আফগান কণ্ঠশিল্পী ফৰিষ্টা ছামাৰ সৈতে প্ৰেমৰ গীতত কণ্ঠ নিগৰালে ভজন শিল্পী অনুপ জালোতাই

Story by  atv | Posted by  [email protected] • 2 Months ago
আফগান কণ্ঠশিল্পী ফৰিষ্টা ছামাৰ সৈতে প্ৰেমৰ গীতত কণ্ঠ নিগৰালে ভজন শিল্পী অনুপ জালোতাই
আফগান কণ্ঠশিল্পী ফৰিষ্টা ছামাৰ সৈতে প্ৰেমৰ গীতত কণ্ঠ নিগৰালে ভজন শিল্পী অনুপ জালোতাই
 
আৱাজ দ্য ভইচ / নতুন দিল্লী

প্ৰখ্যাত ভজন গায়ক অনুপ জালোতাই আফগান গায়িকা ফৰিষ্টা ছামাৰ সৈতে প্ৰথম বাৰৰ বাবে এটি আফগানী গীত গাইছে। অনুপ জালোতাই কয়, "আফগানিস্তানতো মই যথেষ্ট জনপ্ৰিয়, গতিকে ভাবিলোঁ যে তেওঁলোকৰ ভাষাত মই কিয় গীত গোৱা নাই ? আফগানিস্তানত সংগীত নিষিদ্ধ কৰা হৈছে। এনে পৰিস্থিতিত মৰম আৰু সংগীতৰ এক সুন্দৰ বাৰ্তা দি ফৰিষ্টাৰ সৈতে এই আফগানী গীতটো ৰেকৰ্ডিং কৰিছো। প্ৰেম আৰু সংগীতৰ ঢৌ জাগ্ৰত কৰিবলৈ মই এই গীতটোত কণ্ঠ নিগৰাইছো।"
 
ইফালে, আফগান গায়িকা ফৰিষ্টা ছামাই কয়, "অনুপ জালোতাৰ সৈতে গীত গোৱাটো মোৰ বাবে এটা ডাঙৰ কথা। আফগানিস্তানত বহুতে তেওঁৰ গীত ভাল পায়। যেতিয়া তেওঁলোকে গম পাব যে অনুপ জালোতাই পাৰ্চী গীতত কণ্ঠ নিগৰাইছে, তেতিয়া সকলোৱে আনন্দত জপিয়াই উঠিব।
 
তেওঁ আৰু লগতে কয়, "এই গীতটোৰ কথা অত্যন্ত হৃদয়স্পৰ্শী। ইয়াৰ সংগীত অতি মন্থৰ আৰু কোমল আৰু ই অন্তৰ আত্মাক স্পৰ্শ কৰে।"
 
অনুপ জালোতাক লগ পোৱা সন্দৰ্ভত তেওঁ কয়, "ফৰিষ্টাক জাৰ্মানীত লগ পাইছিলো। তেওঁ আগতেও গুলাম আলী চাহাবৰ লগত ৰেকৰ্ডিং কৰিছে। মই তেওঁক কৈছিলো যে তেওঁ ভাৰতলৈ আহি সংগীতৰ ক্ষেত্ৰখনত কিছু কাম কৰিব লাগে। গতিকে তেওঁ ভাৰতলৈ আহি মোৰ লগত এই যুগল কণ্ঠৰ গীতটোৰ কাম কৰিলে, যিটো অতি সুন্দৰ হৈছে। মোৰ বিশ্বাস এই গীতটো শুনিলে মানুহৰ ভিতৰত প্ৰেম জাগ্ৰত হ’ব আৰু আফগানিস্তানতো প্ৰেম আৰু সংগীতৰ ঢৌ বিয়পিব।"