নতুন দিল্লী
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰদান কৰিছে। মঙলবাৰে অনুষ্ঠিত NDA সংসদীয় দলৰ বৈঠক ‘মংগল মিলন’ত অংশগ্ৰহণ কৰি মোদীয়ে NDA সাংসদসকলক ছাত্ৰ-ছাত্ৰীসকলক উচটনি নিদি সঠিক পথ দেখুৱাবলৈ আহ্বান জনায়। দিল্লীত NEETৰ প্ৰশ্নকাকত ফাদিলক লৈ ছাত্ৰ-ছাত্ৰীসকলৰ বৃহৎ প্ৰতিবাদৰ এদিন পিছতে এই মন্তব্য কৰে মোদীয়ে।
সংসদ ভৱনৰ লাইব্ৰেৰী বিল্ডিঙৰ GMC বালযোগী অডিটৰিয়ামত অনুষ্ঠিত NDA সংসদীয় দলৰ বৈঠকত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ভুল পথত খোজ দিয়া সহজ, কিন্তু সেই পথ এৰি সঠিক পথলৈ উভতি অহা বহুত কঠিন। তেওঁলোকক সঠিক পথলৈ ঘূৰাই অনাটো আমাৰ দায়িত্ব।”
মোদীয়ে লগতে কয় যে দেশৰ যুৱ প্ৰজন্মক বিভ্ৰান্ত কৰা হৈছে। তেওঁলোকক উচটনি নিদিব, সঠিক পথ দেখুৱাওক। এই মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা আৰু CJP-ৰ প্ৰতিনিধি দলৰ বৈঠকৰ পিছত আহিছে। CJP-এ দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদ কাৰ্যসূচীৰ নেতৃত্ব দি আহিছে।
NDA সংসদীয় দলৰ ‘মংগল মিলন’ বৈঠকত প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি কেন্দ্ৰীয় মন্ত্ৰী আৰু NDAৰ সাংসদসকল উপস্থিত আছিল। বৈঠক শেষ হোৱাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংবাদ মাধ্যমক প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল বিষয়সমূহ জনায়।
কিৰেণ ৰিজিজুৰ মতে, প্ৰধানমন্ত্ৰীয়ে NEETৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো বিস্তৃতভাৱে আলোচনা কৰে। মোদীয়ে সাংসদসকলক সম্বোধন কৰি য় যে পেপাৰ লীকৰ ঘটনা যাতে পুনৰ সংঘটিত নহয়। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত অভিযুক্তক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ কথাও উল্লেখ কৰে। কিৰেণ ৰিজিজুৱে কয় যে প্ৰধানমন্ত্ৰীয়ে সাংসদসকলক কয় যে NEETৰ পুনৰ পৰীক্ষাক অগ্ৰাধিকাৰ দিয়া হৈছে আৰু ফলাফল পলম নকৰাকৈ ঘোষণা কৰা হৈছে, যাতে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ প্ৰভাৱিত নহয়।
উল্লেখযোগ্য যে, ‘মংগল মিলন’ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰায় পাঁচ মিনিট ধৰি NEET প্ৰশ্নকাকত ফাদিলৰ বিষয়ত বক্তব্য ৰাখে। তেওঁ সাংসদসকলক স্পষ্টকৈ কয় যে, এই ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু কোনো অভিযুক্তক ৰেহাই দিয়া নহ’ব। উল্লেখ্য যে, ছাত্ৰ-ছাত্ৰীসকলৰ সংসদ মাৰ্চৰ এদিন পিছতে প্ৰধানমন্ত্ৰী মোদীৰ এই বক্তব্য বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।