দৈনিক এবটলকৈ ১১ বছৰ মদ্যপান কৰা জাভেদ আখতাৰে কেনেকৈ মদ বাদ দিলে ?

Story by  atv | Posted by  [email protected] • 18 h ago
জাভেদ আখতাৰ
জাভেদ আখতাৰ
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'
 
শেহতীয়াকৈ মানসিক সুস্থতাক লৈ আয়োজিত এক অনুষ্ঠানত প্ৰখ্যাত কবি-গীতিকাৰ জাভেদ আখতাৰে মদৰ সৈতে তেওঁৰ অতীতৰ সম্পৰ্ক আৰু ইয়াৰ পৰা তেওঁ আঁতৰি অহাৰ কাহিনী মুকলিভাৱে প্ৰকাশ কৰে। "মই কোনো মহান কামৰ বাবে মই মদ খাবলৈ বাদ দিয়া নাছিলো। এটা সাধাৰণ কথাৰ বাবে এই সিদ্ধান্ত লৈছিলো," তেওঁ হাঁহি মুখেৰে কয়।
 
"এয়া কোনো হৃদয়বিদাৰক ঘটনা বা আঘাত নাছিল, বা কোনো নাটকীয় মুহূৰ্তও নাছিল; এয়া আছিল মনৰ সৈতে চলা এক যুক্তি-যুদ্ধ। এই যুক্তি-যুদ্ধত জয়ী হৈ মই মদ্যপান কৰিবলৈ এৰি দিছিলো।"-জাভেদ আখতাৰে জানিবলৈ দিয়ে।
 
এটা সময়ত তেওঁ অত্যাধিক মদ্যপান কৰিছিল বুলি স্বীকাৰ কৰি আখতাৰে কয় যে প্ৰায় ১১ বছৰ ধৰি তেওঁ প্ৰতিদিনে এটা সম্পূৰ্ণ বটল সেৱন কৰিছিল।
 
জাভেদ আখতাৰ
 
"প্ৰতিদিনে প্ৰায় ৩০-৪০ টা পেগ লৈছিলো। মই যেতিয়া এই অভ্যাস আৰম্ভ কৰিছিলো তেতিয়া মোৰ বয়স ৪০ৰ ওচৰে-পাজৰে আছিল। ৮ বছৰ বয়সত মোৰ মাতৃৰ মৃত্যু হৈছিল। মই মাৰ মৃত্যুৰ বেদনাত মদ খোৱা নাছিলো। মদ খাবলৈ বাধ্য কৰাব পৰাকৈ মোৰ কোনো দুখ নাছিল। মই কেৱল মদ্যপান কৰি ভাল পাইছিলো", তেওঁ কয়।
 
কিন্তু এদিন তেওঁৰ জীৱনলৈ এক টাৰ্ণিং পইণ্ট আহে। "মই ভাবিলোঁ যে যদি মই এই ধৰণে মদ্যপান কৰি থাকো, তেন্তে মই পঞ্চাশ বছৰৰ ভিতৰতে মৃত্যুবৰণ কৰিম। মই নিজকে প্ৰশ্ন কৰিলো যে মদ্যপান কৰি সোনকালে মৰিম নে খোৱা বাদ দি দীৰ্ঘদিন জীয়াই থাকিম? এইধৰণৰ এটা সৰল যুক্তিসংগত প্ৰশ্ন মোৰ মনত উদয় হৈছিল। আৰু মোৰ মৰিব ইচ্ছা নাছিল। মই সঁচাকৈয়ে মৰিব নিবিচাৰোঁ। সম্ভৱ হ'লে মই কেতিয়াও নমৰাকৈ থাকিব বিচাৰো।"-জাভেদ আখতাৰে কয়।


শেহতীয়া খবৰ