ৰাজ্যৰ ১৮ গৰাকী সাহিত্যিকলৈ সাহিত্য বঁটা; ১০ গৰাকীলৈ পেন্সন

Story by  atv | Posted by  [email protected] • 4 h ago
ৰাজ্যৰ ১৮ গৰাকী সাহিত্যিকলৈ সাহিত্য বঁটা; ১০ গৰাকীলৈ পেন্সন
ৰাজ্যৰ ১৮ গৰাকী সাহিত্যিকলৈ সাহিত্য বঁটা; ১০ গৰাকীলৈ পেন্সন
 
গুৱাহাটী
 
অসম চৰকাৰে ২০২৫-২৬ বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু সাহিত্য পেন্সন ঘোষণা কৰিছে। অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সচিব অশ্রুমণি মালাকৰ স্বাক্ষৰিত নির্দেশনা অনুসৰি এইবাৰ মুঠ ১৮ গৰাকী সাহিত্যিকে সাহিত্য বঁটা লাভ কৰাৰ বিপৰীতে ১০ গৰাকী সাহিত্যিকে সাহিত্য পেন্সন লাভ কৰিছে। শিক্ষা বিভাগৰ দায়িত্বত থকা মন্ত্রী ডাঃ ৰণোজ পেগুরে আজি এই কথা আনুষ্ঠানিকভাবে ঘোষণা কৰিছে।
 
সেই অনুসৰি ২০২৫-২৬ বৰ্ষৰ বাবে সাহিত্য বঁটা লাভ কৰা সাহিত্যিকসকল হৈছে ক্রমে- ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী (কামৰূপ মহানগৰ), ড° সূর্যকান্ত হাজৰিকা (কামৰূপ মহানগৰ), কিশোৰী মোহন দাস (বৰপেটা), পূর্ণ কুমাৰ শৰ্মা (বিশ্বনাথ), অর্পণা কোঁৱৰ (ডিব্ৰুগড়), আশুতোষ দাস (হাইলাকান্দি), ড° পূর্ণ ভট্টাচার্য (কামৰূপ মহানগৰ), সজল পাল (কামৰূপ মহানগৰ), উর্মিলা চক্রবর্তী (কামৰূপ মহানগৰ), ভরেশ চন্দ্র কোচ (কার্বি আংলং), সাবদা প্রসাদ মুছাহাবী (কোকৰাঝাৰ), গুৰমাইল সিং (নগাঁও), ফণী কৈৰী (শিৱসাগৰ), ড' যতীন বৰুৱা (শোণিতপুৰ), সুভ সুভাষ চন্দ্র সিন্‌হা (শ্রীভূমি), বৰুৱা কান্ত ব্রহ্ম (তামুলপুৰ), গিৰীশ সন্দিকৈ (তিনিচুকীয়া) আৰু সুবর্ণা শইকীয়া (গোলাঘাট)।
 
ইফালে সাহিত্য পেন্সন লাভ কৰিছে ক্রমে- গুঞ্জন কুমাৰ ফুকন (বিশ্বনাথ), দিলীপ চন্দন শৰ্মা (কামৰূপ মহানগৰ), শান্তনু কৌশিক বৰুৱা (কামৰূপ মহানগৰ), মিহিৰ দেউৰী (কামৰূপ মহানগৰ), ৰঞ্জিত হাজৰিকা (কামৰূপ মহানগৰ), শশীধৰ দেউৰী (লখিমপুৰ), কমল কুমাৰ জৈন (নলবাৰী), সোণবৰ বৰুৱা (তামুলপুৰ), যতীন মৰাণ (তিনিচুকীয়া) আৰু থানেশ্বৰ গয়াবী (কার্বি আংলং)। উল্লেখ্য যে সাহিত্য বঁটাত বঁটাৰ লগতে আছে ৫০ হেজাৰকৈ টকা।
 
সাহিত্য পেন্সন লাভ কৰা সাহিত্যিককেইগৰাকীয়ে প্রতিমাহে পাব ৮ হেজাৰ টকাকৈ। অহা ৭ ডিচেম্বৰত প্রয়াত কথাশিল্পী হোমেন বৰগোহাঞিৰ জন্ম দিৱসত কটন বিশ্ববিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত উক্ত সাহিত্য বঁটা আৰু পেন্সন প্রদান কৰা হ'ব।