NEETত উজলি উঠা আনাৰুল হুছেইন, ছাকিল হুছেইনৰ লক্ষ্য সংখ্যালঘু অঞ্চলৰ ৰাইজৰ সেৱা কৰা

Story by  Ariful Islam | Posted by  Munni Begum • 10 Months ago
 আনাৰুল হুছেইন আৰু ছাকিল হুছেইন
আনাৰুল হুছেইন আৰু ছাকিল হুছেইন
 
আৰিফুল ইছলাম / গুৱাহাটী
 
শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত শৈক্ষিক উত্তৰণ হোৱা বুলি উল্লেখ কৰিছিল। তেওঁৰ এই কথা যেন আখৰে আখৰে প্ৰতিফলন হ'ল সদ্যঘোষিত নীট পৰীক্ষাৰ ফলাফলত। বিগত কেইবাবাৰৰ দৰে এইবাৰো সংখ্যালঘু অঞ্চলৰ বহু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে নীটৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰত্যাহ্বানজনক পৰীক্ষাত পাৰদৰ্শিতা দেখুৱাই উজলি উঠিছে। কঠোৰ পৰিশ্ৰম, অধ্যাৱসায় আৰু একাগ্ৰতাৰ বলত আনাৰুল হুছেইন, ছাকিল হুছেইনৰ দৰে মেধাৱী ছাত্ৰই আজি পিছপৰা সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ৰাইজৰ মুখলৈ হাঁহি কঢ়িয়াই আনিছে। 
 
দলগাঁওৰ অন্তৰ্গত চৰ অঞ্চলৰ বদলিচৰ নামৰ এখন অতি ভিতৰুৱা গাঁওৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান আনাৰুল হুছেইনে  National Eligibility cum Entrance Test (NEET)ত তৃতীয়বাৰৰ বাবে অৱতীৰ্ণ হৈ ৫৯৫ নম্বৰেৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে তেওঁ দুবাৰকৈ নীট পৰীক্ষাত বহিছিল যদিও সফল হোৱা নাছিল।  
 
উল্লেখ্য যে, আনাৰুলে সপ্তম শ্ৰেণীত পঢ়ি থাকোতে দেউতাকৰ অকাল মৃত্যু হৈছিল। জন্মদাতা মাতৃ আছে যদিও তেঁৱো পক্ষাঘাত (paralysis) ৰোগত আক্ৰান্ত। এনে পৰিস্থিতিত আনাৰুলক তেওঁৰ খুড়াক আৰু দুই ককায়েকে বহু কষ্ট কৰি পঢ়ুৱাইছিল। তেওঁ নিজৰ খুড়াকৰ ঘৰত থাকি পঢ়া-শুনা কৰিছিল। মেধাৱী ছাত্ৰজনে শিয়ালমাৰী হাইস্কুলৰ পৰা ৯০.৬ শতাংশ নম্বৰেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। 
 
সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ফলত লাভ কৰা বৃত্তিৰ সহায়ত তেওঁ আজমল কলেজত নামভৰ্তি কৰিছিল। উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮৩.৮ শতাংশ নম্বৰেৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। আনাৰুলে প্ৰথমবাৰ আজমল কলেজত বিনামূলীয়া প্ৰশিক্ষণ লৈ নীট পৰীক্ষাত বহিছিল যদিও দ্বিতীয় আৰু তৃতীয় প্ৰচেষ্টাত নিজাববীয়াকৈ অধ্যয়ন কৰি পৰীক্ষাত বহিছিল।
 
 
'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক বাৰ্তালাপত আনাৰুল ইছলামে কয়; "ফলাফল লাভৰ পিছত মোৰ বহুত বেছি ভাল লাগিছে। এনে সুখ মই আগতে কেতিয়াও অনুভৱ কৰা নাছিলোঁ। মোৰ সৰুৰে পৰা এমবিবিএছ ডক্টৰ হোৱাৰ সপোন আছিল। সেয়েহে মই দুবাৰকৈ বিফল হোৱাৰ পিছতো হাৰি যোৱা নাছিলোঁ। চেষ্টা অব্যাহত ৰাখিছিলোঁ। চিকিৎসক হৈ মই আমাৰ অঞ্চলৰ দৰে পিছপৰা অঞ্চলসমূহৰ মানুহৰ সেৱা কৰিম।"
 
আনহাতে ৬৯৫ নম্বৰেৰে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে কৰিমগঞ্জৰ ছাকিল হুছেইনে। পটেনচিয়েল এণ্ড কনচেপ্ট নামৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানখনত প্ৰশিক্ষণ গ্ৰহণ কৰি প্ৰথম প্ৰচেষ্টাতে সফল হ'বলৈ সক্ষম হয় ছাকিল হুছেইনে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অন্তত পটেনচিয়েল এণ্ড কনচেপ্ট নামৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানখনত স্কলাৰশ্বিপ পৰীক্ষাত শীৰ্ষস্থান দখল কৰি উত্তীৰ্ণ হোৱা বাবে ছাকিলে নামভৰ্তি মাচুলৰ পৰা ৫০ শতাংশ ৰেহাই লাভ কৰিছিল।
 
'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক বাৰ্তালাপত ছাকিলে কয়; "ভাল নম্বৰ পোৱাৰ বাবে মোৰ ভাল লাগিছে, আশা কৰিছোঁ দেশৰ  শীৰ্ষ চিকিৎসা মহাবিদ্যালয়ৰ যিকোনো এখনত যাতে স্থান লাভ কৰোঁ। মই গুৱাহাটীৰ পটেনছিয়েল এণ্ড কনচেপ্ট নামৰ কোছিং চেণ্টাৰত গ্ৰহণ কৰিছিলোঁ। কোচিং চেণ্টাৰত ভালদৰে পাঠদান কৰিছিলো। দৈনিক টেষ্ট পৰীক্ষা আৰু বিভিন্ন শৈলীৰে আমাক পাঠদান কৰোৱা হৈছিল। দেশৰ শীৰ্ষ চিকিৎসা মহাবিদ্যালয়ত স্থান পালে নিশ্চিত ভাবে ৰাইজৰ বাবে ভাল চিকিৎসা সেৱা আগবঢ়াব পাৰিম। তেতিয়া আমাৰ উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ পৰা বাহিৰলৈ চিকিৎসা গ্ৰহণ কৰিব যোৱাটো কমিব।"
 
মৌলানা বদৰুদ্দিন আজমলে চুপাৰ ৪০ৰ NEETত সফল শিক্ষাৰ্থীসকলৰ সৈতে এখন ফটোৰ বাবে পোজ দিছে
 
উল্লেখ্য যে, সংখ্যালঘু সমাজৰ মাজত শৈক্ষিক উত্তৰণ হোৱা বুলি উল্লেখ কৰি কিছুদিন আগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল; "চৰ অঞ্চলবোৰত শৈক্ষিক উত্তৰণ হৈছে। আমাৰ মেডিকেলৰ ফলাফলসমূহত চৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ ফলাফল যথেষ্ট ভাল। পৰীক্ষাসমূহো যথেষ্ট কঠোৰভাৱে অনুষ্ঠিত হয়। ৰাজনীতিৰ উৰ্ধত আমি এটা কথা মানিবই লাগিব যে তেওঁলোকে মেধাৰ ভিত্তিত মেডিকেলৰ দৰে পৰীক্ষাত সফলতা অৰ্জন কৰি আছে। মেডিকেলৰ ১০০০ পদৰ ভিতৰত ২৫০ পদত ধৰ্মীয় সংখ্যালঘুৰ ছাত্ৰ-ছাত্ৰীসকলে আজিকালি স্থান পায়। 
 
প্ৰতিযোগিতামূলকভাৱে তেওঁলোকে স্থান দখল কৰে। যোৱাবছৰ ৩২০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে মেডিকেলত স্থান পাইছে। আমাৰ আগশাৰী অঞ্চলসমূহতকৈ ধৰ্মীয় সংখ্যালঘু অঞ্চলত শৈক্ষিক ভাৱে বেছি ভাল হৈছে। এই ক্ষেত্ৰত মেডিকেলৰ ফলাফল আটাইতকৈ ডাঙৰ উদাহৰণ।"
 
ইফালে পুনৰ নতুন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হ'ল আজমল চুপাৰ-৪০এ। মঙলবাৰে নিশা ঘোষণা কৰা সৰ্বভাৰতীয় নীট পৰীক্ষাত আজমল চুপাৰ-৪০ৰ ৩৫০ৰো অধিক ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। যোৱা বছৰে আজমল ফাউণ্ডেচনৰ পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত চমকপ্ৰদ সাফল্য অৰ্জন কৰিছিল। 
 
চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোন পূৰণৰ ক্ষেত্ৰত দৰিদ্ৰ মেধাসম্পন্ন শিক্ষাৰ্থীসকলক আজমল ফাউণ্ডেচনে আজমল ছুপাৰ ৪০ নামৰ প্ৰশিক্ষণ কেন্দ্ৰটোৰ জৰিয়তে সঠিক পথ প্ৰদৰ্শন কৰি আছে। আজমল ফাউণ্ডেচনে ২০১৬ চনত এক অভিলাসী পদক্ষেপ হিচাপে আৰম্ভ কৰা শিক্ষা প্ৰতিষ্ঠানটোৰ ২৪০গৰাকীকৈ শিক্ষাৰ্থীয়ে বিগত বৰ্ষৰ 'নীট'(NEET)ৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল। 
 
মৌলানা বদৰুদ্দিন আজমলে চুপাৰ ৪০ শিক্ষাৰ্থীৰ সফলতা উদযাপন কৰিবলৈ এটা বিশাল কেক কাটিছে
 
চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত অধ্যয়নৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত আয়োজিত 'নীট' পৰীক্ষাত এখন শিক্ষা প্ৰতিষ্ঠানৰ পৰা একেলগে এই বৃহৎ সংখ্যক শিক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হোৱাটো দেশৰ ভিতৰতে বিৰল পৰিঘটনা হিচাপে পৰিগণিত হৈছিল। সৰ্বভাৰতীয় পৰ্যায়ত সফলতা অৰ্জন কৰা এই মেধাসম্পন্ন শিক্ষাৰ্থীসকলৰ অধিকাংশই আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ৷ 
 
শিক্ষাৰ্থীসকলৰ মেধাশক্তি আৰু চিকিৎসক হোৱাৰ সপোনৰ কথা জানিব পাৰি আজমল ফাউণ্ডেচনৰ মূখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশমৰ্মে আজমল ফাউণ্ডেচনে তেওঁলোকৰ শিক্ষাৰ সম্পূৰ্ণ খৰচ বহন কৰিছিল৷ 
 
উল্লেখ্য যে, আজমল ছুপাৰ ৪০এ আৰম্ভণিৰে পৰা উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰি আহিছে।  ২০২০ চনৰ নীট পৰীক্ষাত প্ৰতিষ্ঠানটোৰ ৮৪গৰাকী আৰু ২০২১ৰ নীট পৰীক্ষাত ১৫০ গৰাকী শিক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। ২০২২ চনত নীট উত্তীৰ্ণৰ সংখ্যা আছিল ২৪০ ৰো অধিক। ২০২৩ত এই সংখ্যা ৩৫০+লৈ বৃদ্ধি কৰি আজমল ছুপাৰ ৪০এ অসমৰ শৈক্ষিক ক্ষেত্ৰখনত এক নজিৰ সৃষ্টি কৰিছে।