দুই ভৰি হেৰুৱাইও সাঁতোৰ খেলত বহু অভিলেখ ভংগ কৰিলে শ্বেমছ আলমে

Story by  atv | Posted by  [email protected] • 1 d ago
পেৰা এথলিট শ্বেমছ আলম
পেৰা এথলিট শ্বেমছ আলম
 
অৰ্চলা খান
 
বিহাৰৰ এগৰাকী যুৱক, যিগৰাকীয়ে প্ৰমান কৰি দিলে যে সাহস আৰু মনোবল থাকিলে বিশ্ব জয় কৰিব পাৰি। কিয়নো কিছু বছৰ পূৰ্বে মেৰুদণ্ডত টিউমাৰ ধৰা পৰাৰ পিছত পক্ষাঘাতগ্ৰস্ত হৈ তেওঁৰ শৰীৰৰ তলৰ অৰ্ধেক অংশ অজ্ঞান হৈ পৰিছিল। কিন্তু তেওঁ হতাশ হোৱাৰ পৰিৱৰ্তে  দৃঢ়তাৰে জীৱন যুদ্ধত আগবঢ়াৰ সিদ্ধান্ত লয় আৰু সাঁতোৰৰ প্ৰতি থকা প্ৰেমৰ জৰিয়তে নিজকে এজন পেৰা-ছুইমাৰ হিচাপে আত্মপ্ৰকাশ কৰে আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত চমকপ্ৰদ প্ৰদৰ্শনেৰে কেইবাটাও অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ নাম হৈছে শ্বেমছ আলম।
 
বিহাৰৰ এই প্ৰতিভাৱান যুৱক শ্বেমছ আলম সম্প্ৰতি দেশৰ এজন পৰিচিত ক্ৰীড়াবিদ। কিছু বছৰ পূৰ্বে যেতিয়া তেওঁৰ মেৰুদণ্ডত টিউমাৰ ধৰা পৰিছিল, তেতিয়া চিকিৎসকে তেওঁক আশ্বস্ত কৰি কৈছিল যে, তেওঁ কেইটামান সপ্তাহৰ পিছত পুনৰ খোজকাঢ়িব পাৰিব। কিন্তু সেই দিনটো শ্বেমছৰ জীৱনলৈ কেতিয়াও নাহিল। কিয়নো পক্ষাঘাতৰ ফলত তেওঁৰ শৰীৰৰ তলৰ অৰ্ধেক অংশ অজ্ঞান হৈ পৰিল আৰু এয়াই আছিল তেওঁৰ বাবে এটা জীৱন সলনি কৰা মুহূৰ্ত।
 
পিতৃ মহম্মদ নাচিৰ আৰু মাতৃ ছাকিলা বানুৰ সৈতে শ্বেমছ আলম
 
কিন্তু হতাশ হোৱাৰ পৰিৱৰ্তে আজি শ্বেমছ আলম এগৰাকী সফল পেৰা-ছুইমাৰ। তেওঁ কেৱল বিহাৰতে নহয়, সমগ্ৰ ভাৰত আৰু বিশ্বতে সুনাম অৰ্জন কৰিছে।  ১৯৮৬ চনৰ ১৭ জুলাইত বিহাৰৰ মধুবনীৰ ৰাথোছ গাঁৱত জন্মগ্ৰহণ কৰা শ্বেমছ হৈছে মহম্মদ নাছিৰৰ পুত্ৰ। সৰুৰে পৰাই তেওঁ পানী ভাল পাইছিল। তেওঁৰ মাতৃ শ্বাকীলা খাতুনে পুত্ৰৰ সাঁতোৰৰ প্ৰতি থকা আকৰ্ষণক সদায় সমৰ্থন কৰিছিল। পিছত পৰিয়ালটোৱে তেওঁক উন্নত সুযোগৰ বাবে মুম্বাইলৈ পঠিয়াবলৈ সিদ্ধান্ত লৈছিল।
 
মুম্বাইত শ্বেমছে চৰকাৰী বিদ্যালয়ত যোগদান কৰি পঢ়াৰ লগতে সমৰকলা শিকিবলৈ আৰম্ভ কৰিছিল। তেওঁ সমৰকলা ক্ষেত্ৰখনত বহুত ভাল প্ৰদৰ্শন কৰিছিল আৰু বহু পদক লাভ কৰিছিল। তেওঁ এছিয়ান গেমছৰ বাবে এজন প্ৰবল আশাবাদী খেলুৱৈ হৈ পৰিছিল। সাঁতোৰ আৰু সমৰকলাই তেওঁক অনুশাসন আৰু উদ্দেশ্যবোধৰ জ্ঞান প্ৰদান কৰিছিল।
 
এনেতে এদিন নিয়মীয়া প্ৰশিক্ষণৰ সময়ত তেওঁৰ পিঠিত প্ৰচণ্ড বিষ অনুভৱ হৈছিল, যিটো ক্ৰমান্বয়ে বাঢ়ি গৈ আছিল। চিকিৎসকৰ ওচৰলৈ যোৱাৰ পিছত তেওঁৰ মেৰুদণ্ডত এটা টিউমাৰ পোৱা যায়। ইয়াৰ চিকিৎসাৰ বাবে অস্ত্ৰোপচাৰেই আছিল তেওঁৰ সন্মুখত একমাত্ৰ বিকল্প।
 
প্ৰশিক্ষক ৰাজা ৰাম ঘাগৰ সৈতে শ্বেমছ আলম
 
'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক বাৰ্তালাপত শ্বেমছে কয়, “মোৰ মা মোৰ সমৰ্থক হৈ পৰিল। সেই কঠিন সময়ত মোৰ বৃদ্ধা মায়ে মোক এনেকুৱা এটা কথা কৈছিল, যিটো মই চিৰদিন মনত থাকিব। তেওঁ কৈছিল- পুত্ৰ যেতিয়া এখন দুৱাৰ বন্ধ হয়, তেতিয়া আল্লাহে দহখন দুৱাৰ তোমাৰ বাবে মুকলি কৰি দিয়ে।” তেওঁৰ এই কথাই শ্বেমছক যথেষ্ট শক্তি দিছিল। দুখ অনুভৱ কৰাৰ পৰিৱৰ্তে শ্বেমছে নিজৰ সকলো শক্তি সাঁতোৰত কেন্দ্ৰীভূত কৰিলে।
 
তেওঁ এছিয়ান গেমছত খেলাৰ সপোন ত্যাগ কৰি চিকিৎসালয়ৰ বিচনাত পৰি অস্ত্ৰোপচাৰৰ বাবে সাজু হ’বলগীয়া হৈছিল। শ্বেমছৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হ’ল যদিও শৰীৰৰ তলৰ অংশটো পক্ষাঘাতগ্ৰস্ত হৈ থাকিল। চিকিৎসকে কৈছিল যে, দুসপ্তাহৰ পৰা তিনিসপ্তাহৰ পিছত হয়তো তেওঁ আকৌ খোজ কাঢ়িব, কিন্তু সেয়া কেতিয়াও সম্ভৱ হৈ নুঠিল। দ্বিতীয়বাৰৰ বাবে অস্ত্ৰোপচাৰ কৰা হ’ল, আৰু ইয়াৰ পৰা নিশ্চিত হ’ল যে, তেওঁৰ পক্ষাঘাত ভাল নহয়, ই চিৰদিন তেওঁৰ সৈতে থাকিব।
 
আইচলেণ্ডত ভাৰতীয় ৰাষ্ট্ৰদূত আৰ ৰবিন্দ্ৰন আৰু তেওঁৰ পত্নীৰ সৈতে শ্বেমছ আলম
 
শ্বেমছে নিজৰ এই অক্ষমতাক দূৰ্বলতা হিচাপে গ্ৰহণ কৰা নাছিল। তেওঁ শক্তিশালী প্ৰত্যাৱৰ্তন কৰিছিল। ২০১৭ চনত তেওঁ মুকলি সাগৰত মাত্ৰ ৪ ঘণ্টা ৪ মিনিটত ৮ কিলোমিটাৰ সাঁতুৰি বিশ্ব অভিলেখ গঢ়িছিল, যিটো মুকলি পানীত পেৰাপ্লেজিকে সাঁতুৰি যোৱা সবাতোকৈ দীঘলীয়া দূৰত্ব।
 
২০১৯ চনৰ ২০ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ পোলেণ্ডত অনুষ্ঠিত হোৱা পোলেণ্ড অপেন ছুইমিং চেম্পিয়নশ্বিপৰ ছটা ইভেণ্টত তেওঁ অংশগ্ৰহণ কৰিছিল। ইয়াৰে ৫০ মিটাৰ বাটাৰফ্লাই আৰু ১০০ মিটাৰ ব্ৰেষ্টষ্ট্ৰ’ক ইভেণ্টত জয়লাভ কৰি দিব্যাংগ সাঁতোৰবিদজনে ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল আৰু নিজকে শ্ৰেষ্ঠ পেৰা-ছুইমাৰ হিচাপে প্ৰমাণ কৰিছিল।
 
সাঁতোৰৰ জগতত চমকপ্ৰদ সাফল্যৰ বাবেই বিহাৰ নিৰ্বাচন আয়োগে তেওঁক তেওঁলোকৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিৰ্বাচিত কৰিছিল। তেওঁৰ সফলতাত ডাঙৰ ভূমিকা লোৱাৰ বাবে শ্বেমছে সদায় তেওঁৰ প্ৰশিক্ষক ৰাজা ৰাম ঘগক কৃতিত্ব দিয়ে। বিহাৰ চৰকাৰৰ ক্ৰীড়া বিভাগেও তেওঁক বিহাৰ টাস্ক ফ’ৰ্চৰ সদস্য কৰি লয়। ২০১৮ চনত শ্বেমছে বিহাৰ খেলৰত্ন বঁটা লাভ কৰে। ২০১৯ চনত তেওঁক কৰ্ণ আন্তঃৰাষ্ট্ৰীয় বঁটাৰে (Karn International Award) সন্মানিত কৰা হয়।
 
মিউজিক মেষ্ট্ৰ' এ আৰ ৰেহমানৰ সৈতে শ্বেমছ আলম (বাওঁফালে) আৰু আইচলেণ্ডত অনুষ্ঠিত ৰেইকজাভিচ গেমছত শ্বেমছ আলম (সোঁফালে)
 
শ্বেমছে কয়, “শাৰিৰীক অক্ষমতাৰ পিছত মোৰ জীৱনত বহু কথা সলনি হ’ল। মই এতিয়া বিশেষভাৱে সক্ষম লোকসকলক বেলেগ দৃষ্টিৰে চাও।”
 
উল্লেখ্য যে, নিজৰ সংগ্ৰামৰ পৰা অনুপ্ৰাণিত হৈ শ্বেমছ আলমে মুম্বাইত “পেয়াৰ ছাপৰ্ট এছ’চিয়েচন” আৰম্ভ কৰে। এতিয়া ই এটা পঞ্জীয়নভুক্ত গোট যিয়ে বিশেষভাৱে সক্ষম লোকসকলক ক্ৰীড়াত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাত সহায় কৰে।
 
শ্বেমছ আলমৰ জীৱন হৈছে সংগ্ৰাম, আশা আৰু সফলতাৰ এক শক্তিশালী কাহিনী। বিহাৰৰ এখন সৰু গাঁৱৰ পৰা সাঁতোৰবিদ হিচাপে কেৰিয়াৰ আৰম্ভ কৰি তেওঁ পেৰা স্প’ৰ্টছত জাতীয় নায়ক হৈ পৰে। কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ জৰিয়তে তেওঁ সমগ্ৰ দেশত খ্যাতি লাভ কৰাই নহয়, ভাৰতৰ পেৰা এথলীটসকলৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
 
তেওঁৰ এই যাত্ৰাই প্ৰমাণ কৰে যে, শাৰীৰিক প্ৰত্যাহ্বানে কোনো সপোনক ৰোধ কৰিব নোৱাৰে। অনুশাসন আৰু সাহসেৰে শ্বেমছে প্ৰতিটো প্ৰত্যাহ্বানক  আগুৱাই যোৱাৰ সুযোগলৈ ৰূপান্তৰিত কৰিছে। শ্বেমছ আলম আৰু মোহিতৰ দৰে খেলুৱৈসকলে বিহাৰৰ পেৰা স্প’ৰ্টছ জগতখনলৈ নতুন সন্মান আৰু গৌৰৱ কঢ়িয়াই আনিছে। তেওঁলোকৰ কাহিনীয়ে দেখুৱাইছে যে, প্ৰতিভা সকলোতে আছে— ইয়াৰ বাবে মাত্ৰ সমৰ্থন আৰু সুযোগৰ প্ৰয়োজন।
 
গোৱাত অনুষ্ঠিত ২৪ সংখ্যক ৰাষ্ট্ৰীয় পেৰা ছুইমিং চেম্পিয়নশ্বিপত শ্বেমছে সোণ, ৰূপ, ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। এইদৰে তেওঁ আকৌ এবাৰ বিহাৰ আৰু ভাৰতক গৌৰৱান্বিত কৰিলে। তেওঁৰ জীৱনে আমাক শিকাইছে যে দৃঢ় বিশ্বাস, কঠোৰ পৰিশ্ৰম আৰু সাহসেৰে যিকোনো সপোন বাস্তৱায়িত হ’ব পাৰে। শ্বেমছে কেৱল জীৱনৰ কঠিন ঢৌৰ বিপৰীতে সাঁতুৰি যোৱা নাছিল, তেওঁ এই ঢৌত নিজকে আগুৱাই লৈ যোৱাৰ বাবে এক মশৃণ পথৰ সৃষ্টি কৰিছে।


শেহতীয়া খবৰ