰ্মাণ কৰা কাষ্টম গাড়ীৰে প্ৰথম ৰেচিং কৰা আৰম্ভ কৰিছিল। ৫ বছৰ বয়সত তেওঁ মাইছুৰুৰ পৰা বেংগালুৰুলৈ গাড়ী চলাই গৈছিল। ৭ বছৰ বয়সত তেওঁ স্কুলৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল আৰু গণৰাজ্য দিৱসৰ পেৰেডতো ভাগ লৈছিল।  
 
ৰিফাহ টাস্কিন
 
বিভিন্ন ধৰণৰ বাধা আৰু অবিশ্বাসৰ বিৰুদ্ধে যুঁজ দি তেওঁ ৭ টাকৈ বিশ্ব অভিলেখ (গোল্ডেন, এলিট, হাই ৰেঞ্জ, ইণ্ডিয়া, এছিয়া, ৱৰ্ল্ড ৱাইড আৰু ৱাণ্ডাৰ বুকছ) অৰ্জন কৰিবলৈ  সক্ষম হৈছে। ৰিফাহে বাইক, জেচিবি, ক্ৰেন, বাছ, টিপপাৰ, ৰোড ৰোলাৰ উপৰিও মাত্ৰ ৮ বছৰ বয়সতে বিমান উৰুৱাইছিল।  
 
ৰাজ্যিক পৰ্যায়ৰ বক্সিং পদক বিজয়ী আৰু কাৰাটে যুঁজাৰু ৰিফাহ ৫ বছৰ ধৰি মাইছুৰুৰ স্বচ্ছতাৰ এম্বেছাদৰ আৰু ৪ বছৰ ধৰি যক্ষ্মা ৰোগৰ ৰাজ্যিক যোদ্ধা আছিল। স্ব-পুঁজিৰে চলি থকা, বন্ধ কৰিব নোৱাৰা আৰু এছ এছ এল চিৰ পিছত আই এ এছৰ সপোন দেখা ৰিফাহে কেৱল অভিলেখ ভংগ কৰাই নহয়, অসম্ভৱৰ অৰ্থ কি সেয়াও পুনৰ সংজ্ঞায়িত কৰিছে।   
 
২. মুছতাক আহমেদ 
 
বেংগালুৰুত জন্মগ্ৰহণ কৰা এগৰাকী দূৰদৰ্শী ব্যক্তি হৈছে মুছতাক আহমেদ। তেওঁ যেতিয়া ডুবাইলৈ গৈছিল, তেতিয়া তেওঁৰ ওচৰত এটা মাত্ৰ সপোন আৰু সন্মুখত এখন মাত্ৰ বালিৰ পাহাৰ আছিল। তেওঁ ডুবাই আৰক্ষীৰ ফটোগ্ৰাফীৰ বিভাগত মুঠ ৪১ বছৰ (২০১৮লৈকে) সেৱা আগবঢ়াইছিল। আৰু এগৰাকী অবসৰপ্ৰাপ্ত প্ৰথম ৱাৰেণ্ট অফিচাৰে তেওঁৰ কেমেৰাৰ লেন্সত এখন সম্পূৰ্ণ দেশৰ উত্তৰণৰ ছবি বন্দী কৰি ৰাখিছিল। বুৰ্জ খলিফাৰ নির্মাণকালীন কাঠামো, ক্ৰেনৰ পৰা তোলা কাবাৰৰ দৃশ্য, শ্বেইখ মহম্মদৰ ১৯৭৯ চনৰ বিবাহ আৰু পবিত্ৰ মদিনাৰ অপূৰ্ব ছবি আদি সকলো আজিও তেওঁৰ কেমেৰাত অত্যন্ত মৰ্যাদাৰে সংৰক্ষিত হৈ আছে। 
 
মুছতাক আহমেদ
 
দলংবিহীন ডুবাইৰ ওপৰত হেলিকপ্টাৰ পৰা তোলা ছবিয়ে হওঁক বা শ্বেখ জায়েদ, লতা মংগেশকাৰ আৰু মহম্মদ ৰফিৰ দৰে বিশ্বখ্যাত ব্যক্তিৰ কাষত থিয় হৈ তোলা ছবিয়ে হওঁক, ৭৯ বছৰীয়া এই বুৰঞ্জীকাৰগৰাকীয়ে ক্ষন্তেকীয়া মুহূৰ্তক অনন্তকাললৈ ৰূপান্তৰিত কৰিছিল। তেওঁৰ নীৰৱ মন্ত্র হৈছে “সৰ্বশ্ৰেষ্ঠ ছবি এতিয়াও তুলিবলৈ বাকী।”
 
৩. তাজাইয়ুন ওমেৰ
 
সংসদ ভৱনত ভিৰৰ মাজেৰে যুঁজি ইন্দিৰা গান্ধীৰ অটোগ্ৰাফ লাভ কৰাৰ সময়ত তাজাইয়ুন ওমৰৰ বয়স আছিল মাত্ৰ ১৩ বছৰ, যিটো মুহূৰ্তই তেওঁক শিকাইছিল যে, নেতৃত্বৰ কোনো লিংগ নাথাকে। দেউতাকৰ কাপোৰৰ দোকানত সহায় কৰা কুট্চি মেমন ছোৱালী এজনীৰ পৰাই তেওঁ বেংগালুৰুৰ নিস্তব্ধ বিপ্লৱলৈ পৰিণত হৈছিল। 
 
১৯৯৯ চনত তেওঁ হিউমেন টাচ ট্ৰাষ্ট প্ৰতিষ্ঠা কৰিছিল। যিয়ে প্ৰতিবন্ধী শিশুৰ বাবে এশৰো অধিক সংশোধনী অস্ত্ৰোপচাৰ, আল-আজহাৰ স্কুল, ১,৭৫০ খন মৰ্যাদাপূৰ্ণ গণ বিয়া, দুই হাজাৰৰোধিক মুছলমান মহিলাক উদ্যোগীলৈ ৰূপান্তৰিত কৰা আৰু বাৰ্ষিক স্কলাৰশ্বিপেৰে প্ৰায় ৩০০ গৰাকী  যুৱতীৰ  কেৰিয়াৰৰ গঢ় দিছে। 
 
তাজাইয়ুন ওমেৰ
 
ছুলতান নাৰী শক্তি আৰু কৰ্ণাটকৰ ৰাইজিং বিয়ণ্ড দ্য চিলিং বঁটা লাভ কৰা  তাজাইয়ুনে প্ৰমাণ কৰিছে যে, মমতাৰে শতিকাজুৰি চলি অহা পৰম্পৰাক প্ৰত্যাহ্বান জনাই আগুৱাই যাব পাৰে। যি পৰম্পৰাই এসময়ত “এগৰাকী মহিলাৰ ঠাই” বুলি  কৈছিল, তাত তাজাইয়ুনে মহিলাৰ বাবে স্কুল, ব্যৱসায় গঢ়ি তুলিছিল।  তেওঁৰ  মতে, “আপুনি যেতিয়াই কোনো কাম কৰাৰ সিদ্ধান্ত লয়, পৰিৱৰ্তন সেই তেতিয়াৰ পৰাই আৰম্ভ হয়।" 
 
৪.মহম্মদ আলী 
 
মহম্মদ আলী খালিদ হৈছে ভাৰতৰ ব্ৰঞ্জ ৱল্ফ বঁটা প্ৰাপক। যি স্কাউটিংৰ সৰ্বোচ্চ আন্তৰ্জাতিক সন্মান। মহম্মদ আলী খালিদে ভাৰতৰ অন্যতম প্ৰভাৱশালী স্কাউট নেতা হিচাপে নিজৰ এক সুকীয় স্থান দখল কৰি আহিছে। তেওঁৰ চাৰি দশকৰ সেৱাই লাখ লাখ যুৱক-যুৱতীৰ জীৱন গঢ় দিছে। 
 
১৯৮০ চনৰ ৰাষ্ট্ৰীয় জাম্বোৰীত স্বেচ্ছাসেৱক হিচাপে কাম কৰাৰ পৰা ভাৰত স্কাউট আৰু গাইডৰ অতিৰিক্ত মুখ্য ৰাষ্ট্ৰীয় আয়ুক্ত হোৱালৈকে খালিদে বিশ্বব্যাপী অংশীদাৰিত্ব গঢ়ি তুলিছে। তেওঁ ২০১৭ চনৰ ৰাষ্ট্ৰীয় জাম্বোৰী আৰু ২০২২ চনৰ আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক জাম্বোৰীৰ দৰে ঐতিহাসিক অনুষ্ঠানৰ নেতৃত্ব দিছে। তেওঁ সমগ্ৰ এছিয়া-পেচিফিক অঞ্চলত স্কাউটিংক শক্তিশালী কৰি তুলিছে।
 
মহম্মদ আলী খালিদ
 
ভিজন ২০১৩ৰ আঁৰৰ এজন কৌশলগত চিন্তাবিদ আৰু এজন সন্মানীয় বিশ্ব কূটনীতিবিদ, খালিদৰ নিস্বাৰ্থ নেতৃত্ব, মেণ্টৰশ্বিপ আৰু  সেতু নিৰ্মাণে প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।
 
এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে ভিজন ২০১৩ৰ স্থপতিবিদ, ডব্লিউঅ'এছএম (WOSM)ৰ বিশ্বব্যাপী মাচুলৰ সহমতৰ দালাল, ছানছ (SAANSO)ৰ প্ৰতিষ্ঠাপক আৰু অসংখ্য যুৱ নেতাৰ পৰামৰ্শদাতা খালিদে ভাৰতক স্কাউটিংৰ সৰ্বাধিক সংযুক্ত শক্তিকেন্দ্ৰলৈ পৰিণত কৰিছে। ৭০ বছৰ বয়সত তেওঁ এতিয়াও বিশ্বজুৰি ২০% সদস্যপদ বৃদ্ধি আৰু  ৫০% যুৱ প্ৰতিনিধিত্বৰ বাবে হেঁচা প্ৰয়োগ কৰিছে।
 
৫. ৰহমত তাৰিকেৰে
 
ৰহমত তাৰিকেৰে ১৯৫৯ চনত তাৰিকেৰেৰ ছিনক্ৰেটিক পথত জন্মগ্ৰহণ কৰিছিল। য'ত হিন্দু আৰু মুছলমান লোকসকলে একেটা পথ আৰু একেটা কাহিনী  ভাগ-বতৰা কৰি ডাঙৰ-দীঘল হৈছিল। ১৯৯২ চনৰ বাবৰি মছজিদ ধ্বংসৰ ঘটনাই তেওঁক জোঁকাৰি গৈছিল: তেওঁ শুদ্ধ সাহিত্য সমালোচনা এৰি কৰ্ণাটকৰ জীৱন্ত বহুত্ববাদী পৰম্পৰা, চুফী সাধক, নাটপন্থী, শক্ত কবি আৰু যুগ যুগ ধৰি সম্প্ৰদায়সমূহক একত্ৰিত কৰা লোক মহৰমৰ আচাৰ-ব্যৱহাৰৰ সন্ধান কৰিছিল। 
 
ৰহমত তাৰিকেৰে
 
৩০ খন যুগান্তকাৰী গ্ৰন্থৰ লেখক, যাৰ ভিতৰত আছে চাৰিখন কৰ্ণাটক সাহিত্য অকাডেমী বঁটা প্ৰাপক গ্ৰন্থ আৰু ২০১০ চনত কেন্দ্ৰীয় সাহিত্য অকাডেমী বঁটা বিজয়ী গ্ৰন্থ কট্টিয়ানচিনা দাৰীও অন্তৰ্ভুক্ত। ২০১৫ চনত অসহিষ্ণুতা আৰু এম এম কলবুৰ্গীৰ হত্যাৰ প্ৰতিবাদত তেওঁ ৰাষ্ট্ৰীয় বঁটা ঘূৰাই দিছিল।  'মই পৰিৱৰ্তনকাৰী নহয়' বুলি জোৰ দিয়া এজন নম্ৰ অধ্যাপক তাৰিকেৰেই কৰ্ণাটকৰ আত্মাত বহুত্ববাদৰ সূত্ৰপাত ঘটাইছিল। 
 
৬. খুদছিয়া নাজিৰ
 
ভাৰতৰ আয়ৰণ লেডী খুদছিয়া নাজিৰে ১৯৮৭ চনত বাংগাৰপেটত জন্মগ্ৰহণ কৰিছিল। তেওঁ দুবছৰ বয়সতে মল্লযুঁজাৰু পিতৃক হেৰুৱাইছিল। এটা  ৰক্ষণশীল মুছলমান পৰিয়ালত  হতাশা আৰু উপহাসৰ মাজত ডাঙৰ-দীঘল হোৱা খুদচিয়াই  যন্ত্ৰণাক নিজৰ শক্তিলৈ ৰূপান্তৰিত কৰিছিল।
 
খুদছিয়া নাজিৰ
 
খুদছিয়াই চিজাৰিয়ানৰ পিছত ৩০০ কিলোগ্ৰাম ডেডলিফ্ট কৰি বিশ্ব অভিলেখ গঢ়িছিল (২০২২)। তাৰ পিছত তেওঁ এছিয়া পেচিফিক মাষ্টাৰ্ছ ২০২৩ (দক্ষিণ কোৰিয়া)ত তিনিটা স্বৰ্ণ পদক, এথেন্সত ৰূপৰ পদক, কমনৱেলথ (অষ্ট্ৰেলিয়া) আৰু জাৰ্মানীত স্বৰ্ণ পদক লাভ কৰি বিশ্বৰ মঞ্চত ধুমুহাৰ সৃষ্টি কৰিছিল। তেওঁ আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলনত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মুছলমান মহিলা।   
 
আৰক্ষীৰ তত্ত্বাৱধানত বোৰ্খা পিন্ধা পদযাত্ৰাৰ পৰা আৰম্ভ কৰি হাৰ্ভাৰ্ডৰ মঞ্চলৈ, খুদছিয়াই প্ৰমাণ কৰিছে যে, মাতৃত্বই শক্তিক বহুগুণে বৃদ্ধি কৰে। তেওঁৰ মন্ত্ৰ আছিল- শিক্ষা, খেলা-ধূলা আৰু নিজৰ ভাগ্য নিজে লিখা। এই আয়ৰন লেডীয়ে কেৱল ৰেকৰ্ড ভংগ কৰাই নহয়, তেওঁ মহিলাসকলৰ বাবে সকলো সীমা অতিক্ৰম কৰিছে। 
 
৭. ফৌজিয়া তাৰান্নুম
 
২০১৫ চনৰ বেট্‌চ আই এ এছ (এ আই আৰ ৩১) ফৌজিয়া তাৰান্নুমে কোনোধৰণৰ কোচিং নোলোৱাকৈ বেংগালুৰুৰ ৰাজহুৱা পুথিভঁৰালৰ পৰা প্ৰথম প্ৰচেষ্টাত ইউ পি এছ চি সফলতাৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈছিল আৰু আই আৰ এছৰ স্বৰ্ণ পদক লাভ কৰিছিল।
 
ফৌজিয়া তাৰান্নুম
 
তাৰান্নুমে 'কালাবুৰাগী ৰুট্টী'ৰ জৰিয়তে কালাবুৰাগীক ৰাষ্ট্ৰীয় মিলেট উৎপাদন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছিল। য'ত হাজাৰ হাজাৰ আত্মসহায়ক গোটৰ মহিলাক সৱলীকৰণ কৰা, জিলাসমূহক শীৰ্ষস্থানীয় এছএছএলচি পদলৈ উন্নীত কৰা হৈছে আৰু গ্ৰাম পঞ্চায়তৰ পুথিভঁৰালসমূহ পুনৰুজ্জীৱিত কৰিছিল। ইয়াৰোপৰি ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ভোটাৰ তালিকা প্ৰদান কৰাৰ বাবে ২০২৫ চনত ৰাষ্ট্ৰপতিৰ শ্ৰেষ্ঠ নিৰ্বাচনী প্ৰক্ৰিয়া বঁটাও লাভ কৰিছিল।
 
৩৬ বছৰীয়া এই নম্ৰ ডিচিগৰাকীয়ে ইছলামোফ’বিক অপমানৰ সন্মুখীন হৈছিল, যদিও তেওঁ কেৱল কামৰ জৰিয়তেহে উত্তৰ দিছিল। অস্থিৰ, সহানুভূতিশীল আৰু অতিশয় জন-কেন্দ্ৰিক ফৌজিয়াই  পৰিৱৰ্তনক লৈ চিঞৰ-বাখৰ কৰি নাথাকে, তেওঁ ইয়াক গঢ়ি তোলে।  
 
৮. জাফৰ মহিউদ্দিন 
 
ৰাইচুৰৰ ৰেডিঅ’ত মাৰ খোৱা এজন ল’ৰা জাফৰ মহিউদ্দিন। তেওঁ বিদ্যালয়ৰ দিনত আনৰ প্ৰেমপত্ৰ মনে মনে লিখি দিছিল। বাছযাত্ৰাত আৰ নাগেশে দিয়া এটি প্ৰশংসাক তেওঁ আজীৱন জীৱনৰ মঞ্চত পৰিণত কৰিছিল। ইউ পি এছ চি আৰু বায়ুসেনাৰ নিযুক্তি দুয়োটায় ত্যাগ কৰি তেওঁ ১৯৮৮ চনত 'কঠপুতলিয়াঁ থিয়েটাৰ গ্ৰুপ' স্থাপন কৰিছিল। পুতলা আৰু নাটকক তেওঁ সমাজত প্ৰচলিত কু-সংস্কাৰৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। 
 
জাফৰ মহিউদ্দিন
 
গিৰীশ কৰ্ণাডৰ 'টিপু চুলতান কে খোৱাব' (থিয়েটাৰ অলিম্পিক ২০১৮) অনুবাদ কৰাৰ পৰা আৰম্ভ কৰি 'জাবান মিলি হাই মাগৰ'নাটকদ্বাৰা উৰ্দু বিষয়ে প্ৰচলিত ভূল ধাৰণাক আতঁৰাইছিল। ২০২৫ চনৰ নৱেম্বৰ মাহত কৰ্ণাটকে তেওঁক ৰাজ্যোৎসৱ বঁটাৰে সন্মানিত কৰিছে।  
 
৯.মৌলানা ডাঃ মহম্মদ মাকছুদ ইমৰাণ ৰাছাদী 
 
বেংগালুৰুৰ জামিয়া মছজিদৰ অধ্যক্ষ তথা মুখ্য ইমাম মৌলানা ড° মহম্মদ মাকছুদ ইমৰাণ ৰাছাদীয়ে ১৮ মাহত কোৰাণ মুখস্থ কৰি উৰ্দু সাহিত্যত পি এইচ ডি লাভ কৰিছিল আৰু সংগ্ৰামী মাদ্ৰাছা এখনক ৪০০ জন বঞ্চিত ছাত্ৰ-ছাত্ৰীৰ বাবে ১০০% শক্তিকেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে। 
 
মৌলানা ডাঃ মহম্মদ মাকছুদ ইমৰাণ ৰাছাদী
 
তেওঁ সংঘৰ্ষ জগাই তুলিবলৈ নিক্ষেপ কৰা উত্তেজনাৰ পৰা আৰম্ভ কৰি ২০২৫ চনৰ “আই লাভ মহম্মদ” বেনাৰ সংকটক এক শান্ত ধৰ্মধ্বনিলৈ ৰূপান্তৰ কৰিছিল। তেওঁ হিংসা আৰম্ভ হোৱাৰ আগতেই ৰোধ কৰিবলৈ সক্ষম হৈছে। তেহৰাণত প্ৰচাৰ কৰা, ছৌদি ৰাজকীয়সকলক সাক্ষাৎ কৰা এগৰাকী পণ্ডিত মৌলানা মকছুদে প্ৰমাণ কৰিছে যে, ঐক্য বেনাৰেৰে নহয়, কৰ্মৰদ্বাৰাহে গঢ় লৈ উঠে।  
 
১০. ছৈয়দ নৱাজ মিফতাহি
 
 
সম্পূৰ্ণ দৃষ্টিশক্তিসম্পন্ন হোৱাৰ পাছতো ২০১১ চনত মুম্বাইত অন্ধ শিশুৱে কৰা কোৰাণ পাঠে ছৈয়দ নবাজ মিফতাহীৰ জীৱন সলনি কৰি দিছিল। সেই দিনাই তেওঁ এইসকল শিশুসকলৰ দৃষ্টিশক্তি হোৱাৰ প্ৰতিজ্ঞা কৰিছিল। তেওঁ সম্পূৰ্ণ ব্ৰেইল আয়ত্ত কৰিছিল। 

ছৈয়দ নৱাজ মিফতাহি
 
হায়দৰাবাদৰ পৰা কাশ্মীৰলৈকে তেওঁৰ মডেলে এনে শিক্ষকক প্ৰশিক্ষণ দিয়ে, যিসকল এসময়ত তেওঁৰ ছাত্ৰ আছিল। ২০২৫ চনৰ নৱেম্বৰ মাহত তেওঁ উমাং ফাউণ্ডেশ্যন আৰম্ভ কৰিছিল। যি সাতজন  দৃষ্টিহীন ট্ৰাষ্টী আৰু এগৰাকী সাহসী দৃষ্টিসম্পন্ন যুৱতীয়ে পৰিচালনা কৰে। ইয়াত যিকোনো ধৰ্ম বা জাতিৰ প্ৰতিজন দৃষ্টিহীন ব্যক্তিয়ে বিনাদ্বিধাই কোৰাণ, কম্পিউটাৰ আৰু আত্মনিৰ্ভৰশীলতাক অধ্যয়ন কৰিব পাৰে।