ৰচনা হ'ল ইতিহাস : হেমকোষৰ ব্ৰেইল সংস্কৰণ উন্মোচন

Story by  atv | Posted by  [email protected] • 2 Years ago
হেমকোষৰ ব্ৰেইল সংস্কৰণ উন্মোচন
হেমকোষৰ ব্ৰেইল সংস্কৰণ উন্মোচন
গুৱাহাটী

অভিলেখ গঢ়ি উন্মোচিত হ'ল দক্ষিণ-পূব এছিয়াৰ প্ৰথমখন পূৰ্ণাংগ ব্ৰেইল লিপিৰ অভিধান। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ অমৰ সৃষ্টি 'হেমকোষ'ৰ ব্ৰেইল সংস্কৰণ উন্মোচনৰ জৰিয়তে ৰচিত হ'ল ইতিহাস। বিদ্যা আহৰণ, জ্ঞান অৰ্জনৰ ক্ষেত্ৰত দৃষ্টিহীনসকলক আৰু এখোজ আগুৱাই নিবলৈ প্ৰকাশ কৰি উলিওৱা 'হেমকোষ'ৰ ব্ৰেইল লিপিৰ সংস্কৰণটো শুকুৰবাৰে উন্মোচন কৰা হয় গুৱাহাটীৰ বিবেকানন্দ কেন্দ্রত। 
 
অসমৰ সমাজ জীৱনৰ ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি, সাহিত্যিক, সাংবাদিক, শিল্পী, চিকিৎসক, আইনজীৱী, শিক্ষাবিদৰ উপস্থিতিত'হেমকোষৰ ব্ৰেইল সংস্কৱণ আনুষ্ঠানিকভাৱে উন্মোচন কৰিছে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে। দিল্লী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক, বিশিষ্ট গৱেষক-পণ্ডিত ভাৰতেন্দু পাণ্ডেৰ  উপস্থিতিত উন্মোচিত হয় হেমকোষৰ দ্বিভাষিক ব্রেইল সংস্কৰণৰ স্বৰবৰ্ণৰ খণ্ডটো।ইয়াৰ লগে লগে কেৱল ভাৰততে নহয়, সমগ্র দক্ষিণ-পূব এছিয়াৰে একমাত্র পূর্ণাংগ ব্ৰেইল অভিধানৰূপে স্বীকৃত হ'ল হেমকোষ। 
 
লক্ষণীয়ভাৱে ভাৰতকে ধৰি দক্ষিণ-পূব এছিয়াৰ ভিন্ন ভাষাত ইতিমধ্যে কেতবোৰ ব্ৰেইল অভিধান প্ৰকাশ পাইছে। কিন্তু সেই আটাইবোৰ আংশিক নাইবা খণ্ড খণ্ডৰূপেহে প্রকাশিত হৈছে।  সাদিন-প্রতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্রতিদিন' গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত ব্ৰেইল অভিধানখন উন্মোচন কৰি ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে সাদিন-প্রতিদিন গোষ্ঠীৰ এই প্ৰচেষ্টাৰ বাবে প্রশংসা কৰে। 
 
তেওঁ ভাষণ প্ৰসংগত কয় যে সাদিন-প্রতিদিন গোষ্ঠীৰ এই প্রচেষ্টা প্রশংসনীয় নহয়, অভূতপূর্ব। আজিৰ দিনটো অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ দিন কিয়নো আজি সাদিন-প্রতিদিন গোষ্ঠীয়ে অসমীয়া ভাষাক এক নতুন দিক নির্দেশনা দিলে। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ব্ৰেইল অভিধান উন্মোচন হ'ল। মই এই কামৰ বাবে সাদিন-প্রতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা আৰু তেওঁৰ সমগ্ৰ টীমক বহুত বহুত শুভেচ্ছা আপন কৰিলো। 
 
ব্ৰেইল লিপিৰ ইতিহাস সন্দৰ্ভত মন্তব্য কৰি ৰাজ্যপালগৰাকীয়ে পুনৰ কয়,"আমি ভালদৰে জানো যে দৃষ্টিহীনসকলৰ লিখা-পঢ়াৰ একমাত্ৰ উপায় হৈছে ব্রেইল লিপি। লুইচ ব্রেইলে ১৮২১ চনত ব্ৰেইল লিপিৰ প্ৰৱৰ্তন কৰিছিল। কোৱা হয় যে একাংশ মানুহে কিবা এটা কৰিম বুলি ভাবিলে, তাক সকলো প্রত্যাহ্বান নেওচি সম্পন্ন কৰিবলৈ চেষ্টা কৰে। লুইচে এক দুৰ্ঘটনাত নিজৰ দৃষ্টিশক্তি হেৰুওৱাৰ পিচত নিজৰ অদম্য অধ্যৱসায়, নিৰৱিচ্ছিন্ন সাধনাৰে ব্ৰেইল লিপিৰ আবিষ্কাৰ কৰিছিল। বিশ্বত চকুৰে নেদেখা লাখ লাখ এনে লোক আছে, যিসকলে ৱেইলৰ জৰিয়তে পঢ়া-শুনা কৰে। সাদিন-প্রতিদিন গোষ্ঠীয়ে দৃষ্টিহীনসকলৰ বাবে নিজৰ প্ৰতিষ্ঠিত অভিধান 'হেমকোষ'ৰ ব্ৰেইল সংস্কৰণ প্ৰকাশ কৰিছে। এই কার্য প্রশংসনীয়ই নহয়, অভূতপূর্ব। মই বিশ্বাস কৰো যে ৰাজ্যৰ দৃষ্টিহীন লোকসকলৰ বাবে অসমীয়া ব্ৰেইল অভিধানখন নিশ্চিত ৰূপত লাভদায়ক হিচাপে বিবেচিত হ'ব।"
তেওঁ পুনৰ কয়, "মই জানিব পাৰিছো যে জয়ন্ত বৰুৱাৰ পিতামহ হেমচন্দ্ৰ বৰুৱাই ১৯১৯ চনতে 'হেমকোষ' প্রকাশ কৰিছিল। তেওঁ হেমকোষৰ জৰিয়তে অসমীয়া ভাষাক এক নতুন পৰিচয় দিবলৈ সক্ষম হৈছে। ইয়াৰ জৰিয়তে তেওঁ এক নতুন দিশ প্ৰদান কৰিছে। মোক কোৱা হৈছে যে হেমকোষ নৱতম সংস্কৰণৰ কাম জয়ন্ত বৰুৱাৰ মাৰ্গদৰ্শনত শিক্ষাবিদৰ এটা দলে কৰি আছে। এই নতুন সংস্কৰণত ১২০০ ৰো অধিক পৃষ্ঠা আৰু এক লাখৰো অধিক শব্দ অন্তর্ভুক্ত হৈছে। অসমীয়া ভাষাৰ উত্থানত হেমকোষ মার্গদর্শক হিচাপে প্রতিপন্ন হৈ আহিছে। মোৰ বিশ্বাস যে সাদিন-প্রতিদিন গোষ্ঠীয়ে ভবিষ্যতেও প্রচেষ্টা অব্যাহত ৰাখিব। আজি আমাৰ সকলোৰে বাবে গৌৰৱৰ কথা হৈছে যে দেশত প্ৰথমবাৰৰ বাবে অসমীয়া ব্রেইল অভিধান প্রকাশ কৰি উলিয়াইছে। ইয়াৰ সম্পূর্ণ কৃতিত্ব সাদিন-প্রতিদিন গোষ্ঠালৈ যাব। মই এইটো জানিও সুখী হৈছো যে হেমকোষৰ ব্ৰেইল সংস্কৰণ ৰাজ্যৰ দৃষ্টিহীন শিশুসকলক বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। মই বিশ্বাস কৰো যে জ্ঞানৰ প্ৰসাৰৰ দিশত এয়া একধৰণৰ নতুন খোজৰূপে বিবেচিত হ'ব। সেয়ে সকলোকে মই আন্তৰিক অভিনন্দন  জ্ঞাপন কৰাৰ লগতে দিব্যাংগসকলৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলো।" 
 
প্রতিদিন টাইমৰ যুটীয়া সম্পাদক শোণিত কুমাৰ ভূঞাই আঁত ধৰা অনুষ্ঠান আদৰণী ভাষণ প্রদান কৰি জয়ন্ত বৰুৱাই ভাষণ প্ৰসংগত কয়, "আজিৰ এই পবিত্র ক্ষণত ইয়াত উপস্থিত সকলোকে মই প্ৰণিপাত জনাইছো। হেমকোষ প্রকাশন তথা সাদিন-প্রতিদিন গোষ্ঠীৰ তৰফৰ সকলোকে আদৰণি জনাইছো। আজি ১৬ ছেপ্টেম্বৰ, ৰাষ্ট্ৰীয় কেলেণ্ডাৰত এই দিনটো হৈছে বৰ্ষশ্রেষ্ঠ দিন। আনহাতে আমাৰ গোটেই জীৱনৰ বাবেও আহিব এই পবিত্র দিনটো সবাতোকৈ মহত্বপূৰ্ণ আৰু প্ৰেৰণাদায়ক দিন। কিয়নো দীর্ঘদিনীয়া এক সপোন পূৰাৰ পবিত্র ক্ষণত আজি ইয়াত থিয় হৈছো। আপোনালোক সকলোৱে জানে, মই ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ আজোনাতি আৰু হেমকোষ পৰিয়ালৰ সদস্য। আমাৰ পিতৃ হেমকোষপ্রাণ প্রয়াত দেৱানন্দ বৰুৱাই ওজা হেমচন্দ্ৰ বৰুৱাই জাতিৰ বাবে উচৰ্গা কৰি থৈ যোৱা ভাষাৰ দেউলখ্যাত হেমকোষৰ চতুর্থ সংস্কৰণৰ পৰা চতুৰ্দশ সংস্কৰণলৈ সম্পাদনা কৰিছিল। 
তেওঁ লগতে কয়, "পৰৱৰ্তী সময়ত হেমকোষ সম্পাদনাৰ সৈতে জড়িত একাংশৰ লগতে অসমৰ বহু শুভাকাংক্ষী, ভাষা-সাহিত্যৰ কাণ্ডাৰীয়ে অসমৰ ঘৰে ঘৰে থকা হেমকোষখন দৃষ্টিশক্তিৰ ক্ষেত্ৰত বাধাগ্রস্ত লোকসকলে অধ্যয়নৰ সুবিধা যে পোৱা নাই, সেই বিষয়ক লৈ আঙুলিয়াইছিল। তেওঁলোকৰ পৰা এইটো কথাও জানিব পাৰিছিলো যে অস্কফ'ৰ্ড ডিক্সনাৰীৰ বাহিৰে ভাৰতীয় কোনো ভাষাতে পূর্ণাংগ অভিধান এখন ব্রেইল পদ্ধতিত ছপা তথা প্ৰকাশ হোৱা নাই। দৃষ্টিশক্তিৰ ক্ষেত্ৰত ভাৰতস্থ অসমৰ শিক্ষাৰ্থীয়ে হেমকোষৰ অধ্যয়নৰ সুযোগ পোৱা নাই। এই অসুবিধাৰ বাবে তেওঁলোকৰ বাবে পাঠ্যপুথি প্ৰণয়নৰ ক্ষেত্ৰতো পর্যাপ্ত সুবিধা পোৱা নাই। গুণী জ্ঞানীজনৰ এই কথায়ে আমাৰ মনত বাৰুকৈয়ে ক্রিয়া কৰিছিল আৰু ব্ৰেইল পদ্ধতিত হেমকোষৰ সংস্কৰণ এটা প্ৰকাশৰ বাবে সকলোৱে কৈছিল। তাৰেই আধাৰত আমি অৱশেষত ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ ব্ৰেইল ছপাশালৰ কেইবাগৰাকীও বিশেষ ব্যক্তিৰ সহযোগত হেমকোষৰ চতুৰ্দশ ডট ব্রেইল' সংস্কৰণটো ছপা কৰি উলিওৱাত সফল হ'লো। এয়া আমাৰ জীৱনৰ সর্বশ্রেষ্ঠ এক কৃতি। মই আশা কৰিছো, এই অভিধানখনৰ মাধ্যমত অসমৰ দৃষ্টিশক্তিৰ ক্ষেত্ৰত বাধাগ্রস্ত যিসকল লোকে পুথি অধ্যয়নৰ ক্ষেত্ৰত নিজস্ব সক্ষমতা আৰু ভাষা-সাহিত্য সাধনাত প্রত্যক্ষ সুযোগ লাভ কৰা বহু পৰিমাণে বঞ্চিত হৈ হৈছে, সেইসকলৰ বাবে ই এক বহুমূলীয়া সম্পদত পৰিণত হ'ব।" 
 
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিজ্ঞান অধ্যাপক তথা মুক্তিশক্তিৰ পৰা বাধাগ্রস্ত আন এগৰাকী বিশিষ্ট গৱেষক কিশোৰমোহন ভট্টাচাৰ্যই ভাষণ প্রসংগত কয় যে হেমকোষৰ ব্ৰেইল সংস্কৰণ দক্ষিণ-পূব এছিয়াৰ ভিতৰতে একমাত্র পূর্ণাংগ ব্ৰেইল অভিযান। আজি যি মহান কাৰ্য উন্মোচিত হৈছে ই ভাৰতৰে নহয়, দক্ষিণ-পূর্ব এচিয়াৰ ভিতৰতে দৃষ্টিহীনসকলৰ বাবে প্ৰণয়ন কৰা প্ৰথমখন দ্বিভাষিক পূৰ্ণাংগ ব্ৰেই অভিধান। ৰাষ্ট্ৰীয় পৰ্যায়ৰ অল স্কুল অব্ ব্লাইণ্ড'ৰ সমীক্ষাৰ আঁত ধৰি তেওঁ কয় যে দ্বিভাষিক পূর্ণাংগ ব্ৰেইল অভিধান পূর্বে দক্ষিণ-পূব এছিয়াত উন্মোচন হোৱা নাই।  জয়ন্ত বৰুৱাৰ প্ৰচেষ্টাই দৃষ্টিহীনসকলক শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত পথ প্রশস্ত কৰিব। ১২২ বছৰ পূৰ্বে ৰচিত এখন অভিধানে আজি দক্ষিণ পূব এছিয়াৰ ভিতৰত পথ প্ৰদৰ্শক হোৱাটো অসমীয়া জাতিৰ বাবেই গৌৰৱৰ কথা।