২৯ নৱেম্বৰত মেট্ৰিকত ৭৫% নম্বৰ পোৱা ২৭,১৮৩ শিক্ষাৰ্থীক দিব আনন্দৰাম বৰুৱা বঁটা

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
গুৱাহাটী
 
অসম চৰকাৰে অহা ২৯ নৱেম্বৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰা শিক্ষাৰ্থীক প্রদান কৰিব আনন্দৰাম বৰুৱা বঁটা। আজি জনতা ভৱনৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়। 
 
 
এখন সংবাদমেলত কেবিনেটত গ্রহণ কৰা সিদ্ধান্তৰ কথা উল্লেখ কৰি জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে অহা ২৯ নৱেম্বৰত ৰাজ্যৰ প্ৰতিখন জিলা সদৰত ৭৫ শতাংশ নম্বৰ লাভেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ ২৭,১৮৩ গৰাকী ছাত্ৰ-ছাত্ৰীক ১৫ হেজাৰ টকাকৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হ'ব। প্ৰতিগৰাকী ছাত্র-ছাত্রীয়ে ডি বি টিযোগে এই ধন লাভ কৰিব যদিও অসম চৰকাৰৰ মন্ত্ৰীসকলে এই লৈ জিলা সদৰত সভা অনুষ্ঠিত কৰি বঁটা প্ৰদানৰ কথা ঘোষণা কৰিব। 
 
তদুপৰি অহা ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৭৫ শতাংশ নম্বৰপ্ৰাপ্ত ছাত্র আৰু ৬০ শতাংশ নম্বৰপ্ৰাপ্ত ছাত্ৰীক প্রজ্ঞান ভাৰতী আঁচনিৰ অধীনত বাণীকান্ত কাকতি মেধা বঁটা প্রদান কৰা হ'ব। এই বঁটা অনুসৰি প্ৰতিখন জিলা সদৰত মুঠ ৩৫,৭৭৬ গৰাকী ছাত্র-ছাত্রীক স্কুটি প্রদান কৰা হ'ব। 
 
মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই লগতে কয় যে অহা ৩ নৱেম্বৰত দুদিনীয়া ভ্রমণসূচী লৈ অসমলৈ আহিব ভূটানৰ ৰজা। ৰজাৰ ভ্ৰমণৰ প্ৰাকমুহূৰ্তত আজিৰ কেবিনেটে শুভেচ্ছামূলক বার্তা হিচাপে ভূটানৰ ৰাজকীয় চৰকাৰৰ বাবে এম বি বি এছ পাঠ্যক্ৰমত তিনিখন আৰু বি ডি এছ পাঠ্যক্ৰমত দুখনসহ মুঠ পাঁচখন আসন সংৰক্ষণৰ সিদ্ধান্ত গ্রহণ কৰে। 
 
এম বি বি এছ পাঠ্যক্ৰমত দুখন আসন নলবাৰী মেডিকেল কলেজত আৰু এখন আসন বৰপেটা মেডিকেল কলেজত সংৰক্ষণ থাকিব। আজিৰ কেবিনেটে জলজীৱন মিছনৰ অধীনত ৰাজহুৱা পানী যোগান আঁচনিত খনিজ পদাৰ্থ ব্যৱহাৰৰ ক্ষেত্ৰত মুঠ প্রকল্প ব্যয়ৰ ০.৬ শতাংশ হাৰত বন ৰাজহ কৰ্তনৰ সিদ্ধান্ত গ্রহণ কৰে। লগতে অসম ব্যক্তিগত সুৰক্ষা সংস্থা বিধি ২০০৮ সংশোধন কৰি অসম ব্যক্তিগত সুৰক্ষা সংস্থাৰ বিধি ২০২৩-ত কেবিনেটে অনুমোদন জনায়।