সাহিত্যিক য়েছে দৰজে ঠংচিক 'ৰাষ্ট্ৰীয় বঁটা' প্ৰদান

Story by  atv | Posted by  Munni Begum • 1 Years ago
য়েছে দৰজে ঠংচিক
য়েছে দৰজে ঠংচিক
গুৱাহাটী
 
জীৱনৰাম মুংগী দেৱী গোৱেংকা ৰাজহুৱা দাতব্য ন্যাসে দেওবাৰে প্ৰথিতযশা সাহিত্যিক য়েছে দৰজে ঠংচিক 'ৰাষ্ট্ৰীয় বঁটা' প্ৰদান কৰিছো । অসমীয়া সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ন্যাসে ‘মৌন ওঁঠ মুখৰ হৃদয়ৰ স্ৰষ্টাগৰাকীক এই সন্মান প্ৰদান কৰিছে। চলিত বৰ্ষৰ বাবে আগবঢ়োৱা জীৱনৰাম মুংগী দেৱী গোৱেংকা সোঁৱৰণী ৰাষ্ট্ৰীয় বঁটাত আছে গামোচা,স্মাৰক, মানপত্ৰ আৰু ২ লাখ টকা।
 
গুৱাহাটীৰ মাছখোৱাস্থিত প্রাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত বঁটা গ্ৰহণ কৰি প্ৰসিদ্ধ সাহিত্যিক ঠংচিয়ে ন্যাসৰ প্ৰতিগৰাকী বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰি কয়, "সূর্য-চন্দ্র-পৃথিৱী যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে অসমীয়া ভাষা জীয়াই থাকিব। অসমীয়া ভাষা-সাহিত্যৰ কেতিয়াও মৰণ নাই। অসমীয়া জাতি, অসমীয়া ভাষা অমৰ। এই জাতি, এই ভাষা যুগে যুগে জীয়াই থাকিব।" 
ইফালে এই অনুষ্ঠানতে জীৱনৰাম মুংগী দেৱী গোৱেংকা ৰাজহুৱা দাতব্য ন্যাসে সাংস্কৃতিক ক্ষেত্ৰৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ জীৱনজোৰা সাধনা বঁটা আগবঢ়ায়। বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱা, খ্যাতিমান শব্দযন্ত্রী যতীন শৰ্মা আৰু যশস্বী নৃত্য পৰিচালক কমল নাথক এইবাৰ ন্যাসে জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে গামোচা, মানপত্র, স্মাৰক আৰু ৫০ হেজাৰকৈ টকা। 
তদুপৰি অসমীয়া চলচ্চিত্র ক্ষেত্রলৈ আগবঢ়োৱা অৱদানৰ বাবে ন্যাসে অনুষ্ঠানতে জুবিন গার্গ, যতীন বৰা, গৰিমা শ‍ইকীয়া গার্গ, নৱনীতা বৰা, আইমী বৰুৱা আৰু কৃপাল কলিতাক বিশেষ সম্বর্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত ন্যাসৰ বছৰেকীয়া স্মাৰক বক্তৃতা প্ৰদান কৰে বিশিষ্ট চলচ্চিত্র পৰিচালক জাহ্নু বৰুৱাই। 
 
ইফালে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উচ্চতম ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ ড° মুকুন্দকাম শৰ্মা আৰু বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ছিপাঝাৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে ভাষণ দিয়ে। ইফালে বঁটা প্ৰদান আৰু স্মাৰক বক্তৃতাৰ শেষত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কবি সন্মিলন অনুষ্ঠিত হয় । দেশৰ ভিন্ন ভাষাৰ কেইবাগৰাকীও কবিয়ে সন্মিলনত অংশ লৈ স্বৰচিত কবিতা পাঠ কৰে।  


শেহতীয়া খবৰ