পুনম পাণ্ডেৰ মৃত্যু অসত্য; জীয়াই আছে অভিনেত্ৰীগৰাকী

Story by  atv | Posted by  [email protected] • 5 Months ago
পুনম পাণ্ডেৰ মৃত্যু অসত্য; জীয়াই আছে অভিনেত্ৰীগৰাকী
পুনম পাণ্ডেৰ মৃত্যু অসত্য; জীয়াই আছে অভিনেত্ৰীগৰাকী
 
নতুন দিল্লী
 
জনপ্ৰিয় অভিনেত্ৰী পুনম পাণ্ডেৰ মৃত্যু অসত্য। ছাৰ্ভাইকেল কেন্সাৰত আক্ৰান্ত হৈ মৃত্যু হোৱা নাই অভিনেত্ৰীগৰাকীৰ। আজি পুনমে দুটাকৈ ভিডিঅ’ প্ৰস্তুত কৰি তেওঁৰ মৃত্যু হোৱা নাই বুলি নিশ্চিত কৰিছে। লগতে তেওঁ ছাৰ্ভাইকেল কেন্সাৰৰ সজাগতাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা বুলি কৈছে।
 
 
উল্লেখ্য যে, পুনমৰ মৃত্যুৰ খবৰ কালিৰ দিনটোত প্ৰথমে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত প্ৰকাশ পাইছিল। আনকি তেওঁৰ মেনেজাৰে ইনষ্টাগ্ৰাম একাউণ্টত পুনম পাণ্ডেৰ মৃত্যু ঘটনা নিশ্চিত কৰি এক পোষ্টও কৰিছিল। এই খবৰ বিয়পি পৰাৰ পাছতেই বলিউদ জগতত খলকনিৰ সৃষ্টি হৈছিল। বহু চেলিব্ৰেটিয়ে অভিনেত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছিল। অৱশ্যে বহুতেই তেওঁৰ মৃত্যুক মানি ল’বলৈ অস্বীকাৰ কৰিছিল। কিছুমানে অভিনেত্ৰীগৰাকী জীয়াই থকাৰ কথা দাবীও কৰিছিল।
 
শনিবাৰে পুৱা ‘লক আপ’ শ্ব’ৰে খ্যাতি লাভ কৰা পুনমে এটা ভিডিঅ’ মুকলি কৰে, য’ত তেওঁ জীয়াই থকাৰ খবৰ দিয়াৰ লগতে তেওঁৰ মৃত্যু হোৱা বুলি ওলোৱা খবৰৰ আঁৰৰ সত্যতাৰ বিষয়ে কোৱা দেখা গৈছে। শুকুৰবাৰৰ পৰা সকলোতে পুনম পাণ্ডেৰ মৃত্যুৰ চৰ্চা চলিছিল। কিন্তু পুনমে স্পষ্ট কৰি দিছে যে তেওঁৰ মৃত্যু হোৱা নাই। ভিডিঅ’টোত পুনমে যুক্তি দিছিল যে তেওঁৰ মৃত্যুৰ খবৰটো ছাৰ্ভাইকেল কেন্সাৰৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবেই দিয়া হৈছে।
 
ভিডিঅ’টোত পুনমে কৈছে, ‘‘মই জীয়াই আছো। মোৰ ছাৰ্ভাইকেল কেন্সাৰত মৃত্যু হোৱা নাছিল। দুৰ্ভাগ্যজনকভাৱে ছাৰ্ভাইকেল কেন্সাৰৰ বাবে প্ৰাণ হেৰুৱাই পেলোৱা শ শ আৰু হাজাৰ হাজাৰ মহিলাৰ বিষয়ে মই কথা ক’ব নোৱাৰো। ইয়াৰ কাৰণ তেওঁলোকে একো কৰিব নোৱাৰাৰ বাবে নহয়, বৰঞ্চ তেওঁলোকে ইয়াৰ বাবে কি কৰিব লাগে নাজানিছিল।’’ তেওঁ লগতে কয় যে, ‘‘মই ইয়াত আপোনালোকক ক’বলৈ আহিছো যে, আন কেন্সাৰৰ বিপৰীতে, ছাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধযোগ্য। আপুনি মাত্ৰ নিজকে পৰীক্ষা কৰাব লাগিব আৰু আপুনি HPV ভেকচিন ল’ব লাগিব।”
 
পুনমৰ এই কাৰ্যৰ পাছতো বলিউদ জগতত পুনৰ খলকনি তোলাটো খাটাং। এতিয়া সকলোৱে কি প্ৰতিক্ৰিয়া আগবঢ়ায় সেয়াহে হ’ব লক্ষণীয়।