বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে ভাৰতীয় বায়ুসেনাই আহমেদাবাদত প্ৰদৰ্শন কৰিব এয়াৰ শ্ব’

Story by  atv | Posted by  [email protected] • 10 Months ago
আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়াম
আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়াম
 
আহমেদাবাদ

ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ এৰ’বেটিক দলে ১৯ নৱেম্বৰত আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া ক্ৰিকেট বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে এয়াৰ শ্ব’ প্ৰদৰ্শন কৰিব। বৃহস্পতিবাৰে ভাৰতীয় সেনাৰ এজন বিষয়াই এই কথা জানিবলৈ দিয়ে।
 
গুজৰাটৰ ডিফেন্স পি আৰ অ’ই ঘোষণা কৰে যে মটেৰা অঞ্চলৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ক্ৰিকেটৰ মহাৰণ আৰম্ভ হোৱাৰ পূৰ্বে দহ মিনিটৰ বাবে সূৰ্য্য কিৰণ এৰোবেটিক দলে উপস্থিত দৰ্শকক এয়াৰ শ্ব'ৰে মোহিত কৰিব। শুকুৰবাৰ আৰু শনিবাৰে এই এয়াৰ শ্ব’ৰ আখৰা কৰা হ’ব বুলি পি আৰ অ’ৰ এক বিবৃতিত প্ৰকাশ পাইছে।
 
ইতিমধ্যে বুধবাৰে নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰতে এদিনীয়া বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। একেদৰে, অষ্ট্ৰেলিয়াই বৃহস্পতিবাৰে নিশা দক্ষিণ আফ্ৰিকাক হৰুৱাই ফাইনেলত স্থান সুৰক্ষিত কৰিছে। 
 
বায়ু সেনাৰ সূৰ্য্য কিৰণ এৰোবেটিক দলটোত সাধাৰণতে ৯খন বিমান থাকে আৰু ই সমগ্ৰ দেশতে অসংখ্য বিমান প্ৰদৰ্শনী প্ৰদৰ্শন কৰিছে।