Sun Jul 13 2025 7:27:44 PM
  • Follow us on
  • Subcribe

৩ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ ৰাজ্যত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব গুণোৎসৱ

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
অহা ৩ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ ৰাজ্যত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব গুণোৎসৱ। অহা ৩ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া গুণোৎসৱে মুঠ ৩৫ খন জিলাৰ ৪৩,৪৯৮ খন চৰকাৰী প্ৰাদেশীকৃত বিদ্যালয়, চাহ বাগান আদর্শ বিদ্যালয়, আৱাসিক বিদ্যালয়, আদর্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আৰু চাহ বাগিচা মালিকৰ দ্বাৰা পৰিচালিত বিদ্যালয় সামৰি ল'ব। 
 
প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈ মুঠ ৩,৯৬,৩৫৪ গৰাকী ছাত্র-ছাত্রীয়ে অংশ ল'বলগীয়া এইবাৰৰ গুণোৎসৱত ১৮০৯৮ গৰাকী বহিঃমূল্যায়নকাৰী নিয়োজিত কৰা হ'ব। অহা ৩ জানুৱাৰীত বিদ্যালয়ৰ আভ্যন্তৰীণ মূল্যায়ন আৰু অহা ৪ জানুৱাৰীৰ পৰা ৬ জানুবাৰীলৈ বহিঃমূল্যায়ন হ'বলগীয়া জিলাকেইখন হৈছে বৰপেটা, বজালী, হোজাই, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা আৰু ওদালগুৰি। 
 
অহা ৯ জানুবাৰীত আভ্যন্তৰীণ আৰু অহা ১০ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ বহিঃমূল্যায়ন হ'বলগীয়া জিলাকেইখন হৈছে বাক্সা, বিশ্বনাথ, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ (মেট'), শোণিতপুৰ, তিনিচুকীয়া আৰু তামুলপুৰ। আনহাতে অহা ৫ ফেব্রুৱাৰীত আভ্যন্তৰীণ আৰু অহা ৬ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্রুৱাৰীলৈ বহিঃমূল্যায়ন হ'বলগীয়া জিলাকেইখন হৈছে বঙাইগাঁও, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাচাও, মাজুলী আৰু পশ্চিম কাৰ্বি আংলং। 
 
শিক্ষামন্ত্রী ৰণোজ পেগু তথা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২০১৭ চনত গুণোৎসৱে সামৰি লোৱা বিদ্যালয় আছিল ৪৮,৮৬৮ খন। কিন্তু এইবাৰ সেই সংখ্যা ৪৩,৪৯৮ খনলৈ হ্রাস পাইছে। অর্থাৎ পূর্বৰ তুলনাত হ্রাস পোৱা বিদ্যালয়ৰ সংখ্যা ৫,৩৭০ খন। মনকৰিবলগীয়া যে এইবাৰৰ গুণোৎসৱত চাহ বাগান, আৱাসিক বিদ্যালয় আদিও সামৰি লোৱাৰ ফলতহে বিদ্যালয়ৰ সংখ্যা ৪৩,৪৯৮ খন হৈছে। 
 
উল্লেখ্য যে, ২০১৭ চনত গুণোৎসৱৰ মূল্যায়নত ৬,০৩৭ খন বিদ্যালয়ে এ প্লাছ, ১২,৯২৭ খন বিদ্যালয়ে 'এ' গ্রেড, ১৩,৬৩৬ খন বিদ্যালয়ে 'বি' গ্রেড, ৯.১৬৩ খন বিদ্যালয়ে 'চি' গ্রেড আৰু ৭.১০৫ খন বিদ্যালয়ে 'ডি' গ্রেড পোৱাৰ বিপৰীতে যোৱা বর্ষৰ গুণোৎসৱত ১২,০৪৭ খন বিদ্যালয়ে 'এ প্লাছ', ১৯,০৮৫ খন বিদ্যালয়ে 'এ' গ্রেড, ৭,৬৭৩ খন বিদ্যালয়ে 'বি' গ্রেড, ১,৯৪৮ খন বিদ্যালয়ে 'চি' গ্রেড আৰু ৭৫৪ খন বিদ্যালয়ে 'ডি' গ্রেড পোৱা বুলি কোৱা হৈছে। 
 
গুণোৎসৱৰ মূল্যায়নৰ ভিত্তিত ৰাজ্যৰ বিদ্যালয়সমূহত ৯,৬০৬ টা অতিৰিক্ত শ্রেণীকোঠা, ৭৬৬ টা শৌচাগাৰ, ৩৪.৫৩৪ খন বিদ্যালয়ত বৈদ্যুতিকীকৰণ আক ৭.৭৯৩ খন বিদ্যালয়ত আঁৰবেৰ নির্মাণৰ কাম চলি আছে।