গুৱাহাটীৰ ছাই আৰ এন এছ একাডেমীকে ধৰি দেশৰ ২০খন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰিলে CBSE-এ

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
গুৱাহাটী

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে (CBSE) গুৱাহাটীৰ দিছপুৰত অৱস্থিত ছাই আৰ এন এছ একাডেমী (Sai RNS Academy)ৰ স্বীকৃতি বাতিল কৰিছে। এফিলিয়েশ্যন নৰ্মছ উলংঘা কৰাৰ বাবে শিক্ষা প্ৰতিষ্ঠানখনক চিবিএছই-এ এই শাস্তি আৰোপ কৰিছে। চিবিএছইৰ এক আকস্মিক পৰিদৰ্শনৰ সময়ত গুৱাহাটীৰ ছাই আৰ এন এছ একাডেমীৰ খেলিমেলিৰ তথ্য পোহৰলৈ আহে।
 
তদুপৰি, দেশজোৰা পৰিদৰ্শনৰ সময়ত অসমৰ বজালীস্থিত শ্ৰীৰাম একাডেমী ডাউনগ্ৰেড কৰা হৈছে। ডাউনগ্ৰেড কৰা অসমৰ তিনিখন বিদ্যালয়ৰ ভিতৰত এইখন অন্যতম।
 
শুকুৰবাৰে চিবিএছইয়ে নীতি-নিয়ম অমান্য আৰু অন্যান্য অসৎ কাৰ্য্যৰ বাবে স্বীকৃতি বাতিল কৰাৰ লগতে ডাউনগ্ৰেড কৰা বিদ্যালয়সমূহৰ তালিকা প্ৰকাশ কৰে। স্বীকৃতি বাতিল হোৱা বিদ্যালয়ৰ তালিকাত দেশৰ মুঠ ২০খন বিদ্যালয় আছে। 
সমগ্ৰ দেশতে চিবিএছই-এ চলোৱা আকস্মিক পৰিদৰ্শনে ভুৱা ছাত্ৰৰ উপস্থাপন, অযোগ্য প্ৰাৰ্থীৰ নামভৰ্তি, কিছুমান বিদ্যালয়ত অনুচিত অভিলেখ ৰখাৰ দৰে কেইবাটাও অসৎ কাৰ্য্যৰ দৃষ্টান্ত পোহৰলৈ আহে।
 
দেশজুৰি বিদ্যালয়সমূহত আকস্মিক পৰিদৰ্শনৰ পিছতে চিবিএছইয়ে আনুষ্ঠানিক অধিসূচনা জাৰি কৰিছে। এই পৰিদৰ্শনসমূহৰ লক্ষ্য আছিল এফিলিয়েশ্যন আৰু পৰীক্ষাৰ উপ-বিধিসমূহ মানি চলাটো পৰীক্ষা কৰা।
 
ইয়াৰ ফলত অসমৰ গুৱাহাটীৰ দিছপুৰস্থিত SAI RNS একাডেমী চিবিএছইৰ পৰা বিচ্ছিন্ন হৈ পৰিছে।