এক ব্যতিক্ৰমী সংগীত প্ৰতিভা অলকানন্দা ভূঞা

Story by  atv | Posted by  Munni Begum • 1 Years ago
অলকানন্দা ভূঞা
অলকানন্দা ভূঞা
আৰিফুল ইছলাম / গুৱাহাটী
 
সংগীতৰ কোনো সীমা নাই, কোনো ধৰ্ম নাই। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোকে সাঙুৰি ল'ব পৰা একমাত্ৰ মাধ্যমটোৱে হৈছে সংগীত। সংগীতক হৃদয়েৰে ভালপোৱা এগৰাকী হিন্দু যুৱতীয়ে ইছলাম ধৰ্মৰ অন্যতম ৰছুলৰ নাত আৰু জিকিৰ সুন্দৰকৈ পৰিৱেশন কৰি শেহতীয়াকৈ সংগীতপ্ৰেমীৰ হৃদয় জয় কৰিছে। যুৱতীগৰাকী হ’ল বিশ্বনাথ জিলাৰ অন্তৰ্গত চতিয়াৰ অলকানন্দা ভূঞা।
 
সৰুৰে পৰা সংগীতৰ প্ৰতি আগ্ৰহী অলকানন্দা ভূঞাই ৫ বছৰ বয়সৰ পৰা গীত গোৱা আৰম্ভ কৰিছিল। সেই সময়ত তেওঁ বহু গান শুনিছিল। গীত গোৱা আৰম্ভ কৰাৰ পিছৰে পৰা তেওঁ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ লয়। সম্প্ৰতি অলকানন্দাই সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি আছে। 
অষ্টম শ্ৰেণীত অধ্যয়নৰত প্ৰতিভাৱান কণ্ঠশিল্পীগৰাকীয়ে ন-দোৱা সংগীত বিদ্যাপীঠত ক্লাছিকেলৰ প্ৰশিক্ষণ লৈ আছে। তেওঁ বহুকেইগৰাকী গুৰুৰ ওচৰত সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছে যদিও জিকিৰৰ ক্ষেত্ৰত গুৰু নুৰুল আৰু ইকৰাম হুছেইনৰ ওচৰত সংগীত শিকি আছে। আন আন গীতৰ ক্ষেত্ৰত প্ৰতুল বৰা আৰু আলক্ষ চক্ৰৱৰ্তীৰ ওচৰত সংগীত শিকি আছে। 
আৰম্ভণিৰ সময়ত অলকানন্দাই জিকিৰ গাবলৈ আৰম্ভ কৰিছিল যদিও নাত গোৱাৰ কথা ভবা নাছিল। সংগীত শিক্ষক ইকৰাম হুছেইনে অলকানন্দাক এন ই পিক্সৰদ্বাৰা আয়োজিত এখন প্ৰতিযোগিতাত নাত পৰিৱেশন কৰিবলৈ আহ্বান জনাইছিল। 
 
সেই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ তেওঁ প্ৰথম নাতৰ অনুশীলন কৰিছিল আৰু নাত শুনি মুগ্ধ হৈছিল। প্ৰতিযোগিতাখনৰ বিভিন্ন পৰ্য্যায় অতিক্ৰম কৰি তেওঁ এতিয়া 'টপ ফাইভ'ত প্ৰৱেশ কৰিছে।
‘আৱাজ দ্য ভইছ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অলকানন্দা ভূঞাই কয়; "কৰ্মশালাসমূহত অংশ লৈ যথেষ্ট ভাল লাগে। সকলোবোৰ ছাত্ৰ-ছাত্ৰীক একেলগে পাওঁ। কথা-বতৰাৰ মাজেৰে একেলগে গান শিকা হয়। এটা ধুনীয়া পৰিৱেশত গান শিকি ভাল লাগে। গুৰুসকলৰ পৰা বহু নজনা কথা শিকিব পাৰিছো। তাৰ অভিজ্ঞতাবোৰ যথেষ্ট সুকীয়া আৰু আমোদজনক।" 
গানৰ ক্ষেত্ৰখনত বহুদূৰ আগুৱাব বিচাৰে অলকানন্দা ভূঞাই। সংগীতক লৈ তেওঁৰ সপোন আৰু পৰিকল্পনা সন্দৰ্ভত গায়িকাগৰাকীয়ে কয়, "সংগীতৰ বহুল ভাৱে প্ৰচাৰ কৰিব বিচাৰো আৰু যিমান পাৰোঁ সিমান মানুহক মোৰ কণ্ঠৰে মুগ্ধ কৰিব বিচাৰো। আজি মই ৰাজ্যিক পৰ্য্যায়ত আছোঁ। আগন্তুক সময়ত মই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়লৈ যাব বিচাৰো।"
 
পৰিয়ালৰ সৈতে অলকানন্দা ভূঞা
 
জিকিৰ আৰু নাত সুন্দৰকৈ পৰিৱেশন কৰিব পৰা অলকানন্দাই অসমৰ ঐক্য আৰু সম্প্ৰীতিৰ কথা উল্লেখ কৰি কয়, "কথাতে কয় যে হিন্দু-মুছলমান ভাই ভাই আৰু আমি সৰুৰে পৰা এইটোৱে শুনি আহিছোঁ। আমি সকলোবোৰ মানুহ। ধৰ্ম হ’ল একান্ত ব্যক্তিগত কথা। সকলো মানুহৰ দেহত একেই তেজ আছে। সকলোবোৰ যিহেতু মানুহ, গতিকে আমি সকলোৱে মিলাপ্ৰীতিৰে থাকিব লাগে।"
উল্লেখ্য যে, সদৌ অসম মইনা পাৰিজাতে আয়োজন কৰা গীতৰ প্ৰতিযোগিতাত অলকানন্দাই মইনা "অসমকণ্ঠ" সন্মান লাভ কৰিছিল। তেতিয়াৰ পৰাই তেওঁ অধ্যয়ন কৰা বিদ্যালয়ৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত গীত গাই পুৰস্কাৰ লাভ কৰাৰ উপৰিও সংগীতপ্ৰেমীৰ আদৰ লাভ কৰিছে। 
২০২১ বৰ্ষত এন কে টিভিয়ে আয়োজন কৰা দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতাত প্ৰায় ১৫০০ প্ৰতিযোগীৰ মাজত তেওঁ সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগী হিচাপে নিৰ্বাচিত হয়। একেটা বৰ্ষতে সাংস্কৃতিক সঞ্চালকালয়ে অসম চৰকাৰৰ অধীনত আয়োজন কৰা দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতাত অলকানন্দাই সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগীৰ বঁটা লাভ কৰে। 
 
জনপ্ৰিয় কণ্ঠশিল্পী প্ৰয়াত ভিটালী দাসৰ সৈতে অলকানন্দা
 
তাৰোপৰি, ২০২১ চনত ভাৰত চৰকাৰৰ অধীনত অনুষ্ঠিত স্বাধীনতাৰ অমৃত মহোৎসৱত দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতাত চতিয়াৰ কণ্ঠশিল্পীগৰাকীয়ে সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগীৰ খিতাপ দখল কৰে। ২০২০ চনত সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক উন্নয়নমুখী অনুষ্ঠান সংস্কাৰে সদৌ অসম ভিত্তিত আয়োজন কৰা 'ভইছ অফ লখিমপুৰ' খিতাপ অৰ্জন কৰে অলকানন্দাই। 
 
"গান্ধাৰ"ৰ উদ্যোগত ১৬ সংখ্যক উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক মহাসমাৰোহ- ২০২২ ত অসম আৰু ভাৰতৰ খ্যাতনামা বৰেণ্য শিল্পী সকলৰ সৃষ্টি বিৰাট সংগীত প্ৰতিযোগিতাৰ বিভিন্ন শিতানত দ্বিতীয় শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰে। লকাডাউনৰ সময়ত সংগীত কানন অনলাইন প্ৰতিযোগিতাত ২০২০ আৰু ২০২১ বৰ্ষৰ প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰে। একাজলি সুৰৰ সন্ধান (বিশ্বনাথ) অনলাইন যোগে আয়োজন কৰা ৩৯ গৰাকী গীতিকাৰৰ গীতৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠা গায়িকাৰ সন্মান লাভ কৰে কিশোৰীগৰাকীয়ে। গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ২০২১ বৰ্ষৰ শিশু শিল্পী বঁটাও লাভ কৰে। ২০২১ বৰ্ষত 'টাইমচ নাও' ৰ উদ্যোগত শিশু  শিল্পী বঁটা  লাভ কৰে অলকানন্দাই।