আৱাজ - দ্য ভইচ / কিষাণগঞ্জ / বিহাৰ
বিহাৰৰ সীমান্তৱৰ্তী জিলা কিষাণগঞ্জৰ এই কাহিনীটোৱে সমাজত হিন্দু-মুছলমানৰ সম্পর্কক লৈ প্রচলিত বহু কুসংস্কাৰ মষিমূৰ কৰি পেলায়। এগৰাকী হিন্দু শিক্ষয়িত্ৰী, যাক মুছলমান অধ্যুষিত জিলাখনত যোগদান কৰাৰ পূৰ্বে জিলাখনক "মিনি পাকিস্তান" বুলি কৈ ভয় খুওৱা হৈছিল, সেইগৰাকী শিক্ষয়িত্ৰীয়েই বদলি হৈ ইয়াৰ পৰা বিদায় লোৱাৰ সময়ত মুছলমান সমাজৰ মৰম-চেনেহৰ কথা মনত পেলাই হুকহুকাই কান্দি উঠে। এই দৃশ্যটো কেৱল আৱেগিকই নাছিল, বৰঞ্চ সামাজিক সম্প্ৰীতিৰ এক শক্তিশালী নিদৰ্শনো আছিল।
কিষাণগঞ্জলৈ বদলি হৈ অহাৰ সময়ত শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়াল আৰু আত্মীয়ৰ মাজত এক উদ্বেগৰ পৰিৱেশ সৃষ্টি হৈছিল। বহুতে তেওঁক এই বুলি নিৰুৎসাহিত কৰিবলৈ চেষ্টা কৰিছিল যে এইটো এটা স্পৰ্শকাতৰ এলেকা, ইয়াৰ পৰিৱেশ ভাল নহয়। উপহাস কৰি ইয়াক "মিনি পাকিস্তান" বুলিও অভিহিত কৰিছিল। এই কথাবোৰে শিক্ষয়িত্ৰীগৰাকীৰ মনত এক অজান ভয়ৰ সৃষ্টি কৰিছিল। তথাপি তেওঁ নিজৰ কৰ্তব্যক অগ্ৰাধিকাৰ দি কিষাণগঞ্জৰ বিদ্যালয়তত যোগদান কৰে।
আৰম্ভণিৰ দিনবোৰত তেওঁ যথেষ্ট সতৰ্ক হৈ আছিল, কিন্তু লাহে লাহে তেওঁৰ অভিজ্ঞতা সলনি হ’বলৈ ধৰে। স্কুলত পঢ়া ল’ৰা-ছোৱালীবোৰৰ ব্যৱহাৰ, অভিভাৱকৰ কথা-বতৰা আৰু স্থানীয় লোকৰ সহযোগিতা দেখি তেওঁ আচৰিত হৈ পৰিছিল। তেওঁ প্ৰতিটো খোজতে সন্মান লাভ কৰিছিল। মুছলমান সম্প্ৰদায়ৰ লোকসকলে তেওঁক কেৱল এগৰাকী শিক্ষয়িত্ৰী হিচাপেই নহয়, বৰঞ্চ নিজৰ পৰিয়ালৰ সদস্যৰ দৰে আঁকোৱালি লৈছিল। উৎসৱ-পাৰ্বণত শুভেচ্ছা বিনিময়, বিপদৰ সময়ত সহায় আৰু দৈনন্দিন জীৱনত সহযোগিতাই তেওঁৰ মনৰ পৰা সকলো ভয় দূৰ কৰে।
শিক্ষয়িত্ৰীগৰাকীয়ে জনায় যে কিষাণগঞ্জত থকা সময়ছোৱাত তেওঁ কেতিয়াও অনুভৱ কৰা নাছিল যে তেওঁ বেলেগ এটা ধৰ্মৰ লোক। ইয়াত মানুহে তেওঁক কেৱল এগৰাকী মানুহ আৰু এগৰাকী শিক্ষয়িত্ৰী হিচাপেহে গণ্য কৰিছিল। তেওঁৰ মতে, যিবোৰ কথা কৈ তেওঁক ভয় খুওৱা হৈছিল, সেইবোৰ বাস্তৱতকৈ বহুযোজন দূৰত আছিল। কিষাণগঞ্জৰ সমাজখনে ভাতৃত্ববোধ আৰু মানৱতাৰ এক অনন্য উদাহৰণ দাঙি ধৰিছে।
শেহতীয়াকৈ যেতিয়া তেওঁক আন এখন জিলালৈ বদলি কৰা হয় আৰু বিদায়ৰ সময় আহি পৰে, তেতিয়া বিদ্যালয়ত এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয়। ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজে তেওঁক বিদায় দিবলৈ বিদ্যালয়ত উপস্থিত হয়। সকলোৰে চকু আছিল সেমেকা। তেনে সময়তে শিক্ষয়িত্ৰীগৰাকীয়ে নিজকে চম্ভালিব নোৱাৰি সকলোৰে সন্মুখত কান্দি পেলায়। তেওঁ কয় যে ইয়াৰ পৰা তেওঁৰ যাবলৈ মন নাই, কিন্তু চৰকাৰী চাকৰিত বদলি এক প্ৰক্ৰিয়া। যোৱাৰ সময়ত তেওঁ এইটোও কয় যে কিষাণগঞ্জ জিলাখনে তেওঁক জীৱনৰ এক ডাঙৰ শিক্ষা দিছে।
এই বিদায়বেলাৰ ভিডিঅ’ আৰু ছবিবোৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত মানুহে ইয়াক হিন্দু-মুছলমান একতা আৰু গংগা-যমুনা সংস্কৃতিৰ (গংগা-জমুনি তহজীব) এক প্ৰকৃত নিদৰ্শন বুলি অভিহিত কৰিছে। কিষাণগঞ্জৰ এই ঘটনাই প্ৰমাণ কৰে যে ঘৃণাৰ ৰাজনীতি আৰু উৰা-বাতৰি স্বত্ত্বেও দেশৰ প্ৰকৃত শক্তি আজিও পাৰস্পৰিক বিশ্বাস, প্ৰেম আৰু মানৱতাৰ মাজতেই নিহিত হৈ আছে।