আকৰ্ষণীয় দেশপ্ৰেম প্ৰদৰ্শন স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
'আজাদী কা অমৃত মহোৎসৱ' উপলক্ষে অনুষ্ঠিত গীতৰ প্ৰতিযোগিতা
'আজাদী কা অমৃত মহোৎসৱ' উপলক্ষে অনুষ্ঠিত গীতৰ প্ৰতিযোগিতা
নতুন দিল্লী
 
ইণ্ডিয়া ইছলামিক কালচাৰেল চেণ্টাৰত 'আজাদী কা অমৃত মহোৎসৱ' উপলক্ষে অনুষ্ঠিত এক গীতৰ প্ৰতিযোগিতাত ৰাজৌৰী গাৰ্ডেনত অৱস্থিত গুৰু নানক পাব্লিক স্কুলে প্ৰথম পুৰস্কাৰ লাভ কৰিছে। দ্বিতীয় পুৰস্কাৰ যোগা বাই স্থিত খাদিজাতুল কুবৰা গাৰ্লছ পাব্লিক স্কুলে আৰু তৃতীয় পুৰস্কাৰ নিজামুদ্দিনৰ নিউ হৰাইজনছ ছিনিয়ৰ চেকেণ্ডাৰী স্কুলে লাভ কৰিছে। 
 
শনিবাৰে দিল্লীৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে ইণ্ডিয়া ইছলামিক কালচাৰেল চেণ্টাৰত অনুষ্ঠিত এই গীতৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে আৱাজ-দ্য ভইচ, খুছৰো ফাউণ্ডেচন আৰু ইণ্ডিয়া ইছলামিক সাংস্কৃতিক কেন্দ্ৰই যুটীয়াভাৱে এই অনুষ্ঠানৰ আয়োজন কৰিছিল।
 
ইণ্ডিয়া ইছলামিক কালচাৰেল চেণ্টাৰত 'আজাদী কা অমৃত মহোৎসৱ' উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰা বিশিষ্ট ব্যক্তি তথা স্কুলীয়া ছাত্ৰ ছাত্ৰী সকল
 
দিল্লী ঘৰানাৰ উস্তাদ তানভিৰ আহমেদ খান আৰু প্ৰসিদ্ধ শাস্ত্ৰীয় গায়ক ক্ষিতিজ মাথুৰৰ লগতে জনপ্ৰিয় গায়ক হমছৰ হায়াতে কণ কণ শিশুসকলৰ গীত গোৱাৰ  প্ৰতিভাক স্বীকৃতি দিয়াৰ বাবে অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।

দিল্লীৰ ৰাজৌৰী গাৰ্ডেনত অৱস্থিত গুৰু নানক পাব্লিক স্কুলৰ প্ৰথম পুৰস্কাৰ লাভ
 
ইণ্ডিয়া ইছলামিক কালচাৰেল চেণ্টাৰৰ সভাপতি চিৰাজুদ্দিন কুৰেশ্বী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল। অনুষ্ঠানত বিশিষ্ট ইছলামী পণ্ডিত আখটাৰ-উল-ৱাছে, খুচৰো ফাউণ্ডেচনৰ সঞ্চালক ৰোহিত খেৰা উপস্থিত আছিল।
 
 

ইণ্ডিয়া ইছলামিক কালচাৰেল চেণ্টাৰত 'আজাদী কা অমৃত মহোৎসৱ' উপলক্ষে অনুষ্ঠিত গীতৰ প্ৰতিযোগিতাত উপস্থিত বিশিষ্ট ব্যক্তিসকল
 
চিৰাজুদ্দিন কুৰেশ্বীয়ে কয়, "দিল্লীৰ বিভিন্ন বিদ্যালয়ৰ শিশুসকলে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰিবলৈ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাটো আমাৰ সকলোৰে বাবে এজ গৌৰৱৰ কথা।"
 
আখটাৰ-উল-ৱাছে কয়, "ভাৰতীয় স্বাধীনতা আৰু গণতন্ত্ৰ আমাৰ বাবে এক উপহাৰ আছিল। আজি আমাৰ দেশে এক উচ্চতাত উপনীত হৈছে আৰু বিশ্ব শৃংখলাত এক শক্তিশালী স্থিতি সৃষ্টি কৰিছে।"