ডাঃ ফিৰদৌছ খান
হাৰিয়ানাৰ মেৱাট অঞ্চলত যি সময়ত অধিকাংশ মানুহেই নিজৰ কন্যাৰ শিক্ষাৰ কথা ভাবিবলৈও ভয় কৰিছিল। সেই সময়ত নুহ জিলাৰ চাণ্ডেনী গাঁৱৰ মুমতাজ খানে প্ৰমাণ কৰি দেখুইছে যে, ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা যিকোনো প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰি। তেওঁ কেৱল ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাই নহয়, তেওঁ গণসংযোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি নিজৰ অঞ্চলৰ মহিলাসকলৰ বাবে নতুন পথ মুকলি কৰি দিছে। আজি তেওঁ মেৱটৰ পৰিচয় তথা কণ্ঠ হৈ পৰিছে।
মুমতাজ খানৰ জীৱন আৰম্ভণিৰ পৰাই সংগ্ৰাম আৰু প্ৰেৰণাৰে ভৰা আছিল। তেওঁৰ শৈশৱৰ অভিজ্ঞতা আৰু পাৰিবাৰিক পৰিৱেশে তেওঁক সমাজৰ প্ৰতি সংবেদনশীল আৰু দায়বদ্ধ কৰি তুলিছিল। সৰুৰে পৰাই তেওঁ বিভিন্ন মঞ্চত মেৱাটৰ জনসাধাৰণৰ সমস্যা আৰু মহিলাসকলৰ শিক্ষাৰ বাবে মাত মাতি আহিছিল। তেওঁৰ সামাজিক দায়বদ্ধতাই তেওঁক আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানিত কৰিছিল।
তেওঁ কেৱল ৰাজহুৱা আন্দোলনতে সক্ৰিয় হৈ থকা নাছিল, সংবাদ মাধ্যমৰ যোগেদিও মেৱাটৰ কণ্ঠ প্ৰচাৰ কৰি আহিছিল। মুমতাজ খান বৈদ্যুতিন মাধ্যমৰ সৈতে জড়িত আৰু বহু বছৰ ধৰি ৰাষ্ট্ৰীয় আৰু আঞ্চলিক নিউজ চেনেলত কাম কৰি আহিছে। তেওঁ এগৰাকী নিউজ এংকৰ হিচাপে নিজৰ পৰিচয় গঢ়ি তুলিছিল আৰু এতিয়া তেওঁ "খাব্ৰেই অভি টক" চেনেলৰ উপ সম্পাদক আৰু প্ৰধান মুখ হিচাপে কাম কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ ৫ বছৰ ধৰি জি চালাম চেনেলত মুখ্য এংকৰ আছিল আৰু অনুষ্ঠান, বিতৰ্ক, সাক্ষাৎকাৰ আদিৰ আয়োজন কৰিছিল।
এটা অনুষ্ঠান পৰিচালনা কৰি থকা অৱস্থাত মুমতাজ খান
মুমতাজ খানে কয় যে, তেওঁৰ সামাজিক প্ৰফাইল সৰুৰে পৰাই গঢ় লৈ উঠিছিল। তেওঁ সমাজ সেৱাৰ সৈতে জড়িত আছিল আৰু বিভিন্ন আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে। মেৱাটক জিলা হিচাপে গঢ়ি তোলাৰ আন্দোলনৰ পৰা আৰম্ভ কৰি কৃষকৰ অধিকাৰ, শিক্ষা, স্বাস্থ্য আৰু কৰ্মসংস্থাপনৰ দৰে গুৰুত্বপূৰ্ণ বিষয়লৈকে তেওঁ নিৰন্তৰভাৱে নিজৰ ভূমিকা পালন কৰি আহিছে।
উল্লেখযোগ্য যে, মেৱাটক জিলা হিচাপে গঢ়ি তোলাৰ প্ৰক্ৰিয়াটো দীৰ্ঘদিন ধৰি চলিছিল। ২০০৪ চনৰ ২ অক্টোবৰত তদানীন্তন মুখ্যমন্ত্ৰী ওমপ্ৰকাশ চৌটালাই মেৱাটক এখন জিলা হিচাপে ঘোষণা কৰে আৰু 'সত্যমেৱপুৰম' নামেৰে ইয়াৰ নামাকৰণ কৰিছিল। অৱশ্যে স্থানীয় ৰাইজে এই নামটো অদ্ভুত বুলি বিবেচনা কৰিছিল। কিন্তু জিলা গঠন হোৱাটো এটা আনন্দৰ বিষয় আছিল। পিছলৈ ২০০৫ চনৰ ৪ এপ্ৰিলত কংগ্ৰেছ চৰকাৰে ইয়াক জিলা হিচাপে ঘোষণা কৰিছিল আৰু ২০১৬ চনৰ এপ্ৰিলত ইয়াৰ নাম সলনি কৰি 'নুহ' ৰখা হৈছিল।
মুমতাজ খানে তেওঁৰ কেৰিয়াৰক লৈ কয় , এইটো তেওঁৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান আছিল। সেই সময়ত মেৱাটত কন্যাৰ শিক্ষা কোনো সাধাৰণ কথা নাছিল আৰু বৈদ্যুতিন মাধ্যমক কেৰিয়াৰ হিচাপে বাছনি কৰাটো আৰু কঠিন আছিল। তেওঁৰ পিতৃ-মাতৃ আখতাৰ হুছেইন আৰু শ্বেহনাজ হুছেইনে তেওঁৰ সপোনক সদায়ে সমৰ্থন কৰিছিল আৰু তেওঁৰ স্বামী শ্বাৰফৰাজ খানেও তেওঁক আগুৱাই যোৱাৰ বাবে উৎসাহিত কৰিছিল।
নিজৰ কাৰ্যালয়ত মুমতাজ খান
তেওঁ লগতে কয় যে, এগৰাকী কন্যা হিচাপে তেওঁ তেওঁৰ অঞ্চলৰ মানুহৰ পৰা বহু সন্মান আৰু মৰম লাভ কৰিছিল। পুত্ৰ বা কন্যা হোৱাটো তেওঁৰ বাবে কেতিয়াও প্ৰত্যাহ্বানমূলক বিষয় নাছিল, বৰঞ্চ গৌৰৱৰহে বিষয় আছিল। তেওঁ সদায় নিজৰ পৰিয়ালৰ সহযোগিতা আৰু জনসাধাৰণৰ আশীৰ্বাদত নিজৰ অঞ্চলৰ উন্নয়নৰ হকে কাম কৰি আহিছে। ইয়াৰ বাবে তেওঁৰ পিতৃ, মাতৃ, স্বামী আৰু পুত্ৰ আদিল খান তেওঁৰ শক্তি আৰু প্ৰেৰণাৰ উৎস।
অসাধাৰণ কাম আৰু সমাজসেৱাৰ বাবে মুমতাজ খানক বহু বঁটাৰে সন্মানিত কৰা হৈছে। ইয়াৰ ভিতৰত আছে মেৱাট ৰত্ন বঁটা, মেৱাট গৌৰৱ বঁটা, মহিলা সৱলীকৰণ বঁটা, মেৱাটক জিলা হিচাপে গঢ়ি তোলাৰ বাবে বঁটা, কাল্কি গৌৰৱ বঁটা, ফেচটাইমৰ শ্ৰেষ্ঠ সাংবাদিক বঁটা আৰু ৰোল মডেল ফৰ গাৰ্লছ বঁটা।
তেওঁৰ মতে, ছোৱালীসকলে তেওঁলোকৰ সপোন বাস্তৱায়িত কৰিবৰ বাবে প্ৰথমে শিক্ষা আহৰণ কৰিব লাগিব। তেতিয়াহে তেওঁলোকে নিজৰ কেৰিয়াৰ গঢ় দিব পাৰিব।
আত্মনিৰ্ভৰশীল হ'বলৈ ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰম আৰু পৰিয়ালৰ সহযোগিতা অতি প্ৰয়োজনীয়। তেওঁ কয় যে, ঘৰৰ বাহিৰৰ পৃথিৱীখন প্ৰত্যাহ্বানৰে ভৰি আছে। কিন্তু সাহস থাকিলে কোনো লক্ষ্যই অসম্ভৱ নহয়। এগৰাকী শিক্ষিত ছোৱালীয়ে কেৱল নিজৰ জীৱনটোক উন্নত কৰাই নহয়, বৰঞ্চ নিজৰ পৰিয়াল আৰু সন্তানসকলৰ বাবেও পথ প্ৰদৰ্শনৰ উৎস হৈ পৰে।
জনসেৱাৰ অনুপ্ৰেৰণা সম্পৰ্কে মুমতাজ খানে কয় যে, এই অনুপ্ৰেৰণা তেওঁ তেওঁৰ পৰিয়ালৰ পৰাই লাভ কৰিছিল। তেওঁৰ ককাক আৰু পিতৃ-মাতৃয়ে সমাজৰ দুখ-দুৰ্দশাৰ বুজ লৈছিল আৰু সদায়ে আনক সহায় কৰিছিল। সংবাদ মাধ্যমৰ ক্ষেত্ৰতো তেওঁ অ'প্ৰা উইনফ্ৰেৰ পৰাও যথেষ্ট প্ৰেৰণা লাভ কৰিছিল। যিয়ে নিজৰ জীৱন সংগ্ৰামৰ মাজেৰে বিশ্বত নিজৰ পৰিচয় দাঙি ধৰিছিল। অ'প্ৰাই তেওঁৰ টক শ্ব' "দ্য অ'প্ৰা উইনফ্ৰে শ্ব'ত মানুহৰ সমস্যা আৰু সংগ্ৰামৰ বিষয়ে আলোকপাত কৰি আহিছে আৰু তেওঁলোকক নতুন দিশ প্ৰদান কৰি আহিছে।
মুমতাজ খানৰ কাহিনীটোৱে প্ৰমাণ কৰে যে, যদি সাহস, কঠোৰ পৰিশ্ৰম আৰু সঠিক পথ প্ৰদৰ্শন থাকে, তেন্তে কোনো ছোৱালীৰ বাবে অসম্ভৱ বুলি একো নাথাকে। তেওঁ মেৱাটৰ কন্যাসকলৰ বাবে নতুন পথ মুকলি কৰিছিল, সমাজত মহিলাসকলৰ স্থিতি উন্নত কৰাৰ বাবে কাম কৰিছিল আৰু সংবাদ মাধ্যমৰ ক্ষেত্ৰতো নিজৰ সুকীয়া পৰিচয় দাঙি ধৰিছিল। তেওঁৰ জীৱনটোৱে এই বাৰ্তা প্ৰদান কৰিছে যে, ইচ্ছাশক্তি, ধৈৰ্য, কঠোৰ পৰিশ্ৰম আৰু পৰিয়ালৰ সমৰ্থনেই হৈছে, যিকোনো প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ সৰ্বশ্ৰেষ্ঠ শক্তি।
আজি মুমতাজ খান কেৱল মেৱাটৰেই নহয়, নিজৰ সপোন বাস্তৱায়িত কৰিব বিচৰা প্ৰতিগৰাকী ছোৱালীৰে প্ৰেৰণাৰ উৎস। তেওঁৰ জীৱন সংগ্ৰাম, সফলতা আৰু সেৱাৰ এক অনন্য উদাহৰণ। যিয়ে প্ৰমাণ কৰিছে যে, ইচ্ছা আৰু কঠোৰ পৰিশ্ৰমৰ সৈতে কোনো লক্ষ্যই অসম্ভৱ নহয়।