কলকাতা
যোৱা ৩১ মাৰ্চত দক্ষিণ কলকাতাৰ নজৰুল মঞ্চত গীত পৰিবেশনৰ সময়তে মৃত্যুক আঁকোৱালি লোৱা বলিউডৰ জনপ্ৰিয় শিল্পী কৃষ্ণ কুমাৰ কুন্নথ ওৰফে কে কেৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কলিকতা উচ্চ ন্যায়ালয়ে সোমবাৰে পশ্চিমবংগ চৰকাৰক শপতনামা দাখিলৰ নির্দেশ দিছে।
মুখ্য ন্যায়াধীশ প্রকাশ শ্রীবাস্তৱ আৰু ন্যায়াধীশ ৰাজশ্ৰী ভৰদ্বাজৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠে তিনি সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰক শপতনামা দাখিলৰ নির্দেশ দিয়ে।
লগতে ভবিষ্যতে যাতে এনেধৰণৰ দুখদায়ক ঘটনা সংঘটিত নহয়, তাৰ প্ৰতিও চৰকাৰক সজাগ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখনীয় যে কে কেৰ মৃত্যুৰ তদন্ত বিচাৰি কলিকতা উচ্চ ন্যায়ালয়ত তিনিখনকৈ ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰা হৈছিল।
FEATURED VIDEOS
PISA
HSLC Result Al-Ameen
Dhekiakhowa Bornamghar
Physical challenge no hurdle in Md Gulpham's learning skill
Dustbin distributor Nazrul Islam
Illiterate poet Habil Uddin
Taj Hotel
Gauhati University's Arabic department in good shape
Abdul Barek chooses marathon as his livelihood