গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত শীৰ্ষস্থান দখলেৰে বঙাইগাঁওৰ চৰাঞ্চললৈ গৌৰৱ কঢ়িয়ালে আফ্ৰুজা বেগমে

Story by  atv | Posted by  [email protected] • 1 Years ago
আফ্ৰুজা বেগম
আফ্ৰুজা বেগম
 
চাইজুৰ ৰহমান, বৰপেটা

সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাৰ ফলাফলত দৰ্শন বিভাগত বিশ্ববিদ্যালয়ৰ ভিতৰতে টপাৰ হ'বলৈ সক্ষম হৈছে বঙাইগাঁও জিলাৰ এখন অতি ভিতৰুৱা অঞ্চলৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে। বৰপেটাৰ বি এইচ মহাবিদ্যালয়ত অধ্যয়ন কৰা আফ্ৰুজা বেগম নামৰ ছাত্ৰীগৰাকীয়ে দৰ্শন বিভাগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ দৰ্শন বিভাগত ৯.০৭ চি জি পি এ লাভ কৰিছে। 
 
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰাঞ্চলৰ যুৱক-যুৱতীৰ মেধাশক্তিক মুকলিকৈ প্ৰশংসা কৰাৰ সময়তে আফ্ৰুজাই এই চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। বঙাইগাঁও জিলাৰ ৪নং ভাণ্ডাৰা চৰ গাঁওৰ বাসিন্দা হাবেল আলীৰ কন্যা আফ্ৰুজাৰ এনে কৃতিত্বই অনগ্ৰসৰ অঞ্চলটোলৈ আনন্দৰ লহৰ কঢ়িয়াই আনিছে। 
 
"ঘৰৰ পৰা গৈ কলেজত ক্লাছ কৰাটো মোৰ বাবে অত্যন্ত কঠিন আছিল। কাৰণ, আমাৰ অঞ্চলটো অত্যন্ত পিছপৰা। বিশেষকৈ বৰষুণৰ দিনত বাট-পথ সকলো জলমগ্ন হয়। অহা-যোৱা কৰাৰ পথ নোহোৱা হয়। সেয়ে মই হোষ্টেলত থাকি পঢ়িঠিলো। মা-দেউতাই পঢ়া-শুনাত কোনো বাধা আহিব দিয়া নাছিল। তেওঁলোকে মোক ডাঙৰ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিছিল। এতিয়া মই স্নাতকোত্তৰ ডিগ্ৰীত নামভৰ্তি কৰিম," আফ্ৰুজাই কয়। 
 
 
 
উল্লেখ্য যে, মেধাৱী ছাত্ৰী আফ্ৰুজা বেগমৰ পিতৃয়ে সাধাৰণভাৱে এটি সৰু ব্যৱসায় কৰে। তেওঁ বাস কৰা ৪নং ভাণ্ডাৰা চৰ গাঁওখন যাতায়তৰ ক্ষেত্ৰত অতি দুৰ্গম। ৰাস্তা-ঘাটৰ অৱস্থা তথৈবচ। অতি ভিতৰুৱা গাওঁৰ পৰা ওলাই আহি অতি কষ্টৰে অধ্যয়ন কৰি আফ্ৰুজা বেগমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাৰ ফলাফলত দৰ্শন বিভাগত বিশ্ববিদ্যালয়ৰ ভিতৰতে টপাৰ হ'বলৈ সক্ষম হৈছে। 
 
ইফালে, আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ নেতৃত্বত এক সঁজাতী দলে মেধাৱী ছাত্ৰী আফ্ৰুজাৰ ঘৰত উপস্থিত হৈ তেওঁক আৰু তেওঁৰ পিতৃ-মাতৃক ফুলাম গামোচা, শৰাই, কলম, কিতাপেৰে সম্বৰ্ধনা জনায়। 
 
"ভাণ্ডাৰা চৰ গাওঁৰ দৰে অতি ভিতৰুৱা অঞ্চলৰ কন্যা আফ্ৰুজাই স্নাতক পৰীক্ষাত দাঙি ধৰা পাৰদৰ্শিতাই আমাক আনন্দিত কৰিছে। তেওঁ যথেষ্ট ত্যাগ আৰু কষ্টৰে পঢ়া-শুনা কৰিছিল। তেওঁ আগন্তুক দিনত যাতে আৰু অধিক ভাল ফল দেখুৱাব পাৰে, তাৰ বাবে আমি শুভকামনা জনাইছো। আফ্ৰুজাই এদিন আমাৰ এই অঞ্চলটোৰ হৈ সেৱা আগবঢ়াব পৰাকৈ এগৰাকী সুনাগৰিক হ'ব বুলি আমি আশা কৰিছো,"-আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কয়।