চাইজুৰ ৰহমান / বৰপেটা
নলবাৰী জিলাৰ ধমধমা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী ফাৰহানা ইয়াছমিনে অবিভক্ত নলবাৰী জিলাৰ ভিতৰত শ্ৰেষ্ঠ পঢ়ুৱৈৰ বঁটা লাভ কৰি জিলাখনৰ লগতে ধমধমা অঞ্চললৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। অবিভক্ত নলবাৰী জিলাৰ ধমধমা গড়ভিতৰ গাঁওৰ এটা অতি দৰিদ্ৰ পৰিয়ালৰ ছোৱালী ফাৰহানা ইয়াছমিন। তেওঁৰ পিতৃ আব্দুৰ ৰৌফ বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী।
আব্দুৰ ৰৌফৰ কন্যা তথা দশম শ্ৰেণীৰ ছাত্ৰী ফাৰহানা ইয়াছমিনক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অলপতে নলবাৰী জিলা আয়ুক্তই তেওঁৰ কাৰ্যালয়ত নলবাৰী জিলাৰ শ্ৰেষ্ঠ পঢ়ুৱৈৰ বঁটা প্ৰদান কৰে। উল্লেখ্য যে, নলবাৰী জিলাখনত পঢ়ুৱৈ সৃষ্টিৰ লক্ষ্যৰে প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত ডেকাই বিগত চাৰি বছৰ ধৰি শ্ৰেষ্ঠ পঢ়ুৱৈৰ এক প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে আৰু গ্ৰীষ্ম বন্ধ খোলাৰ পাছতে এই প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়। লগতে স্বাধীনতা দিৱসৰ অনুষ্ঠানত উক্ত বঁটা বিতৰণ কৰা হয়।
আনহাতে, তিনিজনকৈ শিক্ষাবিদ বা সাহিত্যিকৰে গঠিত নিৰ্বাচন কমিটিৰ পৰিচালনাত ব্লকৰ পৰা জিলালৈ তিনিটা পৰ্যায়ত উক্ত প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। চূড়ান্ত পৰ্যায়ত থাকে মৌখিক কথোপকথন।
দেউতাকৰ সৈতে ফাৰহানা
লক্ষণীয় যে, ফাৰহানাহঁতৰ দৰে গড়ভিতৰৰ দৰে পিছপৰা অঞ্চলত গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে তাত থকা প্ৰেৰণা পুথিভঁৰালৰ শাখাটোৱে। দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই ২০০০ চনতে স্থাপন কৰা প্ৰেৰণা পুথিভঁৰালৰ তৃতীয়টো শাখা ২০২১ চনত নুৰ ইছলাম আলী নামৰ এজন শিক্ষকৰ মুখ্য পৰিচালনাত পুথিভঁড়ালৰ ধমধমা-গড়ভিতৰ শাখা স্থাপন কৰা হয়। ফাৰহানা পুথিভঁড়ালটোৰ সদস্য হয়। আৰু তাৰ পৰাই আৰম্ভ হয় ফাৰহানাৰ গ্ৰন্থ অধ্যয়নৰ যাত্ৰা।
এগৰাকী ১৫ বছৰ বয়সীয়া দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী ফাৰহানা ইয়াছমিনে নলবাৰী জিলাৰ ভিতৰতে শ্ৰেষ্ঠ পঢ়ুৱৈৰ বঁটা লাভ কৰি ধমধমা অঞ্চললৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হোৱা ছাত্ৰী গৰাকীক পঢ়াৰ প্ৰতি কেনেধৰণে অনুপ্ৰেৰণা লাভ কৰিছিল বুলি সোধা এক প্ৰশ্নৰ উত্তৰত 'আৱাজ দ্য ভইচ'ৰ আগত ফাৰহানা ইয়াছমিনে কয় যে পঢ়াৰ প্ৰতি তেওঁৰ তেনেকুৱা বিশেষ ধাউতি নাছিল যদিও সৰুতে বিদ্যালয়ৰ পুথিভঁৰালৰ পৰা সাধুকথা আৰু জীৱনীমূলক কিতাপ আনি পঢ়িছিলো। ২০২১ চনত আমাৰ গাঁও ধমধমা গড়ভিতৰত প্ৰেৰণা পুথিভঁৰালৰ তৃতীয়টো শাখা স্থাপন হোৱাৰ পাছত পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়িবলৈ ধৰে। প্ৰেৰণা পুথিভঁৰালত প্ৰতি দেওবাৰে কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল।
এই অনুষ্ঠানত সমাজৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকি বক্তব্য প্ৰদান কৰিছিল। এইধৰণৰ কাৰ্যসূচীয়ে আমাক উৎসাহিত কৰি তোলে। পুথিভঁৰালৰ প্ৰতিষ্ঠাপক, পৰিচালকৰ লগতে আমাৰ বিদ্যালয়ৰ চাৰ বাইদেউ সকলৰ পৰাও পঢ়াৰ প্ৰতি উৎসাহিত হৈছিলো। পুথিভঁৰালটোৰ পৰা কিতাপ আনি পঢ়িবলৈ লোৱাৰ পাছত কিতাপৰ লগত এক গভীৰ সম্পৰ্ক গঢ়ি উঠে। পঢ়াৰ ক্ষেত্ৰত বিশেষভাৱে দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মা চাৰে মোক অনুপ্ৰেৰণা যোগায়। ফাৰহানাই কয়, 'আমাৰ দৰে দৰিদ্ৰ পৰিয়ালৰ ল'ৰা-ছোৱালীৰ টকাৰে কিতাপ খিনি পঢ়িব পৰা অৱস্থা নাই। প্ৰেৰণা পুথিভঁৰালে বিনামূল্যে আমাক কিতাপ যোগান ধৰি পঢ়াৰ সুবিধা দিয়াৰ বাবে প্ৰেৰণা পুথিভঁৰাললৈ অশেষ অশেষ ধন্যবাদ জনালো।'
স্কুলৰ শিক্ষক-শিক্ষয়ত্ৰীৰ সৈতে ফাৰহানা
সাম্প্ৰতিক সময়ৰ ডিজিটেল মাধ্যমৰ যুগত ল'ৰা-ছোৱালী বোৰে কিতাপৰ সলনি মোবাইলত ব্যস্ত থকা দেখা যায়। তেনে সময়তে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী হৈ তুমি কিতাপৰ লগত জড়িত হোৱাৰ ক্ষেত্ৰত তোমাৰ মন্তব্য কি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ফাৰহানাই কয়, 'গ্ৰন্থ অধ্যয়ন মানুহৰ জীৱনৰ বাবে খুবেই প্ৰয়োজন। গ্ৰন্থ অধ্যয়নে মানুহৰ জ্ঞান বঢ়োৱাৰ লগতে বৌদ্ধিক বিকাশো কৰে। গ্ৰন্থ অধ্যয়নে মানুহৰ জীৱনৰ পথো সলনি কৰিব পাৰে। সাম্প্ৰতিক সময়ত মোবাইল, কম্পিউটাৰৰ সমান্তৰালভাৱে গ্ৰন্থ অধ্যয়নৰ জৰিয়তেও আমাৰ দৰে ছাত্ৰ-ছাত্ৰী সকলে জ্ঞান অৰ্জন কৰিব পাৰো।
নলবাৰী জিলাৰ ভিতৰত শ্ৰেষ্ঠ পঢ়ুৱৈৰ বঁটা লাভ সন্দৰ্ভত ফাৰহানা ইয়াছমিনে কয়, 'বিভিন্ন জনৰ অনুপ্ৰেৰণা, উৎসাহ, সহায়, আশীৰ্বাদত মই আগুৱাই যাবলৈ প্ৰয়াস কৰিছো। জীৱনত আগবাঢ়ি যাবলৈ মোৰ বহুদূৰ বাকী আছে। গ্ৰন্থ অধ্যয়নে মানুহৰ জ্ঞানৰ স্তৰ বৃদ্ধি কৰে। যেনেকৈ সুবিধা হয় গ্ৰন্থ অধ্যয়ন কৰিব লাগে।' শেহতীয়াকৈ ড: মৃণাল কলিতাৰ 'বকুল ফুলৰ দৰে', আৰু ড: ৰুবুল মাউতৰ 'মোৰো এটা সপোন আছিল' নামৰ গ্ৰন্থ দুখন পঢ়া বুলি ফাৰহানাই জানিবলৈ দিয়ে।
ইফালে, বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী হিচাপে কৰ্মৰত ফাৰহানা ইয়াছমিনৰ পিতৃ আব্দুৰ ৰৌফে নিজ কন্যাৰ এনে কৃতিত্ব সন্দৰ্ভত মনৰ ভাৱ প্ৰকাশ কৰি কয়, "পিতৃ হিচাপে আমি তাইক যিখিনি সুবিধা দিব পাৰিব লাগিছিল, সেইখনি দিব পৰা নাই। সাধাৰণ এটি কৰ্মত জড়িত হৈ কোনোমতে পৰিয়ালটো চলাই আছো। তথাপি, ফাৰহানাক লৈ বহুত সপোন দেখিছো।"
স্মৰ্তব্য যে, বিগত বৰ্ষত লাচিত বৰফুকনৰ ৪০০ জয়ন্তী উপলক্ষে নলবাৰী জিলা প্ৰশাসনে অনুষ্ঠিত কৰা কবিতা আবৃত্তি প্ৰতিযোগিতাত ফাৰহানা ইয়াছমিনে জিলাখনৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। এগৰাকী মেধাৱী ছাত্ৰী ফাৰহানা ইয়াছমিনে পৰিয়ালৰ আৰ্থিক দূৰাৱস্থাৰ বাবে পঢ়া পাতিৰ ক্ষেত্ৰত উপযুক্ত পৰিৱেশৰ লগতে সা-সুবিধাও লাভ কৰিব পৰা নাই। তাৰ মাজতে নিজৰ ঐকান্তিক প্ৰচেষ্টা আৰু আগ্ৰহৰ বাবে নিজৰ অধ্যয়নৰ ধাৰা অব্যাহত ৰাখিছে। গড়ভিতৰ-জানৰপাৰৰ দৰে এখন অতিকৈ পিছপৰা গাঁওৰ ছাত্ৰী ফাৰহানা ইয়াছমিন গাঁওখনৰ বাবে এক সম্পদ হৈ উঠিব যদিহে অধ্যয়নৰ ক্ষেত্ৰত পৰ্যাপ্ত সুবিধা লাভ কৰে।