'কাঁটা লগা' গাৰ্ল খ্যাত অভিনেত্ৰী শ্বেফালী জাৰিৱালাৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 2 d ago
'কাঁটা লগা' গাৰ্ল খ্যাত অভিনেত্ৰী শ্বেফালী জাৰিৱালা
'কাঁটা লগা' গাৰ্ল খ্যাত অভিনেত্ৰী শ্বেফালী জাৰিৱালা
 
মুম্বাই
 
মিউজিক ভিডিঅ’ কাঁটা লগা আৰু বিগ বছ ১৩ ত অভিনয় কৰি জনপ্ৰিয় হৈ পৰা অভিনেত্ৰী শ্বেফালী জাৰিৱালাৰ আজি মুম্বাইত মৃত্যু হয়। মৃত্যুত সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪২ বছৰ।
 
অভিনেত্ৰীগৰাকীৰ ঘনিষ্ঠ আত্মীয়ই জনোৱা মতে, শুকুৰবাৰে গভীৰ নিশা মুম্বাইৰ এখন চিকিৎসালয়ত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ শ্বেফালীৰ মৃত্যু হয়। হাৰ্ট এটেকত আক্ৰান্ত হোৱাৰ পাছত শ্বেফালীক স্বামী পৰাগ ত্যাগীয়ে ততাতৈয়াকৈ হাস্পতাললৈ লৈ যায়, যদিও হাস্পতাললৈ গৈ পোৱাৰ লগে লগে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছে। 
শ্বেফালী জাৰিৱালাৰ মৃত্যু সন্দৰ্ভত এতিয়াও তেওঁৰ পৰিয়ালে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। ২০০২ চনত ‘কাঁটা লগা’ মিউজিক ভিডিঅ’ত অভিনয় কৰি জাৰিৱালা চৰ্চালৈ আহিছিল৷ খুব কম সময়ৰ ভিতৰতে ভিডিঅ’টোৱে মানুহৰ মাজত আলোড়নৰ সৃষ্টি কৰিছিল৷ ভাৰতীয় পপ সংস্কৃতিৰ এটি উল্লেখনীয় অংশ হিচাপে পৰিগণিত হৈছিল এই মিউজিক ভিডিঅ’টো৷
 
পিছলৈ ২০০৪ চনৰ হিট ছবি ‘মুঝছে শ্বাদী কৰোগী’ত স্মৰণীয় চৰিত্ৰত অভিনয় কৰি বলীউডত নিজৰ কেৰিয়াৰ সম্প্ৰসাৰণ কৰে তেওঁ৷ এই ছবিখনত তেওঁ ছলমান খান আৰু অক্ষয় কুমাৰৰ সৈতে অভিনয় কৰিছিল। 
 
টেলিভিছনতো স্বীকৃতি লাভ কৰি অভিনেত্ৰীগৰাকীয়ে ‘বিগ বছ ১৩’ (২০১৯) আৰু ‘নাচ বালিয়ে’ (ছিজন ৫ আৰু ৭) আদি জনপ্ৰিয় ৰিয়েলিটী শ্ব’ত স্বামী-অভিনেতা পৰাগ ত্যাগীৰ সৈতে অংশ লৈছিল।
 
মনোৰঞ্জনৰ উদ্যোগৰ বাহিৰেও জাৰিৱালা আন ক্ষেত্ৰতো সক্ৰিয় আছিল৷ মানসিক স্বাস্থ্য সজাগতা সন্দৰ্ভত তেওঁ কাম কৰিছিল৷ মহিলা সবলীকৰণৰ ক্ষেত্ৰতো তেওঁ সক্ৰিয় ভূমিকা পালন কৰিছিল। মৃগীৰোগৰ সৈতে হোৱা যুদ্ধৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছিল তেওঁ আৰু নিজৰ মঞ্চ ব্যৱহাৰ কৰি একেধৰণৰ সংগ্ৰামৰ সন্মুখীন হোৱা আনকো অনুপ্ৰাণিত কৰিছিল। 
 
মোহময়ী অভিনেত্ৰী শ্বেফালী জাৰিৱালাৰ অকাল মৃত্যুৱে মনোৰঞ্জন উদ্যোগত শোকৰ বন্যা বিয়পাইছে৷ তেওঁৰ অনুৰাগীসকল শোকত ভাগি পৰিছে। জাৰিৱালাই ইহসংসাৰত স্বামী পৰাগ ত্যাগীক এৰি থৈ যায়৷