ৰাস মহোৎসৱত নন্দ, যশোদাৰ ৰূপত আমিৰ খান-জোনমনি বেগম

Story by  atv | Posted by  [email protected] • 7 Months ago
নন্দ-যশোদাৰ ৰূপত আমিৰ খান-জোনমনি বেগম
নন্দ-যশোদাৰ ৰূপত আমিৰ খান-জোনমনি বেগম
 
মুন্নী বেগম / গুৱাহাটী

শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজিত ৰাস মহোৎসৱক লৈ এতিয়া উখল-মাখল সমগ্ৰ অসম। ভক্তিৰসত ডুব গৈছে সকলো। এনে এক আধ্যাত্মিক পৰিৱেশৰ মাজতে অসমৰ এখন ৰাস মহোৎসৱে সকলোৰে মাজত একতা, সম্প্ৰীতি আৰু ধৰ্মীয় সমন্বয়ৰ বাৰ্তা বিলাইছে। 

মূলতঃ এক হিন্দু ধৰ্মীয় অনুষ্ঠান হ'লেও ভগৱান শ্ৰীকৃষ্ণৰ  ৰাসলীলা ইছলামধৰ্মী অথবা আন ধৰ্মৰ শিল্পী আৰু কলা-কুশলীসকলৰ বাবেও প্ৰতিভা প্ৰদৰ্শনৰ এখন মুকলি মঞ্চস্বৰূপ। এই কথা প্ৰমাণিত হ'ল বিশ্বনাথ ৰাস মহোৎসৱত। বিশ্বনাথৰ উত্তৰ চাৰিআলি ৰাস উৎসৱ সমিতিয়ে আয়োজন কৰা বিশ্বনাথ ৰাস মহোৎসৱত যোৱা তিনিটা বছৰৰ পৰা নন্দ যশোদাৰ ৰূপত ৰাস কৰি আহিছে এহাল মুছলমান শিল্পী দম্পতীয়ে। তেওঁলোক হৈছে আমিৰ খান আৰু তেওঁৰ পত্নী জোনমনি বেগম।
 
বিশ্বনাথ ৰাস মহোৎসৱত শ্ৰী কৃষ্ণৰ ভাওত এগৰাকী শিল্পী
 
'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক কথোপকথনত আমিৰ খানে কয়, "বৰ্তমান সময়ত সাম্প্ৰদায়িক বিষবাষ্পই আমাৰ সমাজখন বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰাৰ সময়তে বিশ্বনাথ ৰাস মহোৎসৱে এক সম্প্ৰীতিৰ বাৰ্তা বিলাবলৈ সক্ষম হৈছে। বিশ্বনাথৰ উত্তৰ চাৰিআলি ৰাস উৎসৱ সমিতিয়ে বিশ্বনাথ ৰাস মহোৎসৱত হিন্দু ধৰ্মালম্বী লোকৰ লগতে মুছলমান সম্প্ৰদায়ৰ লোককো ভাওনাত অভিনয় কৰা সুযোগ প্ৰদান কৰি আহিছে। যোৱা তিনিটা বছৰৰ পৰা মই আৰু পত্নী জোনমনি বেগমে বিশ্বনাথ ৰাস মহোৎসৱৰ নন্দোৎসৱ নাটিকাত নন্দ আৰু যশোদাৰ ভাও কৰি আহিছো।"

ইতিমধ্যে ৰসময় হৈ উঠা নন্দোৎসৱৰ নন্দ যশোদাৰ প্ৰাণস্পৰ্শী অভিনয় আৰু কোলাত শিশু কৃষ্ণক তুলি লৈ নৃত্য-গীতৰ পৰিবেশে কল্পিত ব্ৰজধামত আনন্দৰ জোৱাৰ তুলিছে বিশ্বনাথ ৰাস মহোৎসৱত। আমিৰ খান আৰু তেওঁৰ পত্নী জোনমনি বেগমৰ এই অভিনয়ে প্ৰকৃতাৰ্থত এই কথাই প্ৰতিপন্ন কৰিছে যে অসমত ধৰ্মীয় সম্প্ৰীতি আৰু একতাৰ এনাজৰীডাল এতিয়াও দূৰ্বল হোৱা নাই। 

আমিৰ খানে কয়, "একাংশ দুষ্ট চক্ৰই অসমৰ সাম্প্ৰদায়িক বাতাবৰণ বিনষ্ট কৰাৰ এক অপচেষ্টা চলাই আহিছে, যদিও অসমৰ ৰাইজৰ মাজত যুগ যুগ ধৰি বৰ্তি থকা একতাৰ এনাজৰীডাল দূৰ্বল কৰাটো ইমান সহজ নহয়। কিয়নো অসমৰ এক সুকীয়া ইতিহাস আছে। ইয়াত হাজাৰ হাজাৰ বছৰ পূৰ্বৰ পৰাই হিন্দু তথা মুছলমান লোকে একত্ৰিত হৈ বসবাস কৰি অহিছে। যিয়ে বিশ্ব দৰবাৰত সম্প্ৰীতিৰ বাৰ্তা বিলাই আহিছে।" 
 

বিশ্বনাথ ৰাস মহোৎসৱৰ মুখ্যদ্বাৰ
 
সাতামপুৰুষীয়া সম্প্ৰীতিৰ স্বাক্ষৰ বহন কৰি অহা অসমত আমিৰ-জোনমনিৰ দৰে বিশ্বনাথৰ উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস সমিতিয়েও এনে অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰি সাহসৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। কেৱল আমিৰ দম্পতীয়ে নহয় বিগত ২৫ বছৰ ধৰি বিশ্বনাথ ৰাস মহোৎসৱত হামিদা খাতুন নামৰ শিল্পীগৰাকীয়েও গুৰু বন্দনা, কৃষ্ণ বন্দনা অথবা অন্যান্য গীত পৰিবেশন কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
 
সমন্বয় কেৱল যে এক আলোচনাৰ বিষয় নহয়, এইয়া যে সম্প্ৰীতিৰ সম্পূৰ্ণ নিদৰ্শন, সেইয়া প্ৰতিফলিত হৈ আহিছে বিশ্বনাথ ৰাস মহোৎসৱত। এইবাৰৰ এই ৰাস মহোৎসৱত অনন্ত শয্যা, দৈৱকীৰ বিবাহ, নন্দোৎসৱ, পুতনা বধ, কালীয় দমন নাটিকাৰ লগতে কেলিগোপাল নাট আয়োজন কৰা হয়। এই নাটসমূহৰ ভাওনাত হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰি সমন্বয়ৰ বাৰ্তা বিলায়।