লোকসভা নিৰ্বাচনৰ টিকট লাভ কৰিলে অভিনেত্ৰী কংগনা ৰানাৱট, অভিনেতা অৰুণ গোভিলে

Story by  atv | Posted by  [email protected] • 4 Months ago
অভিনেত্ৰী কংগনা ৰানাৱট, অভিনেতা অৰুণ গোভিল
অভিনেত্ৰী কংগনা ৰানাৱট, অভিনেতা অৰুণ গোভিল
নতুন দিল্লী

বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ১১১ গৰাকী প্ৰাৰ্থীৰ পঞ্চমখন তালিকা প্ৰকাশ কৰিছে। দেওবাৰে নিশা প্ৰকাশ পোৱাৰ বিজেপিৰ এইখন তালিকাত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱট, কংগ্ৰেছৰ প্ৰাক্তন সাংসদ নবীন জিন্দাল, প্ৰাক্তন ন্যায়াধীশ অভিজিৎ গংগোপাধ্যায় আৰু অভিনেতা অৰুণ গোভিলৰ নাম আছে।
 
কংগনা ৰানাৱটে জন্মস্থান হিমাচল প্ৰদেশৰ মাণ্ডী আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰাৰ বিপৰীতে দেওবাৰে দিনত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা নবীন জিন্দালক হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ আসনৰ পৰা টিকট দিয়া হৈছে। 
ইফালে, বিজেপিয়ে উত্তৰ প্ৰদেশৰ পিলিভিটৰ পৰা বৰুণ গান্ধীক বাদ দি প্ৰাক্তন কংগ্ৰেছ নেতা জিতীন প্ৰসাদক আসন দিয়ে। অৱশ্যে চুলতানপুৰৰ আসনৰ পৰা তেওঁৰ মাতৃ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মানেকা গান্ধীক টিকট দিয়া হৈছে।

জনপ্ৰিয় টিভি ধাৰাবাহিক ৰামায়ণত ভগৱান ৰামৰ চৰিত্ৰ ৰূপায়ন কৰা অভিনেতা অৰুণ গোভিলে মীৰুট লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব। কলকাতা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অভিজিৎ গংগোপাধ্যায়ে পশ্চিম বংগৰ তামলুক আসনৰ বাবে টিকট লাভ কৰে।

শেহতীয়াকৈ তৃণমূল কংগ্ৰেছৰ পৰা বিজেপিত পুনৰ যোগদান কৰা অৰ্জুন সিং আৰু তাপছ ৰায়ে ক্ৰমে বাৰাকপুৰ আৰু কলকাতা উত্তৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।