১২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

Story by  atv | Posted by  Munni Begum • 7 Months ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী
 
ৰাজ্যত চলিত বর্ষত অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰা হৈছে। এই পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্বত থকা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে কৰা ঘোষণা অনুসৰি অহা ১২ ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব। 
 
শিক্ষা সংসদে অনুষ্ঠিত কৰিবলগীয়া এইটোৱেই হ'ব অন্তিমটো উচ্চতৰ মাধ্যমিক পৰীক্ষা। কাৰণ ইয়াৰ পিচত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা) একত্রিত হৈ এখন নতুন ব'র্ড গঠন হ'ব। ইয়াৰ বাবে চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্রহণ কৰিছে। 
 
শিক্ষা সংসদে ঘোষণা কৰা চলিত শিক্ষা বর্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী অনুসৰি  
 
১২ ফেব্ৰুৱাৰীত ইংৰাজী 
১৩ ফেব্রুৱাৰীত মিউজিক (গ্রুপ এ) আৰু বিহু 
১৬ ফেব্ৰুৱাৰীত ৰসায়ন বিজ্ঞান/ বিজনেছ ষ্টাডিজ/ ৰাজনীতি বিজ্ঞান
১৭ ফেব্রুৱাৰীত মিউজিক (গ্রুপ বি) আৰু কাৰিকৰী প্রশ্নকাকত-১/কাৰিকৰী প্রশ্ন কাকত-৪
১৯ ফেব্ৰুৱাৰীত পদার্থ বিজ্ঞান/ একাউন্টেন্সি/ শিক্ষা/ সাধাৰণ ফাউণ্ডেচন কর্তৃ-২
২১ ফেব্রুৱাৰীত মাতৃভাষা (এম আই এল), ঐচ্ছিক ইংৰাজী
২২ ফেব্ৰুৱাৰীত এণ্টাৰপ্রিনিউৰশ্বিপ ডেভেলপমেন্ট আৰু ঐচ্ছিক সংস্কৃত 
২৩ ফেব্রুৱাৰীত মিউজিক (গ্রুপ চি) আৰু আই টি/ ৰিটেইল ট্রেড/ এগ্রিকালচাৰ/ ফ্ল'ৰি কালচাৰিষ্ট/ হেল্থ কেয়াৰ/ প্রাইভেট ছিকিউৰিটি/ টুৰিজম এন্ড হস্পিটেলিটি বিউটি এন্ড ৱেলনেছ/ ইলেক্ট্রনিক্‌ছ/ অট'মটিভ
২৭ ফেব্ৰুৱাৰীত গণিত
২৯ ফেব্রুবাৰীত জীৱ বিজ্ঞান/ বুৰঞ্জী/ ইন্সিওৰেন্স
১ মাৰ্চত সুকুমাৰ কলা/ ইকন'মিক জিঅ'গ্রাফী/ বায়'টেকন'লজি
২ মার্চত ঐচ্ছিক ভাষা/আৰবী/ পার্চী/ সংস্কৃত
৪ মার্চত অর্থনীতি
৫ মার্চত কাৰিকৰী প্ৰশ্নকাকত-২/ কাৰিকৰী প্রশ্ন কাকত-৫ আৰু স্বদেশ অধ্যয়ন
৬ মার্চত পৰিসংখ্যা
৭ মার্চত ব্যৱসায়িক গণিত আৰু পৰিসংখ্যা/ ভূগোল/ ভূতত্ত্ব
৯ মাৰ্চত কাৰিকৰী প্রশ্নকাকত-৬ আৰু তর্ক আৰু দর্শন শাস্ত্র/ মনস্তত্ত্ববিজ্ঞান/ বিত্ত
১১ মার্চত নৃতত্ত্ব/ সমাজতত্ত্ব/ছেলছমেনশ্বিপ আৰু এডভাৰটাইজিং
১২ মার্চত গার্হস্থ্য বিজ্ঞান আৰু কম্পিউটাৰ ছায়েন্স তথা এপ্লিকেচন 
১৩ মার্চত মাল্টিমিডিয়া আৰু ৱেব টেকন'লজি