ৰাষ্ট্ৰপতিৰ পৰা শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ কৰিছে শ্বাহৰুখ খানে
নতুন দিল্লী
ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মঙলবাৰে নিশা নতুন দিল্লীত এক অনুষ্ঠানত ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰে। ভাৰতীয় চিনেমাৰ প্ৰতি অনবদ্য অৰিহণা আগবঢ়োৱা ব্যক্তিসকলক তেওঁ বিভিন্ন বঁটাৰে সন্মানিত কৰে।
এই অনুসৰি কিংবদন্তি অভিনেতা মোহনলালক দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰি ৰাষ্ট্ৰপতিয়ে কয় যে তেওঁ কেৱল নিজৰ ব্যতিক্ৰমী প্ৰতিভা প্ৰদৰ্শন কৰাই নহয়, তেওঁৰ বিশাল কৰ্মৰ জৰিয়তে ভাৰতৰ সাংস্কৃতিক ঐতিহ্যকো সংৰক্ষিত কৰিছে।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে ভাৰতীয় চিনেমাই গণতন্ত্ৰৰ সাৰমৰ্ম আৰু ভাৰতৰ বৈচিত্ৰ্যতাক প্ৰতিফলিত কৰে। তেওঁ কয় যে ছবিয়ে কেৱল মনোৰঞ্জন দিয়াই নহয়, সমাজক জাগ্ৰত কৰে, সংবেদনশীলতাৰ ভাব জগাই তুলে, যুৱক-যুৱতীসকলৰ মাজত সজাগতা বিয়পোৱাৰ মাধ্যম হিচাপেও কাম কৰে।
ইফালে, অনুষ্ঠানত বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খান আৰু মোহময়ী অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে কেৰিয়াৰৰ প্ৰথমটো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ কৰে। ৩০ বছৰতকৈও অধিক দীঘলীয়া কেৰিয়াৰৰ পিছত এই বছৰ অভিনেতা শ্বাহৰুখ খানে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। শ্বাহৰুখ আৰু বিক্ৰান্ত মেছেই ক্ৰমে 'জৱান' আৰু '১২ ফেইল' ছবিৰ বাবে যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান অৰ্জন কৰে।
ইফালে, মিচেছ চেটাৰ্জী বনাম নৰৱে (Mrs Chatterjee vs Norway) ছবিখনৰ বাবে ৰাণী মুখাৰ্জীক শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে সন্মানিত কৰা হয়। দেশৰ সৰ্বোচ্চ চলচ্চিত্ৰ বঁটা দাদাচাহেব ফাল্কে বঁটা মোহনলালক প্ৰদান কৰা হয়। ২০২৪ চনত এই সন্মান প্ৰবীণ হিন্দী চলচ্চিত্ৰ অভিনেতা মিথুন চক্ৰৱৰ্তীক দিয়া হৈছিল।