ৰাজ্যৰ ৫ স্থানত অনুষ্ঠিত হব অসম গ্ৰন্থমেলা

Story by  atv | Posted by  Munni Begum • 1 Years ago
ৰাজ্যৰ ৫ স্থানত অনুষ্ঠিত হব অসম গ্ৰন্থমেলা
ৰাজ্যৰ ৫ স্থানত অনুষ্ঠিত হব অসম গ্ৰন্থমেলা
গুৱাহাটী 
 
ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম গ্ৰন্থমেলাৰ আয়োজন কৰিছে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই। এইবাৰ ধেমাজিৰ পৰা আৰম্ভ হ'ব অসম গ্ৰন্থমেলাৰ। ধেমাজিকে ধৰি নলবাৰী, যোৰহাট, গুৱাহাটী আৰু বঙাইগাঁও আদি পাঁচটা স্থানত সুকীয়া সুকীয়া সময়ত অনুষ্ঠিত হ'ব অসম গ্রন্থমেলা।
 
অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত এখন যুটীয়া সংবাদমেলত এই কথা সদৰী কৰিছে এই গ্ৰন্থমেলাৰ যুটীয়া উদ্যোক্তা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ বিষয়বীয়াসকলে। 
 
অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই জনোৱামতে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত ধেমাজিৰ কাছাৰী ময়দানত অহা ৪ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈ  ১০ দিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হব অসম গ্রন্থমেলা। ধেমাজিৰ মণ্ডপ নিৰ্মাণ, বিপণী আবণ্টন তথা ১০ দিনৰ কাৰ্যসূচী প্ৰস্তুতিৰ কাম পূর্ণগতিত আগবাঢ়িছে। 
৪ নৱেম্বৰ শুকুৰবাৰে বিয়লি ৪ বজাত অসম গ্রন্থমেলা, ধেমাজিৰ শুভ উদ্বোধন কৰিব শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে। উদ্বোধনী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শ‍ইকীয়াই সন্মানীয় অতিথি আৰু লেখক, গৱেষক প্রদীপজ্যোতি মহন্তই বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰিব। অসম গ্রন্থমেলা, ধেমাজিত যোৱা ১৯ অক্টোবৰত লাইখুটা স্থাপন কৰা হৈছিল। 
দিল্লী আৰু কলকাতাৰ কেইবাখনো আগশাৰীৰ গ্রন্থ বিপণীয়ে এই গ্রন্থমেলাত অংশগ্ৰহণৰ সিদ্ধান্ত লৈছে। গ্রন্থমেলাৰ  ১০ দিনীয়া কাৰ্যসূচীৰ ভিতৰত থাকিব সাহিত্য বিষয়ক বিভিন্ন আলোচনা সত্ৰ, কবি সম্মিলন, শিশুৰ দিন, অৰুণাচলৰ অসমীয়া লেখকসকলৰ অন্তৰংগ আলাপ, ধেমাজি জিলাৰ প্ৰতিভাধনসকলৰ সমাৰোহ, যুৱ লেখকৰ সাহিত্যানুষ্ঠান তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান। 
 
ধেমাজি গ্ৰন্থমেলাৰ সমান্তৰালভাৱে নলবাৰীৰ ৰাস মহোৎসৱ উপলক্ষে নলবাৰীত অহা ৮ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ অসম গ্ৰন্থমেলা, নলবাৰী' অনুষ্ঠিত কৰা হ'ব। নলবাৰীৰ হৰি মন্দিৰৰ বাকৰিত অহা ৮ নৱেম্বৰ তাৰিখে অসম গ্রন্থমেলা, নলবাৰী আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে। সেই অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, বিশিষ্ট অভিধান প্রণেতা সুমন্ত চলিহা আৰু লেখক প্ৰশান্ত চক্রৱর্তী উপস্থিত থাকিব। 
প্রায় ৫০ খন গ্রন্থ বিপণীয়ে অংশগ্রহণ কৰিবলগা এই গ্ৰন্থমেলাৰ বাবে ইতিমধ্যে সাহিত্য, গ্রন্থ তথা সংস্কৃতি বিষয়ক বিভিন্ন কাৰ্যসূচী প্ৰস্তুত কৰি তোলা হৈছে। তাৰ পিচত অহা ২ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ যোৰহাটৰ কাছাৰী ময়দানত অনুষ্ঠিত হ'ব অসম গ্রন্থমেলা, যোৰহাট'। পূর্ণ গতিত চলি আছে এই গ্রন্থমেলাবো আয়োজন। অসম গ্রন্থমেলা, যোৰহাটত যোৰহাটৰ অসম শৈক্ষিক কেন্দ্রও সহযোগী হিচাপে আছে। 
অহা ২ ডিচেম্বৰত অনুষ্ঠিত হ'বলগা গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আৰু হিমাচল প্রদেশ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কুলদীপ চান্দ অগ্নিহোত্রীয়ে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। ১৫০তকৈও অধিক গ্রন্থ বিপণীৰ বাবে প্ৰস্তুত হৈ উঠিব লগা এই অসম গ্ৰন্থমেলা, যোৰহাটৰ লাইখুটা স্থাপন অনুষ্ঠান অহা ১৫ নৱেম্বৰত অনুষ্ঠিত হ'ব। 
 
যোৰহাটৰ পিচতে ২৯ ডিচেম্বৰৰ পৰা অহা বৰ্ষৰ ৯ জানুৱাৰীলৈ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত 'দ্বিতীয় অসম গ্রন্থমেলা, গুৱাহাটী' অনুষ্ঠিত হ'ব। ২৯ ডিচেম্বৰত অনুষ্ঠিত হ'বলগা উদ্বোধনী অনুষ্ঠানলৈ মুখ্যমন্ত্রী, শিক্ষা মন্ত্ৰীৰ লগতে ৰাজ্যখনৰ প্রথিতযশা লেখকক আমন্ত্ৰণৰ দিহা কৰা হৈছে। অসম গ্রন্থমেলা, গুৱাহাটীত ৰাজ্যখনৰ উপৰি দিল্লী, কলকাতা তথা বিদেশৰো গ্ৰন্থ বিপণীয়ে যোগদানৰ বাবে ইচ্ছা প্রকাশ কৰা বুলি ইতিমধ্যে জানিব পৰা গৈছে। 
প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা আৰু পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ বিষয়ববীয়াকেইগৰাকীয়ে জানিবলৈ দিয়ামতে গুৱাহাটীৰ পিচতে বঙাইগাঁও চহৰত পঞ্চমখন অসম গ্রন্থমেলা অনুষ্ঠিত হ'ব। বঙাইগাঁও গ্ৰন্থমেলাৰ বাবে তাৰিখ ধাৰ্য কৰা হোৱা নাই যদিও শতাধিক গ্রন্থ বিপণীয়ে যোগদান কৰিব পৰাকৈ মণ্ডপ নিৰ্মাণৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিষ্ঠান দুটাৰ ফালৰ পৰা জানিবলৈ দিয়ে।
আনহাতে ডিফুতো অসম গ্রন্থমেলা আয়োজনৰ চিন্তা-চৰ্চা কৰি থকা হৈছে। অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সভাপতি নগেন শর্মা, উপ-সভাপতি বাহাৰুল ইছলাম চৌধুৰী, সম্পাদক ধীৰাজ গোস্বামী আৰু সহকাৰী সম্পাদক প্রবোধ দাসে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা এই গ্রন্থমেলালানিত গ্রন্থপ্রেমী ৰাইজৰ পূর্ণ সহযোগিতা তথা দিহা-পৰামর্শ কামনা কৰিছে।
 
ইফালে নলবাৰীত অনুষ্ঠিতব্য গ্ৰন্থমেলাৰ বাহিৰে আন চাৰিটা স্থানত অনুষ্ঠিতব্য গ্রন্থমেলাত প্রৱেশ টিকটৰ ব্যৱস্থা থাকিব বুলিও সদৰী কৰি প্ৰকাশন পৰিষদৰ সচিবগৰাকীয়ে লগতে জনোৱামতে ছাত্র-ছাত্ৰীসকলৰ বাবে অৱশ্যে প্রৱেশ বিনামূলীয়া কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰৱেশ বিনামূলীয়া হোৱাৰ উপৰি প্ৰায় ৩ হেজাৰ বিশিষ্ট ব্যক্তিক গ্ৰন্থমেলাৰ বাবে আমন্ত্রণী পত্ৰ প্ৰদান কৰা হ'ব বুলিও প্ৰকাশন পৰিষদৰ সচিবগৰাকীয়ে কয়। 
ইপিনে প্রকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই জনোৱামতে পূৰ্বৰ দৰে এইবাৰো প্ৰদান কৰা হ'ব অসম প্ৰকাশন পৰিষদ বঁটা। এই বঁটাত গ্রন্থ লেখকক ৫ লাখ টকা আৰু প্রকাশকক ৩ লাখ টকা প্ৰদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে প্ৰকাশন পৰিষদে। গুৱাহাটীত অনুষ্ঠিতব্য আগত গ্রন্থমেলাতে প্রদান কৰা হ'ব এই বঁটা। এই বঁটাৰ বাবে লেখক আৰু প্ৰকাশকে প্ৰপত্ৰ পূৰণ কৰিব লাগিব আৰু অহা পহিলা নৱেম্বৰৰ পৰা প্ৰকাশন পৰিষদৰ ৱেবছাইটত উপলব্ধ হ'ব এই প্ৰপত্ৰ। লগতে জুৰী ব'ৰ্ডলৈ প্ৰেৰণ কৰিব লাগিব গ্রন্থ। 
ম'বাইল এপযোগে ইচ্ছুকসকলে পূৰণ কৰিব পাৰিব প্ৰপত্ৰ। এই পুৰস্কাৰ প্ৰদানৰ বাবে লোৱা 'ভোটিং' ব্যৱস্থাৰ কথা সদৰী কৰি প্ৰকাশন পৰিষদৰ সচিবগৰাকীয়ে কয় “আমি প্ৰকাশন পৰিষদৰ পৰা এটা 'এপ' উলিয়াই দিম। তাত জনপ্রিয় গ্রন্থ কোনখন তাকে লৈ সকলোৱে ভোট প্ৰদান কৰিব পাৰিব। সেই ভোটিঙৰ পৰা যি ফলাফল আহিব সেয়া এটা ভোট হ'ব। বাকী চাৰিগৰাকী জুৰীৰ ফালৰ পৰা এটা এটা ভোট থাকিব অধ্যক্ষগৰাকীয়ে দিব পাৰিব দুটা ভোট।