USTM ৰ উপাচাৰ্য্য অধ্যাপক জিডি শৰ্মাক লাইফ টাইম ডিভোচন বঁটা প্ৰদান

Story by  atv | Posted by  [email protected] • 27 d ago
USTM ৰ উপাচাৰ্য্য অধ্যাপক জিডি শৰ্মাক লাইফ টাইম ডিভোচন বঁটা প্ৰদান
USTM ৰ উপাচাৰ্য্য অধ্যাপক জিডি শৰ্মাক লাইফ টাইম ডিভোচন বঁটা প্ৰদান
 
গুৱাহাটী
 
অণুজীৱবিজ্ঞানী সমিতি, ভাৰতে (এমবিএছআই) আজি ইউ এছ টি এমৰ উপাচাৰ্য্য অধ্যাপক জি. ডি. শৰ্মাক লাইফ টাইম ডিভোচন বঁটা প্ৰদান কৰে। আজি  এমবিএছআইৰ সহযোগত ইউএছটিএমৰ প্ৰয়োগিক জীৱবিজ্ঞান বিভাগে আয়োজন কৰে জৈৱ সম্পদ আৰু বহনযোগ্যতাৰ ওপৰত এখন ৰাষ্ট্ৰীয় সন্মিলন। 
 
 
এই দুদিনিয়া সন্মিলনৰ উদ্বোধনী অধিৱেশনত আজি ইউএছটিএমএমে ভাৰতৰ অণুজীৱবিজ্ঞানী সমিতিৰ সৈতে এক বুজাবুজি চুক্তিও স্বাক্ষৰ কৰিছে। সন্মিলনৰ উদ্বোধনী অধিৱেশনত দুখন গ্ৰন্থও মুকলি কৰা হয়। 
 
সন্মিলনখনৰ উদ্বোধনী অধিৱেশনত অংশগ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছে অধ্যাপক এ. এম. দেশমুখ, সভাপতি, অণুজীৱবিজ্ঞানী সমিতি, ভাৰত (এমবিএছআই); অধ্যাপক কালিমুথুছামী নটৰাজাসীনিবাসন, পৰিচালক, আইচিএমআৰ-আঞ্চলিক চিকিত্সা গৱেষণা কেন্দ্ৰ, ডিব্ৰুগড়; অধ্যাপক বিকাশ মেধি, ঔষধ বিজ্ঞান বিভাগ, পিজিআইএমইআৰ, চণ্ডীগড়; অধ্যাপক জি ডি শৰ্মা, উপাচাৰ্য ইউ. এছ. টি. এম, ডাঃ আৰ কে শৰ্মা, উপদেষ্টা ইউএছটিএম।
 
এই বঁটা গ্ৰহণ কৰি অধ্যাপক জি ডি শৰ্মাই কয়, এই সন্মানীয় বঁটা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অণুজীৱবিজ্ঞানৰ সেই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সম্ভৱ হৈছে যিসকলে এই ক্ষেত্ৰত অপৰিসীম অৱদান আগবঢ়াইছে। শিক্ষণ হৈছে এক নিৰন্তৰ প্ৰক্ৰিয়া, ভাৰতত অণুজীৱবিজ্ঞানৰ ক্ষেত্ৰ খনত যথেষ্ট সুযোগ আছে।
 
সমাৱেশত সম্বোধন কৰি, অধ্যাপক এ. এম. দেশমুখে কয়, যদিও মেঘালয়, নগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মিজোৰামক উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য বুলি কোৱা হয়, জৈৱ সম্পদ আৰু জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত এই অঞ্চল ভাৰতৰ কেন্দ্ৰবিন্দু কিয়নো ইয়াত জৈৱ বৈচিত্ৰ্যৰ যথেষ্ট পৰিমাণ দেখা যায়। 
 
তেওঁ কয় যে সুস্থিৰতা শীৰ্ষক সন্মিলনৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ, আৰু আমি চাব লাগিব যে আমাৰ উন্নয়ন বহনক্ষম নে আৰু আমাৰ সঁজুলিবোৰ পৰিৱেশ অনুকূল নে নহয়।