জনপ্ৰিয় টিভি অভিনেতা ঋতুৰাজ সিঙৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 2 Months ago
অভিনেতা ঋতুৰাজ সিং
অভিনেতা ঋতুৰাজ সিং
 
মুম্বাই
 
হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ টিভিৰ জনপ্ৰিয় অভিনেতা ঋতুৰাজ সিঙৰ ২০ ফেব্ৰুৱাৰীৰ পুৱতি নিশা মৃত্যু হয়। ৫৯ বছৰীয়া অভিনেতা সিঙে সহকৰ্মী তথা প্ৰিয় বন্ধু অমিত বেহলে এই দুখজনক খবৰ নিশ্চিত কৰিছে।  
 
ঋতুৰাজ সিঙৰ ভাল বন্ধু তথা অভিনেতা অমিত বেহলে এই খবৰটো নিশ্চিত কৰি ২০ ফেব্ৰুৱাৰীৰ মাজনিশা ১২:৩০ বজাত ঋতুৰাজৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হয় আৰু চিকিৎসাৰ বাবে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। 
 
প্ৰযোজক সন্দীপ ছিককাণ্ডে ঋতুৰাজ সিঙৰ মৃত্যুৰ সন্দৰ্ভত এক বিবৃতিত লিখিছে, " এই অতি হৃদয় বিদাৰক খবৰটো শুনি মই স্তম্ভিত হৈ পৰিছো। কোনোবাই মোৰ হোৱাটছএপ গ্ৰুপ এটাত ৰাতিপুৱাই এই খবৰটো পোষ্ট কৰিছিল আৰু, তেতিয়াৰ পৰাই মই মাত্ৰ স্তম্ভিত পৰিছো।"
 
তেওঁ কয়, "মই 'কাহানি ঘৰ ঘৰ কি'ত ঋতুৰ লগত ঘনিষ্ঠভাৱে কাম কৰিছিলো। শ্ব’টোত মোক উষ্ম আদৰণি জনোৱা কেইজনমান অভিনেতাৰ ভিতৰত তেওঁ অন্যতম আছিল। তেওঁ এজন মেধাৱী অভিনেতা আছিল বুলি কোৱাটো স্পষ্ট কথা, কিন্তু অভিনেতাতকৈও বেছি তেওঁ আছিল মই জনা আটাইতকৈ ভাল মানুহৰ ভিতৰত এজন। এই খবৰটোৱে মোক সঁচাকৈয়ে বহু দুখ দিছে। তেওঁৰ আত্মাই শান্তি লাভ কৰক আৰু তেওঁৰ পত্নী আৰু ল'ৰা-ছোৱালীয়ে শক্তি লাভ কৰক।" 
 
কামৰ ফালৰ পৰা শেহতীয়াকৈ ৰূপালী গাংগুলী টিভিৰ ধাৰাবাহিক ‘অনুপমা’ত যশপালৰ চৰিত্ৰত ঋতুৰাজ কে সিঙক দেখা গৈছিল। ইয়াৰ বাহিৰেও অভিনেতাগৰাকীয়ে টিভি আৰু চলচ্চিত্ৰ উভয়তে এক বিখ্যাত কেৰিয়াৰ গঢ়ি তুলিছিল। সিঙে ‘বানেগী আপনি বাত’কে ধৰি কেইবাখনো জনপ্ৰিয় টেলিভিছন ধাৰাবাহিকত কাম কৰি আহিছে। ইয়াত তেওঁ আৰ মাধৱন, প্ৰয়াত অভিনেতা ইৰফান আৰু সুৰেখা ছিক্ৰী আদিৰ সৈতে সহ অভিনয় কৰিছিল।  
 
ইয়াৰ বাহিৰেও ঋতুৰাজক 'য়েহ ৰিষ্টা ক্যা কেহলাতা হায়', 'ত্ৰিদেবিয়ান', 'দিয়া ঔৰ বাতি হম' আদি টিভিৰ শ্ব'টো দেখা গৈছিল। বৰুণ ধাৱন আৰু আলিয়া ভট্টৰ সৈতে 'হাম্পটি শৰ্মা কি দুলহনীয়া' ছবিতো তেওঁক দেখা গৈছিল।