নলবাৰীত কাগজত অংকণ কৰি উলিয়ালে ১০০০খন জাতীয় পতাকা

Story by  atv | Posted by  [email protected] • 1 Years ago
পতাকা প্ৰস্তুত কৰি থকা ছাত্ৰ-ছাত্ৰীসকল
পতাকা প্ৰস্তুত কৰি থকা ছাত্ৰ-ছাত্ৰীসকল
আৰিফুল ইছলাম / গুৱাহাটী
 
দেশৰ ৭৫ বছৰীয়া স্বাধীনতা দিৱসটো এইবেলি বিশেষ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে লৈছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৭৫ সংখ্যক স্বাধীনতা দিৱস অমৃত মহোৎসৱ হিচাপে উদযাপন কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্রতি সঁহাৰি জনাই সমগ্ৰ ৰাজ্যৰ জিলাৰ মহিলা সংগঠন, সংস্থাই নিজ হাতে মেচিনত হাজাৰ হাজাৰ ত্ৰিৰংগা তৈয়াৰ কৰিছে। সমান্তৰাল ভাৱে নলবাৰীৰ শংকৰ-আজান পুথিভঁৰালৰ প্ৰতিষ্ঠাপক তথা উদীয়মান যুৱক আইনুল হকে (টুটু) নিজ খৰচতে প্রস্তুত কৰি উলিয়াইছে ১০০০খন ত্ৰিৰংগা পতাকা।
 
ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত আইনুলে ৰং- তুলিকা আৰু ৰঙীন পেঞ্চিলেৰে বগা কাগজত পতাকা সমূহ অংকণ কৰি উলিয়াইছে। লগতে পতাকাসমূহ বাঁহৰে সজা সৰু সৰু লাঠীত ভৰাই বিতৰণৰ বাবে সাজু কৰি তুলিছে। দেশৰ স্বাভিমান ত্ৰিৰংগা পতাকা তৈয়াৰত আইনুলক পুথিভঁৰালটোৰ ছাত্র-ছাত্রীসকলে সহযোগিতা আগবঢ়াইছে। আইনুল হকৰ তত্বাৱধানত  পুথিভঁৰালটোৰ প্ৰায় সংখ্যক ছাত্র-ছাত্রীয়ে ইতিমধ্যে বগা কাগজত ৰঙীন পেঞ্চিল ব্যৱহাৰ কৰি ত্ৰিৰংগা প্ৰস্তুতত ব্যস্ত হৈ পৰিছে। 
 
আইনুল আৰু ছাত্র-ছাত্ৰীসকলে প্ৰস্তুত কৰি উলিওৱা পতাকাসমূহ
 
আৱাজ দ্যা ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শংকৰ-আজান পুথিভঁৰালটোৰ প্ৰতিষ্ঠাপক আইনুল হকে কয়; "আজাদী কা অমৃত মহোৎসৱৰ প্ৰতি সমৰ্থন জনাই তথা ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীক সহযোগিতা আগবঢ়াই মই ১০০০ খন জাতীয় পতাকা নিজেই অংকন কৰিছোঁ। লগতে মোৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত মই প্ৰায় ৪০০ খন পতাকা অংকন কৰিছোঁ। এই পতাকা সমূহ মই ৰাইজৰ মাজত ১৪ আগষ্টত ৰাইজৰ মাজত বিতৰণ কৰিম। আশা কৰিছোঁ এই পদক্ষেপৰ জৰিয়তে সকলোৱে এই পতাকাৰ মহত্ব বুজি পাবলৈ সক্ষম হ'ব। ভৱিষ্যতলৈ মোৰ বিভিন্ন পৰিকল্পনা আছে।"
 

উল্লেখযোগ্য যে নলবাৰী জিলাৰ  মুগকুছি গাঁৱৰ বাবুল আলী আৰু মীনা বেগমৰ দ্বিতীয় পুত্ৰ আইনুলে টিউচন কৰি পোৱা পইচাৰে ‘শংকৰ-আজান' নামেৰে পুথিভঁৰালটো গঢ়ি তুলি গাঁৱত গ্ৰন্থ অধ্যয়নৰ এক পৰিৱেশ গঢ় দিছে। আইনুল হকে ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।
 
২০২১ চনৰ ১০ জানুৱাৰীত নিজৰ ঘৰৰ পদূলিত আইনুল হকে স্থাপন কৰিছিল শংকৰ-আজান নামৰ পুথিভঁৰালটো। গাঁৱৰ পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নত মনোনিবেশৰ ক্ষেত্ৰত এক পৰিৱেশ প্ৰদানৰ লক্ষ্যৰে পুথিভৰালটো মুকলি কৰা হৈছিল। আনহাতে, স্থানীয় শিক্ষার্থীসকলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে সপ্তাহটোৰ প্ৰতি দেওবাৰে ছবি অঁকা, সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰি আহিছে আইনুলে। লেখা-মেলাত যথেষ্ট আগ্ৰহ আৰু প্রতিভা থকা যুৱক আইনুলে নিজৰ সুন্দৰ হাতৰ আখৰেৰে ২০ খনকৈ কাব্য গ্রন্থ, প্রবন্ধ গ্রন্থ হাতে লিখি উলিয়াইছে। তদুপৰি তেওঁ ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ বাবে কেইবাখনো আলোচনী হাতে লিখি প্ৰকাশ কৰিছে।
 
পুথিভঁৰালটোৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে আইনুল হক
 
পুথিভঁৰালটোত আইনুলে স্থানীয় শতাধিক ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া টিউচনৰ মাধ্যমেৰে অধ্যয়ন কৰাৰ সুবিধা প্ৰদান কৰিছে। লগতে দেওবাৰৰ দিনটোত অৰ্ধশতাধিক ছাত্র-ছাত্রীয়ে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত অংশ লৈ আহিছে। আইনুল হকে জানিবলৈ দিয়া মতে ১৪ আগষ্টত আৰু ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰিব কেইবাশ পতাকা। সেইদিনাই পতাকাসমূহ বিনামূলীয়াকৈ বিতৰণ কৰা হ'ব বুলিও তেওঁ জনায়।