লিভাৰপুল
জন্মৰ পৰাই তেওঁ আক্ৰান্ত আছিল অটিজিম ৰোগত। শাৰিৰীক বাধা আৰু প্ৰত্যাহ্বানৰ বাবে ১১ বছৰ বয়সলৈকে ভালদৰে কথাও ক’ব পৰা নাছিল। ১৮ বছৰ বয়সতহে আখৰ চিনি পাবলৈ তেওঁ আৰম্ভ কৰে। অৰ্থাৎ যি বসয়ত তেওঁৰ সমনীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল, সেই সময়ত তেওঁ শিক্ষা গ্ৰহণ আৰম্ভহে কৰিছিল।
শিক্ষা গ্ৰহণত বিলম্ব হ'লেও অৱশ্যে দৃঢ়মনা যুৱকজনে সপোন হেৰুওৱা নাছিল। তেওঁ সমাজৰ এজন সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হোৱাৰ সপোন দেখিছিল। প্ৰবল ইচ্ছাশক্তি আৰু অদম্য মনোবলৰ সহায়ত অৱশেষত যুৱকজনে সেই সপোন বাস্তৱায়িত কৰিলে।
১৮ বছৰ ধৰি নিৰক্ষৰ হৈ থকা যুৱকজনে শেহতীয়াকৈ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰিছে। ঐতিহ্যমণ্ডিত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ সবাতোকৈ কনিষ্ঠ কৃষ্ণাংগ অধ্যাপকৰ ৰূপত অহা ৬ মাৰ্চৰ পৰা কৰ্মজীৱন আৰম্ভ কৰিবলগীয়া অদম্য মনোবলৰ অধিকাৰী যুৱকজনৰ নাম হ'ল জেছন আৰ্ডে (Jason Arday)। তেওঁৰ এই সফলতাৰ কাহিনী আজি হাজাৰজনৰ অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে।
উল্লেখ্য যে, শৈশৱৰ পৰা অটিজিম ৰোগৰ বাবে পৰ্যাপ্ত শাৰিৰীক বিকাশ নঘটা আৰ্ডেই ১৮ বছৰ বয়সলৈকে নিৰক্ষৰ আছিল। তেওঁৰ শৰীৰত অটিজিম ৰোগ ধৰা পৰাৰ বাবে চিকিৎসকে কৈছিল যে আৰ্ডেই নিজাববীয়াকৈ কোনো কাম কৰাটো প্ৰায় অসম্ভৱ। কিন্তু সকলো শাৰীৰিক প্ৰত্যাহ্বান নেওচি যুৱকজনে শক্তিশালী মনোবলেৰে সকলোকে ভুল প্ৰমাণিত কৰে। দক্ষতা, অধ্যাৱসায় আৰু নেৰানেপেৰা চেষ্টাৰ বলত তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ আটাইতকৈ কম বয়সীয়া কৃষ্ণাংগ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰিছে।
মনকৰিবলগীয়া যে, ৩৭ বছৰীয়া জেছন আৰ্ডেৰ জীৱন আছিল বহু ঘাত-প্ৰতিঘাতেৰে ভৰা। কাৰণ তেওঁৰ শৈশৱ একেবাৰে স্বাভাৱিক নাছিল। অটিজিম ৰোগৰ ফলত ১১ বছৰ বয়সলৈকে তেওঁ কথা ক’ব পৰা নাছিল। ১৮ বছৰ বয়সতহে আখৰ চিনি পাবলৈ শিকে। চিকিৎসকে কৈছিল যে জেছনে ভৱিষ্যতলৈ কোনো কাম অকলে কৰিব নোৱাৰিব। তেওঁক আজীৱন সহায়কাৰীৰ প্ৰয়োজন হ'ব।
জেছনৰ পৰিয়ালেও এই পৰিস্থিতিক দুৰ্ভাগ্য বুলিয়ে মানি লৈছিল। কিন্তু দৃঢ়মনা যুৱকজনে নিজেই এই কথা মানি ল’বলৈ ইচ্ছুক নাছিল। সমনীয়াৰ দৰে তেওঁ স্কুললৈ যোৱাৰ সুযোগ নাপালেও ঘৰতে বহি ডাঙৰ মানুহ হোৱাৰ সপোন দেখিছিল। সেই সকলোবোৰ সপোন তেওঁ ঘৰৰ বেৰত লিখিছিল। সেই বয়সতে তেওঁ লিখি থৈছিল যে এদিন তেওঁ পৃথিৱীৰ এখন বিখ্যাত বিশ্ববিদ্যালয়ৰ অধ্যাপক হ’ব।
জেছন আৰ্ডেই শিক্ষাদান কৰিবলগীয়া কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ চৌহদ
শৈশৱত ঘৰৰ বেৰত লিখি থোৱা সপোনবোৰৰ দৰেই জেছনৰ জীৱনটো এতিয়া আগবাঢ়িছে। শেহতীয়াকৈ তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। জানিব পৰা মতে, তেওঁ সেই মৰ্যদাপূৰ্ণ বিশ্ববিদ্যালয়খনৰ আটাইতকৈ কনিষ্ঠ অধ্যাপক। কেৱল সেয়াই নহয়, এই ব্ৰিটিছ বিশ্ববিদ্যালয়খনৰ অধিকাংশ অধ্যাপক হৈছে বগা ৰঙৰ আৰু জেছনে কৃষ্ণাংগ ব্যক্তি হিচাপে এনে এক বিৰল কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, তেওঁ ছাৰে (Surrey) বিশ্ববিদ্যালয়ৰ পৰা শাৰীৰিক শিক্ষা বিষয়ত ডিগ্ৰী লাভ কৰি এখন স্কুলত ফিজিকেল ট্ৰেইনাৰ হিচাপে কাম কৰিছিল। তুলনামূলকভাৱে পিছপৰা অঞ্চলত ডাঙৰ-দীঘল হোৱা আৰু তাৰ পিছত স্কুলৰ শিক্ষক হিচাপে কাম কৰা জেছনে কয় যে সংখ্যালঘু জনগোষ্ঠীৰ যুৱক-যুৱতীসকলে শিক্ষাৰ ক্ষেত্ৰত সন্মুখীন হোৱা ব্যৱস্থাগত বৈষম্যৰ বিষয়ে তেওঁ প্ৰত্যক্ষভাৱে অন্তৰ্দৃষ্টি লাভ কৰিছিল।
জীৱনত সফল হোৱাৰ তীব্ৰ হাবিয়াস বুকুত কঢ়িয়াই লৈ ফুৰা যুৱকজনে ২২ বছৰ বয়সত স্নাতকোত্তৰ ডিগ্ৰীত নামভৰ্তিৰ প্ৰতি আগ্ৰহী হৈছিল আৰু সেই বিষয়ত তেওঁ নিজৰ শিক্ষাগুৰুৰ সৈতে কথা পাতিছিল। ইয়াৰ পিছত তেওঁ জেছন আৰ্ডেই দুটা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ লগতে শৈক্ষিক অধ্যয়ন বিষয়ত পি এইচ ডি ডিগ্ৰী লাভ কৰে।
ইয়াৰ পিছত বিভিন্ন বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কাম কৰা জেছনে ৬ মাৰ্চত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত নতুন কৰ্মজীৱন আৰম্ভ কৰাৰ পূৰ্বে কয় যে উচ্চ শিক্ষাত সংখ্যালঘু জনগোষ্ঠীৰ প্ৰতিনিধিত্ব উন্নত কৰাৰ ক্ষেত্ৰত তেওঁ বিশেষভাৱে আগ্ৰহী। "মোৰ কাম মূলতঃ এইটোৱেই যে আমি কেনেকৈ পিছপৰা আৰু বঞ্চিত শ্ৰেণীৰ লোকৰ বাবে দুৱাৰ মুকলি কৰিব পাৰো আৰু উচ্চ শিক্ষাক সঁচা অৰ্থত গণতান্ত্ৰিক কৰি তুলিব পাৰো।"-জেছন কয়।
উল্লেখ্য যে, ২০১৮ চনত অধ্যাপক আৰ্ডেয়ে নিজৰ প্ৰথমখন গৱেষণা পত্ৰ প্ৰকাশ কৰি ৰ’হাম্পটন বিশ্ববিদ্যালয়ত জ্যেষ্ঠ অধ্যাপক হিচাপে যোগ দিয়াৰ পিছত ডাৰহাম বিশ্ববিদ্যালয়লৈ যায়। তাত তেওঁ সমাজ বিজ্ঞান বিষয়ৰ সহযোগী অধ্যাপক আছিল। ২০২১ চনত তেওঁ গ্লাছগো বিশ্ববিদ্যালয়ৰ স্কুল অৱ এডুকেচনত সমাজবিজ্ঞানৰ অধ্যাপক নিযুক্ত হয়। তেওঁ সেই সময়ত ব্ৰিটেইনৰ অন্যতম কনিষ্ঠ অধ্যাপক হিচাপে পৰিগণিত হৈছিল। বিশ্বৰ বহু কেইখন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানত অধ্যাপনা কৰিলেও জেছনৰ সপোন আছিল কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত কাম কৰা। অৱশেষত তেওঁৰ সেই সপোনো বাস্তৱায়িত হ'ল।