ইণ্ডিয়ান পেনৰ’মালৈ নিৰ্বাচিত হ'ল অসমীয়া ছবি ‘ভাইমনদা’

Story by  atv | Posted by  [email protected] • 5 h ago
ইণ্ডিয়ান পেনৰ’মালৈ নিৰ্বাচিত হ'ল অসমীয়া ছবি ‘ভাইমনদা’
ইণ্ডিয়ান পেনৰ’মালৈ নিৰ্বাচিত হ'ল অসমীয়া ছবি ‘ভাইমনদা’
 
গুৱাহাটী
 
দুখৰ মাজতে অসমৰ সাংস্কৃতিক জগতৰ বাবে আহিছে এক ভাল খবৰ। অসমীয়া ছবি উদ্যোগলৈ অনস্বীকাৰ্য অৱদান আগবঢ়াই যোৱা মুনিন বৰুৱাৰ ওপজা দিনটোৰ পিছ দিনাই আহিছে এই খবৰটি।
 
মুনিন বৰুৱাৰ জীৱনক লৈ নিৰ্মাণ কৰা ছবি ‘ভাইমনদা’ নিৰ্বাচিত হৈছে ইণ্ডিয়ান পেনৰ’মালৈ। ৬ নৱেম্বৰ ২০২৫ৰ পুৱা এই খবৰ লাভ কৰাৰ লগে লগে আনন্দিত হৈ পৰে ছবিখনৰ পৰিচালক শশাংক সমীৰ। তেওঁ কয় যে, মুনিন বৰুৱাৰ জন্মদিন ৫ নৱেম্বৰ আৰু তাৰ এদিন পাছতে এই খবৰে সঁচাকৈ আনন্দিত কৰিছে।
 
জুবিন গাৰ্গৰ অকাল বিয়োগে আজিও অসমৰ সৰ্বস্তৰৰ লোকসকলক মৰ্মাহত কৰি ৰাখিছে। কাৰোৰে বাবে স্বাভাৱিক জীৱন-যাপন কৰিব পৰা অৱস্থা আজিও হৈ উঠা নাই। তেনেস্থলত এই খবৰে কিঞ্চিত হ’লেও সকলোকে আনন্দিত কৰিছে।
 
মুনিন বৰুৱাৰ জীৱনভিত্তিক ‘ভাইমনদা’ ব্যৱসায়িকভাৱে এখন সফল চিনেমা। এই ছবিখনত তাৰকা শিল্পীৰ পৰিৱৰ্তে কেইবাখনো নতুন মুখৰ কলা- কুশলীয়ে অভিনয় কৰিছিল।