বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ আৰণ্যকৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৈতে আৰণ্যকে বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ এক মূহুৰ্ত
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৈতে আৰণ্যকে বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ এক মূহুৰ্ত
গুৱাহাটী
 
আৰণ্যকে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ (বি ইউ) সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। বৃহস্পতিবাৰে গুৱাহাটীত থকা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ  গৱেষণা কাৰ্যালয়ৰ অসমৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়নত এই চুক্তি স্বাক্ষৰ কৰা হয়। 
 
বুজাবুজি চুক্তিখন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য অধ্যাপক লাইশ্ৰাম লাডু সিঙ আৰু ড০ বিভব কুমাৰ তালুকদাৰ, আৰণ্যকৰ মহাসচিব আৰু মুখ্য কাৰ্যবাহী বিষয়াই স্বাক্ষৰ কৰিছে।  
 
বহুমুখী কাম কৰাৰ বাবে, দুয়োটা প্ৰতিষ্ঠানৰ বিভিন্ন গৱেষণা বিভাগৰ কাম কৰা, জৈৱ বৈচিত্ৰ্যৰ বাবে বৈজ্ঞানিক গৱেষণা, শিক্ষা আৰু প্ৰসাৰৰ লগতে মানৱ সম্পদ বিকাশ, উত্তৰ-পূব ভাৰতত সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষাৰ বাবে এই বুজাবুজি চুক্তিয়ে যুটীয়াভাৱে সহায় কৰিব।  
আনহাতে, ১৯৮৯ চনত, আৰণ্যকে বন্যপ্ৰাণী আৰু তেওঁলোকৰ বাসস্থান আৰু ওচৰত বাস কৰা প্ৰান্তীয় সম্প্ৰদায়ৰ জীৱিকা বিকাশ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য বিষয়ে বিভিন্ন গৱেষণা আৰু সংৰক্ষণৰ বাবে কাম কৰা আৰম্ভ কৰিছিল। ২০০৬ চনত ভাৰত চৰকাৰে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা বিভাগৰ (ডি এছ আই আৰ) দ্বাৰা গৱেষণা সংস্থা (এছ আই আৰ ও), বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে আৰণ্যকক বৈজ্ঞানিক আৰু ঔদ্যোগিক হিচাপে স্বীকৃতি দিছিল।  
বুজাবুজি চুক্তি স্বাক্ষৰ আৰু বিনিময় কৰাৰ আগতে, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য বিশ্ববিদ্যালয় আৰু আৰণ্যকৰ মাজত বিবিধ বহুমুখী বৈজ্ঞানিক গৱেষণা, প্ৰসাৰ আৰু শিক্ষা, লগতে মানৱ সম্পদ পৰিৱেশ সংৰক্ষণ আৰু অঞ্চলটোৰ অন্যান্য বিস্তৃত দিশৰ বিকাশ আৰু অনুসৰণ কৰাৰ বাবে সহযোগিতামূলক প্ৰচেষ্টাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে।  
 
ডঃ বিভব কুমাৰ তালুকদাৰে আশা প্ৰকাশ কৰিছে যে, উদীয়মান শিক্ষাৰ্থী সৃষ্টিৰ বাবে বুজাবুজি চুক্তিৰ সম্ভাৱ্য প্ৰভাৱৰ বিষয়ে তেওঁ আশাবাদী। এই চিক্তিয়ে গৱেষকসকলে জৈৱ বৈচিত্ৰ্যৰ বিভিন্ন ক্ষেত্ৰত গৱেষণা আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। বিভিন্ন অংশীদাৰসকলৰ মাজত পৰিৱেশ, জলবায়ু পৰিৱৰ্তন প্ৰশমন আৰু সজাগতাও সৃষ্টি কৰিব।  
 
বুজাবুজি চুক্তিৰৰ স্বাক্ষৰৰ বৈঠকত বিশ্ববিদ্যালয়ৰ কেইবাজনো জ্যেষ্ঠ বিশিষ্ট বিষয়া, আৰণ্যকৰ বিজ্ঞানীসকলৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বীসকল ড০ দিলীপ চেত্ৰী, ড০ বিভূতি প্ৰসাদ লহকৰ, শ্ৰীযুত উদয়ন বৰঠাকুৰ আৰু কেইবাজনো কেধৰি মঞ্চ অন্যান্য বিষয়াসকল উপস্থিত আছিল।