ৰাজ্যৰ ১২ গৰাকী কৃতী, প্রতিভাশালী ব্যক্তিলৈ সংগীত-নাটক একাডেমী সন্মান

Story by  atv | Posted by  Munni Begum • 2 Months ago
গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্রাপ্ত গীতিকাৰ লক্ষহীৰা দাস আৰু বিশিষ্ট নাট্য শিল্পী দুলাল ৰয়
গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্রাপ্ত গীতিকাৰ লক্ষহীৰা দাস আৰু বিশিষ্ট নাট্য শিল্পী দুলাল ৰয়
 
গুৱাহাটী
 
নিৰবচ্ছিন্ন সাধনা, প্ৰচুৰ কর্মোদ্যম আৰু প্রতিভাৰে নিজ নিজ ক্ষেত্রত পাৰদৰ্শিতা প্রদর্শন কৰি অসমৰ সাংস্কৃতিক ক্ষেত্রখনক এক বিশেষ স্থানত উপনীত কৰাবলৈ সক্ষম হোৱা ৰাজ্যৰ ১২ গৰাকী কৃতী, প্রতিভাশালী ব্যক্তিলৈ আগবঢ়োৱা হৈছে সংগীত-নাটক একাডেমী সন্মান। বিগত দুটা বছৰৰ বাবে মংগলবাৰে সংগীত-নাটক একাডেমীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে একাডেমীৰ ফেল', সম্মান আৰু পুৰস্কাৰপ্ৰাপকসকলৰ তালিকা। 
 
সাংস্কৃতিক ক্ষেত্ৰত দেশৰ বিভিন্ন ৰাজ্যৰ কৃতী, প্রতিভাশালী ব্যক্তিকসকললৈ আগবঢ়োৱা ২০২২ আৰু ২০২৩ বৰ্ষৰ সন্মান আৰু পুৰস্কাৰৰ কথা ঘোষণা কৰিছে সংগীত-নাটক একাডেমীয়ে। সেইমতে অসমৰ বিশিষ্ট নাট্য শিল্পী দুলাল ৰয়ক একাডেমীৰ ফেল' সন্মান প্রদান কৰা হৈছে। দিল্লীৰ ৰাষ্ট্রীয় নাট্য বিদ্যালয়ৰ পৰা ১৯৬৬ চনত পৰিচালনা বিদ্যাত শিক্ষা গ্রহণ কৰা ৰয়ে পৰৱৰ্তী সময়ত পৰিচালনা, নাট ৰচনা, সম্পাদনাকে ধৰি ভিন্ন সৃষ্টিমূলক কামৰ সৈতে জড়িত হৈ পৰে। 
 
ডিম্পী বৈশ্য
 
আনহাতে পৰিবেশ্য কলাত আগবঢ়োৱা অৱদানৰ বাবে লক্ষহীৰা দাসক একাডেমীৰ জলপানি প্রদান কৰা হৈছে। তেওঁক ২০২২ বর্ষৰ শিতানত এই জলপানি প্রদান কৰা হয়। এগৰাকী কবি, গীতিকাৰ, কণ্ঠশিল্পী, শিক্ষাবিদ লক্ষহীৰা দাস গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্রাপ্ত গীতিকাৰ। প্রথমা, গীতার্য্য, লক্ষহীৰাৰ গীত, প্রাণৰ মুক্তিধাৰা, অস্কাৰ ৱাইল্ডৰ গল্প (অনূদিত), তপসী আদি পুথিৰো প্রণেতা লক্ষহীৰা দাস। 
 
কৰুণা বৰা আৰু গুণাকৰ দেৱগোস্বামী 
 
একাডেমীৰ তৰফৰ পৰা ঘোষণা অনুসৰি ২০২২ বৰ্ষৰ বাবে সংগীত নাটক একাডেমী পুৰস্কাৰ লাভ কৰা ৰাজ্যৰ ব্যক্তিসকল ক্রমে সত্রীয়া নৃত্য শিতানত গোবিন্দ শইকীয়া, অংকীয়া ভাওনাৰ বাবে কৰুণা বৰা, নাটকৰ নির্দেশনা শিতানত গুণাকৰ দেৱগোস্বামী আৰু পৰম্পৰাগত তথা লোকসংগীতৰ শিতানত তৰাৱতী বৰি আছে। 
 
মেঘৰঞ্জনী মেধি
 
২০২৩ বৰ্ষৰ বাবে কেৱল ভবেন বৰবায়নে এই পুৰস্কাৰ লাভ কৰিছে। তেওঁক সত্রীয়া নৃত্য শিতানত একাডেমীয়ে সন্মানিত কৰিছে। ইফালে, একাডেমীৰ তৰফৰ পৰা কৰা ঘোষণা অনুসৰি ২০২২ বৰ্ষত ৰাজ্যৰ তিনিগৰাকী আৰু ২০২৩ বর্ষত দুগৰাকী শিল্পীক ওস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰেৰে সন্মানিত কৰা হৈছে। এইসকলৰ ভিতৰত ২০২২ বর্ষত এই বঁটা লাভ কৰিছে ক্রমে ডিম্পী বৈশ্য (সত্রীয়া নৃত্য), মুকুন্দ নাথ (মুকাভিনয়) আৰু বিনীতা দেৱী (পুতলা নাচ)। ২০২৩ বর্ষৰ বাবে একাডেমী পুৰস্কাৰ লাভ কৰাসকল হ'ল- মেঘৰঞ্জনী মেধি (কথক নৃত্য) আৰু মুকুন্দ শইকীয়া (সত্রীয়া নৃত্য)।