নাহিদ আফ্ৰিনে বঁটা ঘূৰাই দিয়াৰ প্ৰয়োজন নাই: বিমল বৰা

Story by  atv | Posted by  Munni Begum • 11 d ago
অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পৰা নাহিদ আফ্ৰিনে বঁটা গ্ৰহণ কৰাৰ মূহুৰ্ত
অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পৰা নাহিদ আফ্ৰিনে বঁটা গ্ৰহণ কৰাৰ মূহুৰ্ত
 
গুৱাহাটী 
 
অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাত নাহিদ আফ্ৰিনে লাভ কৰা বঁটা বাবে সৃষ্টি হোৱা বিতৰ্কৰ মাজতে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই কয় যে নাহিদ আফ্ৰিনক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল, গানটোৰ বাবে নহয়। সেয়েহে তেওঁ বঁটাটো ঘূৰাই দিয়াৰ কোনো প্ৰয়োজন নাই। 
 
মন্ত্ৰী বৰাই কয়, "এই প্ৰক্ৰিয়াটো প্ৰযোজকসকলে এখন আবেদন পত্ৰ দাখিল কৰাৰ পৰা আৰম্ভ হৈছিল। যত 'নিজানৰ গান' বোলছবিখনৰ প্ৰযোজকে নাহিদ আফ্ৰিনেৰ কথা উল্লেখ কৰিছিল। কিন্তু গানটো উল্লেখ কৰা নাছিল। যেতিয়া জুৰী সদস্যসকলে চিনেমাখনৰ সকলোবোৰ গান শুনিছিল, তেতিয়া হয়তো তেওঁলোকৰ মাজত আলোচনা হৈছিল। যিহেতু এইটো অতি কঠিন প্ৰতিযোগিতা আছিল। অৱশ্যে, যেতিয়ালৈ প্ৰযোজকে গানটো বা শিল্পীক মনোনীত নকৰে, তেতিয়ালৈ জুৰীয়ে পুৰস্কাৰৰ বাবে গান বা শিল্পী বাছনি কৰিব নোৱাৰে। এইটো এটা মানৱ সৃষ্ট আসোঁৱাহ হ'ব পাৰে, যাৰ বাবে ই এক বিতৰ্কত পৰিণত হৈছে।"    
মন্ত্ৰীগৰাকীয়ে কয়, "যিহেতু আৱেদন প্ৰ-পত্ৰত নাহিদ আফ্ৰিনৰ কথা উল্লেখ আছিল। সেয়েহে তেওঁ এই সন্মান লাভ কৰিছে, যদিও ভুলৱশত গানটোৰ নাম প্ৰমাণপত্ৰত উপস্থাপন কৰা হৈছিল। নাহিদে 'নতুন এজাক'ৰ বাবে বঁটা লাভ কৰিছিল। তেওঁ বঁটাটো ঘূৰাই দিয়াৰ কোনো প্ৰয়োজন নাই। কিয়নো নাহিদ আফ্ৰিনক বঁটাটোৰ বাবে নিৰ্বাচিত কৰা হৈছিল, গানটোৰ বাবে নহয়।"  
 
মন কৰিবলগীয়া যে নাহিদ আফ্ৰিনক অষ্টম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ প্লেবেক গায়িকাৰ স্বীকৃতি প্ৰদান কৰাৰ পিছত ছ'চিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি হৈছিল। নিজানৰ গান চলচ্চিত্ৰৰ 'নীলাতে লুকা ভাকু' গানটোৰ বঁটা প্ৰদান অনুষ্ঠানত নাহিদ আফ্ৰিনে শ্ৰেষ্ঠ নেপথ্য গায়িকা (মহিলা)ৰ প্ৰতিমা পাণ্ডে বৰুৱা বঁটা লাভ কৰিছে। অৱশ্যে, গানটো নাহিদ আফ্ৰিনে নহয়, ৰূপজ্যোতি দেৱী আৰু জুবিন গাৰ্গৰ দ্বাৰা গোৱা হৈছিল। 
 
ৰূপজ্যোতি দেৱীয়ে ফেচবুকত শ্বেয়াৰ কৰা পোষ্টৰ এক দৃশ্য
 
সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে ৰাজ্যখনৰ সাংস্কৃতিক বিভাগত ইয়াৰ ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল। ইফালে, গানটোৰ মূল গায়কজনে ফেচবুকত নাহিদে বঁটা গ্ৰহণ কৰা এখন ফটো শ্বেয়াৰ কৰে আৰু লগতে বঁটাটোৰ সৈতে থকা এখন প্ৰমাণপত্ৰও শ্বেয়াৰ কৰে। লগতে তেওঁ ইউটিউবৰ পৰা গানটোৰ স্ক্ৰীণশ্বটও পোষ্ট কৰিছিল। শিৰোনামটোত লিখিছিল, "এই গীতটোৰ বাবে সন্মানীয় অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰাৰ বাবে নাহিদ আফ্ৰিনক অভিনন্দন।"