সংস্কৃত ভাষাক জীৱন-যাপনৰ এক পন্থা হিচাপে বাচি লৈছে ডঃ ৰেজভি চুলতানাই

Story by  Munni Begum | Posted by  Munni Begum • 1 Years ago
 ডঃ ৰেজভি চুলতানা
ডঃ ৰেজভি চুলতানা
 
মুন্নী বেগম / গুৱাহাটী
 
সংস্কৃত হৈছে হিন্দু আৰু বৌদ্ধ ধৰ্মৰ এটা পবিত্ৰ দেৱভাষা। সংস্কৃতৰ প্ৰাক-শাস্ত্ৰীয় ৰূপটো বৈদিক সংস্কৃত নামেৰে পৰিচিত। ই হিন্দুধৰ্মৰ আটাইতকৈ পুৰণি ধৰ্ম গ্ৰন্থ ঋকবেদত ব্যৱহাৰ হোৱা এক প্ৰাচীন ভাষা। ভাৰতবৰ্ষৰ ঐতিহ্য আৰু পুৰাতন সভ্যতা-সংস্কৃতিৰ সাক্ষৰ বহন কৰা এই ধ্ৰুপদী ভাষা সংস্কৃতক জীৱন-যাপনৰ এক পন্থা হিচাপে বাচি লৈছে এগৰাকী মুছলমান মহিলা ডঃ ৰেজভি চুলতানাই। 
 
একাংশ দুষ্ট চক্ৰই সমাজত ধৰ্মীয় অসহিষ্ণুতাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ অহৰহ চেষ্টা কৰি থকাৰ সময়তে ৰেজভি চুলতানাই ধৰ্মীয় ভেদাভেদ একাষৰীয়া কৰি নিজে বিচৰা ধৰণে সংস্কৃত ভাষাত উচ্চ শিক্ষা গ্ৰহণ কৰে আৰু সমাজত জ্ঞানৰ পোহৰ বিলাই আছে৷ সম্প্ৰতি তেওঁ USTM-ৰ অধীনত থকা আয়ুৰ্বেদিক মহাবিদ্যালয়ত সংস্কৃত বিষয়ৰ সহকাৰী অধ্যাপিকা হিচাপে ছাত্ৰ-ছাত্ৰীক সংস্কৃত বিষয়ৰ পাঠদান কৰাই আছে।
 
 
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ডঃ ৰেজভি চুলতানাই কয়, "বৰ্তমান সময়ত একাংশই সংস্কৃত ভাষাটোক মৃত ভাষা বুলি গণ্য কৰি আহিছে। কিন্তু প্ৰকৃততে সংস্কৃত বিষয়টো হৈছে এক তত্ত্ব গধুৰ বিষয় আৰু অতি কঠিন ভাষা। আমি এই ভাষাটোক আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ নকৰো। প্ৰকৃততে সংস্কৃত ভাষাটো মৃত ভাষা নহয়। কিয়নো, প্ৰাচীন কালৰ পৰাই বেদ, উপনিষদ আদি সকলো গ্ৰন্থতে সংস্কৃত ভাষাৰ ব্যৱহাৰ হৈ আহিছে। বৰ্তমান সময়ত CBSC আৰু SEBAৰ অধীনৰ সকলো বিদ্যালয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সংস্কৃত ভাষাটো বাধ্যতামূলক কৰি দিয়া হৈছে।" 
 
উল্লেখ্য যে, বৰ্তমান গুৱাহাটীৰ বাসিন্দা ডঃ ৰেজভি চুলতানাই নগাওঁ চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা সমাপ্ত কৰি কটন কলেজত নামভৰ্তি কৰিছিল৷ তাৰ পৰা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত হিন্দু কলেজৰ পৰা সংস্কৃত বিষয়ত মেজৰ লৈ সুখ্যাতিৰে স্নাতক ডিগ্ৰী উত্তীৰ্ণ হয়। অত্যন্ত মেধাসম্পন্ন ৰেজভিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু ডক্টৰেট  ডিগ্ৰী লাভ কৰে।  
 
 USTM-ৰ অধীনত থকা আয়ুৰ্বেদিক মহাবিদ্যালয় আৰু ডঃ ৰেজভি চুলতানা
 
ডঃ ৰেজভি চুলতানাই কয়, "মই যেতিয়া অষ্টম শ্ৰেণীত চতুৰ্থ বিষয় হিচাপে সংস্কৃত অধ্যয়ন কৰিছিলো, তেতিয়াৰ পৰাই এই বিষয়টোৰ প্ৰতি মোৰ বিশেষ আকৰ্ষণৰ সৃষ্টি হৈছিল। এই বিষয়টো লোৱাৰ বাবে মোক পৰিয়াল বা সমাজৰ পৰা কোনোৱে বাধা দিয়া নাছিল। সংস্কৃত বিষয়ত মেজৰ লৈ মই সুখ্যাতিৰে উত্তীৰ্ণ হৈ স্নাতক ডিগ্ৰী লাভ কৰিছিলো। পিছত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত হিন্দু মহাবিদ্যালয়ৰ পৰা ২০০৬ চনত এম এ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ২০১৬ চনত এম ফিল আৰু ২০১৭ চনত ডক্টৰেট  ডিগ্ৰী লাভ কৰিছিলো। সেয়ে মই ভাবো যে, সকলোৱে সংস্কৃত পঢ়িব লাগে। কাৰন সংস্কৃত ভাষাত জানিবলগীয়া বহু কথা আছে।"   
 
সংস্কৃত কেৱল কোনো এটা নিৰ্দিষ্ট ধৰ্মৰ ভাষা নহয়। সংস্কৃত হৈছে এক দেৱভাষা আৰু সকলো ভাষাৰ মূল হৈছে সংস্কৃত ভাষা। সংস্কৃত পঢ়িলে আমাৰ ভাষা শুদ্ধ হয়। কিন্তু বৰ্তমান প্ৰজন্মৰ মাজত সংস্কৃত ভাষা অধ্যয়নৰ প্ৰতি আগ্ৰহ খুবেই কম দেখা যায়। সংস্কৃতক লৈ আমাৰ মাজত এনেকুৱা এটা ধাৰণা আছে যে এই ভাষাটো বেদ উপনিষদৰ বহুত কঠিন ভাষা। কেৱল মাত্ৰ নম্বৰ লাভ কৰাৰ বাবেহে ছাত্ৰ-ছাত্ৰীসকলে এই সংস্কৃত বিষয়টো অধ্যয়ন কৰি আহিছে।  
 
ইউএছটি এমৰ আচাৰ্য মহবুবুল হকৰ সৈতে ডঃ ৰেজভি চুলতানা
 
ডঃ ৰেজবি চুলতানাই কয়, "বৰ্তমান প্ৰজন্মৰ মাজত সংস্কৃত ভাষা অধ্যয়নৰ প্ৰতি খুব কম আগ্ৰহ দেখিবলৈ পোৱা যায়। এটা পৰ্যায়লৈ পঢ়ে যদিও পিছলৈ এৰি দিয়ে। এই বিষয়টোক লৈ এনেকুৱা এটা ধাৰণা আছে যে এই ভাষাটো বেদ উপনিষদত থকা বহুত কঠিন ভাষা। কেৱল মাত্ৰ নম্বৰ লাভ কৰাৰ বাবেহে ছাত্ৰ-ছাত্ৰীসকলে এই বিষয়টো অধ্যয়ন কৰি আহিছে। কিয়নো সংস্কৃত বিষয়টো একেবাৰে গণিতৰ দৰে। কেৱল মাত্ৰ শ্লোক মনত থাকিলে ভাল নম্বৰ লাভ কৰিব পাৰি। সেয়েহে, ছাত্ৰ-ছাত্ৰীৰ মাজত এই বিষয়টো আকৰ্ষণীয় আৰু তেওঁলোকক আগ্ৰহী কৰি তুলিবলৈ শ্লোকবোৰ পঢ়োৱা হয়, পঞ্চতন্ত্ৰৰ সাধুবোৰ শিকোৱা হয় আৰু দৈনন্দিন কিছুমান কাৰ্যকলাপ কৰিবলৈ দিয়া হয়।"  
 
ভৱিষ্যতে সংস্কৃত বিষয়ত গৱেষণাপত্ৰ প্ৰকাশ কৰাৰ ক্ষেত্ৰত কাম কৰি যোৱাৰ পৰিকল্পনা কৰা ডঃ ৰেজবি চুলতানাই কয়, "বৰ্তমান আমাৰ চাৰিওফালে ধৰ্মৰ নামত বিভিন্ন মতামত শুনিবলৈ পোৱা যায়। কিন্তু কোৰান আৰু বেদৰ ক'তোৱে অন্য ধৰ্মক হিংসা কৰিবলৈ কোৱা নাই। মই কোৰান পঢ়ো আৰু বেদো অধ্যয়ন কৰিছো। কিন্তু মই যিমানখিনি পঢ়িছো তাত মই কেতিয়াও একো পাৰ্থক্য বিচাৰি পোৱা নাই। হিন্দু ধৰ্মাৱলম্বী লোকসকলে ভগৱান বুলি বিশ্বাস কৰে আৰু আমি আল্লা বুলি এগৰাকী সৰ্বশক্তিমানকে বিশ্বাস কৰো। হিন্দু ধৰ্মালম্বী লোকসকলে বিভিন্ন ৰূপত ভগৱানক আৰাধনা কৰে। সকলো ধৰ্মৰে ধৰ্ম প্ৰচাৰক আছে। তেওঁলোকেও কৈ গৈছে যে, যিদৰে নিজৰ ধৰ্মক সন্মান কৰা হয়, ঠিক তেনেদৰে আনৰ ধৰ্মকো সন্মান কৰিব লাগে।"