মাতৃভাষা-ভিত্তিক শিক্ষাৰ বাবে অসম এক আৰ্হি হ'ব: ধৰ্মেন্দ্ৰ প্ৰধান

Story by  atv | Posted by  Munni Begum • 2 Years ago
উত্তৰ-পূব শিক্ষা সন্মিলন ২০২১ ৰ উদ্বোধনী অনুষ্ঠান
উত্তৰ-পূব শিক্ষা সন্মিলন ২০২১ ৰ উদ্বোধনী অনুষ্ঠান
গুৱাহাটী
 
গুৱাহাটি চিকিৎসা মহবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত  উত্তৰ-পূব শিক্ষা সন্মিলন ২০২১ খন  শনিবাৰে উদ্বোধন কৰি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয়, " শিক্ষাৰ উন্নয়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব মুঠ জি ডি পিৰ ৬ শতাংশ। দেশত মুঠ ২৬০ নিযুত শিক্ষাৰ্থী আছে। ইয়াৰে ১.২৫ কোটি শিক্ষাৰ্থী উত্তৰ পূৰ্বাঞ্চলৰ। মাতৃভাষাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে নতুন শিক্ষা নীতিয়ে। মাতৃভাষাৰ সম্ভাৱনীয়তাক সোণালী সুযোগলৈ ৰূপান্তৰিত কৰিব এই নতুন শিক্ষা নীতিয়ে।"  
 
মন্ত্ৰী গৰাকীয়ে লগতে কয়, "অসম ৰাজ্যক এক অনন্য "জাতি, জনজাতি আৰু ভাষা-আধাৰিত শিক্ষা ব্যৱস্থা"ৰ বাবে "গৱেষণাগাৰ" হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। উত্তৰ-পূবৰ ৰাজ্যসমূহত ১৮০ টা আঞ্চলিক ভাষা আছে। আমি বিচাৰো যে অসম এখন জাতি, জনজাতি, ভাষা-আধাৰিত শিক্ষা ব্যৱস্থাৰ পৰীক্ষাগাৰ হওক। ভাৰত চৰকাৰে ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰতিটো সম্পদক প্ৰাথমিকতা দিব।"
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "যোৱা বছৰ গৃহীত হোৱা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সৰ্বশ্ৰেষ্ঠ অংশীদাৰ হৈছে শিক্ষাৰ্থীসকল। এন ই পিয়ে প্ৰাক-প্ৰাথমিকৰ পৰাই আকাংক্ষিত শিকাৰ দক্ষতা বিকাশ, একবিংশ শতিকাৰ জ্ঞান আৰু দক্ষতাৰে শিক্ষাৰ্থীসকলক সজ্জিত কৰা, আৰু আমাৰ যুৱসকলক বিশ্বব্যাপী নাগৰিক হোৱাৰ বাবে প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।  ইয়াৰ মুঠ ঘৰুৱা উৎপাদনৰ (জিডিপি) ছয় শতাংশ শিক্ষাৰ বাবে ব্যয় কৰা এইখন ভাৰতৰ একমাত্ৰ ৰাজ্য হ'ব পাৰে।"
উত্তৰ-পূব শিক্ষা সন্মিলন ২০২১ ৰ সন্দৰ্ভত প্ৰধানে কয়  ইয়াক হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ নেতৃত্বত অনুষ্ঠিত কৰা হৈছে আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ একাধিক বিষয়াই দুদিনীয়া আলোচনা পৰিচালনা কৰিব।
 
 
সন্মিলনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্রীয় ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, "এই সন্মিলনখনে ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ ৰূপায়ণৰ দিশত এক নতুন মাত্রা প্রদান কৰাৰ উপৰি ক্ষিপ্ৰ ৰূপায়ণৰ এক ৰূপৰেখাও প্ৰদান কৰিব। পৃথিৱীৰ বহু সভ্যতা কালৰ বুকুত বিলীন হৈ গৈছে যদিও ভাৰতীয় সনাতন সভ্যতাই যুগ যুগ ধৰি বিভিন্ন উপাদানেৰে সমৃদ্ধ হৈ এক বোঁৱতী নদীৰ দৰে চিৰ প্ৰৱাহিত হৈ আছে। কিয়নো এই সভ্যতা জ্ঞান আৰু প্ৰজ্ঞাৰ ভেটিৰ ওপৰত আধাৰিত। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি আমাৰ এই সভ্যতাৰ শৈক্ষিক ভেটিৰ ওপৰত প্রতিষ্ঠিত মূল বিষয়সমূহৰ সৈতে নতুন নতুন বৈজ্ঞানিক চিন্ত-চৰ্চা সন্নিবিষ্টকৰণেৰে যুগৰ লগত খাপ খোৱাকৈ প্ৰস্তুত কৰা হৈছে। নতুন প্ৰজন্মই নিজৰ ইচ্ছা অনুসৰি তথা নিজৰ উদ্ভাৱনী শক্তিৰ জৰিয়তে নিজ নিজ কেৰিয়াৰত আগবাঢ়ি যোৱাৰ দিশত এই শিক্ষা নীতিয়ে বিশেষভাৱে উদ্‌গণি যোগাব। ইয়াৰ জৰিয়তে ভাৰতবৰ্ষই আকৌ এবাৰ বিশ্বৰ বুকুত উজলি উঠিবলৈ সক্ষম হ'ব।"
 
ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ডঃ ননীগোপাল মহন্তই আদৰণী ভাষণ প্রদান কৰা এই সন্মিলনত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰধান সচিব ডঃ বি কল্যাণ চক্ৰৱৰ্তী,  শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, উত্তৰ প্ৰদেশৰ মিৰাটস্থিত চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক নৰেন্দ্ৰ কুমাৰ তানেজা, বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ অধ্যাপক ডি পি সিং, মন্ত্ৰী  ইউ জি ব্ৰহ্ম, সঞ্জয় কিষাণ, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ শিক্ষা মন্ত্ৰীসকল, শংকৰদেৱ শিক্ষা আৰু গৱেষণা সংস্থাৰ অধ্যক্ষ অধ্যাপক ৰমানন্দ দাস, সচিব অধ্যাপক অম্লানদ্বীপ দাস, বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ অধ্যক্ষ, অংশীদাৰী শৈক্ষিক প্রতিষ্ঠানসমূহৰ মূৰব্বী, শিক্ষাবিদ আদিকে ধৰি গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।