কিতাপ পঢ়াৰ আন্দোলন গঢ়ো আহক

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
অসম গ্ৰন্থমেলাৰ এখন বিপণীত স্কুলীয়া ছাত্ৰ-ছাত্ৰী
অসম গ্ৰন্থমেলাৰ এখন বিপণীত স্কুলীয়া ছাত্ৰ-ছাত্ৰী
 অঞ্জু শাণ্ডিল্য 

শৰৎকালৰ পৰাই অসমত গ্ৰন্থমেলাৰ বতৰ আৰম্ভ হয়। অসমৰ প্ৰান্তে প্রান্তে উন্মোচিত হয় ভিন্ন স্বাদৰ কিতাপ। ন ন প্রকাশন প্ৰতিষ্ঠানৰ লগতে এচাম নতুন লেখকৰো সৃষ্টি হৈছে। এই কথাই প্ৰমাণ কৰে অসমত গ্ৰন্থৰ আদৰ বাঢ়িছে, কিন্তু বহু লোক অধ্যয়ন বিমুখ হৈ পৰা বাবে প্ৰকাশক আৰু লেখক দুয়োপক্ষৰে ক্ষতি হৈছে। অর্থাৎ আশা কৰামতে গ্রন্থ উদ্যোগ ঠন ধৰি উঠিব পৰা নাই। 

গ্রন্থমেলাসমূহে নৱপ্ৰজন্মক অধ্যয়নৰ প্ৰতি আকৰ্ষিত কৰিব পৰাকৈ গ্ৰন্থমেলা প্ৰাংগণত অনুষ্ঠান আদি অনুষ্ঠিত কৰিব পাৰে। অসমৰ দুখন বৃহৎ গ্রন্থমেলা গুৱাহাটীতে অনুষ্ঠিত হৈছিল। এখন 'অসম প্ৰকাশন পৰিষদ'ৰ 'গুৱাহাটী গ্ৰন্থমেলা' আৰু আনখন 'সদৌ অসম পুথি প্ৰকাশ আৰু বিক্রেতা সংস্থা'ৰ 'উত্তৰ-পূব গ্রন্থমেলা'। ২০২১ বৰ্ষৰ পৰা দুয়োখন গ্ৰন্থমেলা একত্র 'অসম গ্ৰন্থমেলা'ৰূপে অনুষ্ঠিত হৈ আহিছে। 
পূৰ্বতে 'উত্তৰ-পূব গ্রন্থমেলা' প্রতি বছৰে নৱেম্বৰ মাহত আৰু 'গুৱাহাটী গ্ৰন্থমেলা' ডিচেম্বৰ মাহৰ শেষৰ সপ্তাহত আৰম্ভ হৈছিল আৰু এতিয়া দুয়োখন একেলগে ২৯ ডিচেম্বৰৰ পৰা 'অসম গ্রন্থমেলা' অনুষ্ঠিত হৈছে। অসমৰ ৰাইজে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰে এইখন সন্থমেলাৰ বাবে।
বিশ্ব ইতিহাসত গ্রন্থমেলাৰ সংস্কৃতি বহু পুৰণি। ১৪৬২ খ্রীষ্টাব্দত জার্মানীৰ ফ্ৰেংকফুৰ্টত প্ৰথমখন গ্রন্থমেলা অনুষ্ঠিত হৈছিল। বহুতে এইখন গ্রন্থমেলাক গ্রন্থ প্রদর্শনী বুলিহে ক'ব খোজে। ১৪৩৬ চনত জোহান্স গুটেনবার্গে ছপা আখৰ সৃষ্টি কৰাৰ পাচত ১৪৫০ চনত ছপা যন্ত্র আৱিষ্কাৰ কৰে আৰু বিশ্বৰ প্ৰথমখন গ্ৰন্থমেলা (ফ্রোংকফুর্ট গ্রন্থমেলা) অনুষ্ঠিত হয়।
 

অসম গ্ৰন্থমেলাৰ এখন বিপণীত কিতাপ
 
১৪৬২ খ্রীষ্টাব্দত আৰম্ভ হোৱা এইখন গ্ৰন্থমেলা পাচলৈ প্ৰতি বছৰে অক্টোবৰ মাহত বিশ্ব গ্ৰন্থমেলাৰূপে অনুষ্ঠিত হয়। এইখন বিশ্বৰ বৃহৎ গ্রন্থমেলা, দ্বিতীয়খন 'লণ্ডন গ্রন্থমেলা' আৰু আমাৰ বাবে গৌৰৱৰ বিষয় কলকাতাৰ গ্ৰন্থমেলাখন বিশ্বৰ ভিতৰতে তৃতীয় বৃহৎ গ্রন্থমেলা। অথচ আমাৰ দেশৰ ১৯৭২ চনত ১৮ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈ নতুন দিল্লীৰ প্রগতি ময়দানতহে প্ৰথম গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল। সেই হিচাপত জার্মান, ব্ৰিটেইনতকৈ বহু পলমকৈ ভাৰতত গ্ৰন্থমেলাৰ সংস্কৃতি গঢ় লৈ উঠিছিল আৰু অসমত ১৯৮৪ চনত 'অসম প্ৰকাশন পৰিষদ' আৰু 'নেচনেল বুক ট্ৰাষ্ট'ৰ উদ্যোগত গুৱাহাটীত প্ৰথমখন গ্রন্থমেলা অনুষ্ঠিত হয়। 
 

কলেজীয়া ছাত্ৰীবোৰে গ্ৰন্থমেলাত কিতাপ বিচাৰি আছে
 
খ্ৰীষ্টপূৰ্ব তিনি হেজাৰ বছৰ আগতেই চুমেৰীয় সভ্যতাৰ মাটিৰ লাডুসদৃশ লেখাৰ সা-সঁজুলিকেই পৃথিৱীৰ প্ৰথম কিতাপ বুলি ধৰা হয়। তেতিয়াৰ পৰা আজিৰ ৰংচঙীয়া বেটুপাতৰ কিতাপলৈ কিমান পৰিবৰ্তন হ'ল! গুটেনবার্গৰ ছপা আখৰাতকৈও আগতেই খ্রীষ্টপূর্ব ৪০০ বছৰ আগতেই ইজিপ্তত Papyrus নামৰ কাগজৰ উদ্ভাৱন হৈছিল। পাচলৈ অষ্টম শতিকাত চীন দেশৰ কাগজেতে জনপ্রিয়তা লাভ কৰে। 
একাদশ শতিকাত ইউৰোপত আচল কাগজৰ প্ৰচলন হয়। এই কাগজ আৰু ছপা আখৰৰ মহামিলনত সৃষ্টি হয় কিতাপ। আমাৰ অসমতো গ্রন্থৰ এক গৌৰৱময় ইতিহাস আছে। শিলালিপি, সাঁচিপাতৰ পুথিৰ পৰা আজিৰ তথ্য-প্ৰযুক্তি যুগৰ গ্ৰন্থলৈ এক বর্ণিল পৰিক্ৰমা। অতীজৰে পৰা দেখা যায়, গ্রন্থক মানুহে কিমান আদৰ কৰে! আধুনিক যুগত যি গ্ৰন্থৰ প্ৰকাশ হৈছে, তাৰ আগতেই পৌৰাণিক গ্ৰন্থই মানুহৰ হৃদয়ত ঠাই লৈছিল। নামঘৰত  কীৰ্তন, ভাগৱত, নামঘোষা, ৰামায়ণ, মহাভাৰত, পুৰাণ আদি, গির্জাত বাইবেল, মছজিদত কোৰান, গুৰুদ্বাৰত গুৰুগ্ৰন্থ চাহিব, বৌদ্ধমঠত ত্ৰিপিটক আদি আদৰ-ভক্তি ভাবত থোৱাৰ বাদেও ঘৰে ঘৰে মানুহে কিতাপ সংৰক্ষণ কৰি আহিছে।    
গ্রন্থমেলাবোৰত ইমান ভিৰ হোৱাৰ কাৰণ জানো মানুহৰ গ্রন্থপ্রেমেই নহয় জানো? তদুপৰি একেঠাইতে পাঠক সমাজে বহুধৰণৰ গ্ৰন্থ ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰে। গ্ৰন্থমেলাৰ দৰে এক পবিত্ৰ অনুষ্ঠান, য'ত প্ৰকাশক, পাঠক, লেখকৰ আৱেগ-ভৱিষ্যতৰ কথা জড়িত হৈ আছে। ১৯৮৪ চনৰ পৰা বৰ্তমানলৈকে এই চাৰি দশক অসমত গ্রন্থমেলা প্রায় একেধৰণেৰে অনুষ্ঠিত হৈ আহিছে। পূৰ্বতকৈ অৱশ্যে গ্রন্থমেলাৰ আয়োজন লাহে লাহে আড়ম্বৰপূৰ্ণ হৈ আহিছে। গ্রন্থমেলাই পঢ়ুৱৈৰ সৃষ্টি কৰাত বিশেষ পদক্ষেপ ল'লে, ৰাজ্যখনৰ বাবেই মংগল। 
 
গ্ৰন্থমেলাৰ বন্তি প্ৰজ্জ্বলন অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকল
 
গ্ৰন্থমেলাৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে অসমত অসংখ্য গ্ৰন্থ ছপা হৈ ওলায়। এয়া অসমীয়া ভাষা-সাহিত্যৰ বাবে আশাৰ বতৰা; কিন্তু প্রকাশিত গ্ৰন্থৰ তুলনাত পাঠকৰ সংখ্যা কম। পঢ়ুৱৈ তথা পাঠকৰ সংখ্যা বৃদ্ধি হ'লেহে 'কিতাপ পঢ়ো আহক' আন্দোলন সফল হ'ব। যোৱা কেইবাবছৰো উত্তৰ-পূব গ্ৰন্থমেলা'ৰ মূল লক্ষ্য আছিল 'কিতাপ পঢ়ো আহক' আন্দোলন সফল কৰি তোলাৰ। এই দুবছৰে যেতিয়া "অসম গ্ৰন্থমেলাৰ ৰূপত দুয়োখন গ্রন্থমেলাই আত্মপ্রকাশ কৰিছে, এতিয়াও 'কিতাপ পঢ়ো আহক' আন্দোলনটো সফল কৰি তোলক। 

'অসম গ্রন্থমেলা'ই নৱ প্রজন্মক অধ্যয়নৰ প্ৰতি আকৰ্ষিত কৰাকৈ আঁচনি গ্রহণ কৰক। ইতিমধ্যে 'অসম গ্রন্থমেলা'ই ২৯ ডিচেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া আটাইকেইদিনৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰিছে। তথাপি পঢ়ুৱৈ সৃষ্টিৰ বাবে নতুন কাৰ্যসূচী ল'ব পাৰে। নৱ প্ৰজন্মৰ ৰুচিৰ প্রতি লক্ষ্য ৰাখি লেখকে গ্রন্থ ৰচনা কৰিলেও উপকৃত হ'ব। নৱ প্ৰজন্মৰ মাজত বর্তমান মুখ্যমন্ত্ৰীজন অতি জনপ্রিয়। সেয়ে মামায়ো মৰমৰ ভাগিনসকলক গ্রন্থ অধ্যয়নৰ প্ৰতি আকৰ্ষিত কৰাকৈ পদক্ষেপ গ্রহণ কৰিব পাৰে। 
 

অসম গ্ৰন্থমেলাত মানুহৰ ভিৰ
 
তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰন্থ ৰচনা কৰাৰ লগতে গ্রন্থ অধ্যয়নো কৰে। মুখ্যমন্ত্ৰী হোৱাৰ আগতে শিক্ষা মন্ত্ৰীৰ দায়িত্বত থকা 'মামা'ই গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা কিমান সেয়া ভালদৰেই জানে আৰু এতিয়া মুখ্যমন্ত্ৰীৰূপে কৰো বুলিলে মামাই কি কৰিব নোৱাৰে? দেশৰ ভিতৰতে পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমক জিলিকাই তুলিবলৈ আন আন দিশৰ লগতে বৌদ্ধিক দিশতো অসম আগুৱাই যাব লাগিব।