ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হব ২০২৪ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
২০২৪ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ'ব। অসম মাধ্যমিক শিক্ষা পৰিষদৰ (ছেবা) সচিবে ৰাজ্যৰ বিদ্যালয় পৰিদৰ্শকসকললৈ এই সম্পর্কত এক জাননী প্ৰেৰণ কৰিছে। 
 
পৰীক্ষাত মুঠ নম্বৰৰ ৫০% বস্তুনিষ্ঠ প্রশ্ন থাকিব। বস্তুনিষ্ঠ প্ৰশ্নসমূহ হ'ব ১ নম্বৰৰ। ১ নম্বৰৰ বস্তুনিষ্ঠ প্রশ্নৰ উত্তৰৰ বাবে অ' এম আৰ শ্বীট ব্যৱহাৰ কৰা হ'ব। ইংৰাজী, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান : এই চাৰিটা মূল বিষয়ৰ বাবেহে বস্তুনিষ্ঠ প্রশ্ন থাকিব বুলি ছেবাৰ জাননীখনত উল্লেখ কৰা হৈছে।  
 
এজন পৰীক্ষাৰ্থীৰ বিপৰীতে এখন অ’ এম আৰ শ্বীট থাকিব। আনহাতে, বাকী ৰৈ যোৱা ৫০% নম্বৰৰ বাবে ১৬ পৃষ্ঠাৰ সুকীয়া উত্তৰ বহী পূৰ্বৰ দৰেই যোগান ধৰা হ'ব ।
 
২০২৩ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ পৰীক্ষাৰ্থীসকলৰ বাদে যিসকলে প্ৰথম, দ্বিতীয় গোট পৰীক্ষা, ছয়মাহিলি পৰীক্ষা আৰু পৰিষদে অনুষ্ঠিত কৰা পৰীক্ষাত অৱতীৰ্ণ হৈছে তেনে পৰীক্ষাৰ্থীয়েহে ২০২৪ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। 
 
আনহাতে, ২০২৩ চনৰ পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ পাছত যিসকল শিক্ষার্থীয়ে দশম শ্ৰেণীত পুনৰ নামভৰ্তি কৰিছে অথচ প্রথম গোট পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰা নাই তেওঁলোকে নিয়মমীয়াভাৱে পাঠদানত অংশ ল'ব লাগিব। দ্বিতীয় গোট পৰীক্ষা, ছয়মাহিলি পৰীক্ষা আৰু পৰিষদে আয়োজন কৰা পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। তেতিয়াহে ২০২৩ চনত অনুত্তীৰ্ণ হৈ দশম শ্ৰেণীত পুনৰ নামভর্তি কৰা তেনে ছাত্ৰ-ছাত্ৰীয়ে ২০২৪ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিব পাৰিব। 
 
ছেবাই জাননীখনত লগতে উল্লেখ কৰিছে যে ছেবাই ছিল্ড কৰি পঠিওৱা কার্টুন বা অন্য গোপনীয় নথি-পত্ৰ, সামগ্ৰী আৰক্ষী থানা বা আৰক্ষী আউট পোষ্টৰ ষ্টং ৰূমত অথবা ছেবাই সামগ্ৰীখিনি নিৰ্দিষ্ট ঠাইলৈ পঠিওৱাওঁতে ৰাষ্টাত খুলিব নোৱাৰিব। এইবিলাক মাত্ৰ পৰীক্ষা কেন্দ্ৰৰ নিৰ্দিষ্ট কৰি দিয়া ঠাইতহে খুলিব পাৰিব। প্ৰশ্নকাকতৰ পেকেট মাত্ৰ পৰীক্ষা কেন্দ্ৰৰ কোঠালীতহে খুলিব পাৰিব বুলি জাননীখনত স্পষ্ট কৰি দিছে ছেবাৰ সচিবে ।