ভাবুকি পত্ৰৰ পিছত চলমান খানৰ নিৰাপত্তা উন্নীত

Story by  atv | Posted by  Munni Begum • 1 Years ago
চলমান খান
চলমান খান
মুম্বাই 
 
অভিনেতা চলমান খান আৰু তেওঁৰ পিতৃ চেলিম খানে দেওবাৰে বেনামী ভাবুকি পত্ৰ লাভ কৰাৰ পিছতে সোমবাৰে মহাৰাষ্ট্ৰৰ গৃহ বিভাগে অভিনেতা গৰাকীৰ নিৰাপত্তা উন্নীত কৰিছে। মুম্বাই আৰক্ষীয়ে প্ৰথমবাৰৰ বাবে পত্ৰখন লাভ কৰাৰ পিছত অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।  
 
সংবাদ সংস্থা এ এন আইয়ে সোমবাৰে পুৱা টুইট কৰি কয়, "মহাৰাষ্ট্ৰৰ গৃহ বিভাগে অভিনেতা চলমান খানক দেওবাৰে ৫ জুনত তেওঁৰ আৰু তেওঁৰ পিতৃ চেলিম খানলৈ ভাবুকি পত্ৰ প্ৰেৰণ কৰাৰ পিছত নিৰাপত্তা শক্তিশালী কৰিছে।"  
টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদনত গোচৰটোৰ সৈতে সম্পৰ্কিত এজন আৰক্ষী বিষয়াৰ উদ্ধৃতি দি কোৱা হৈছে, "চেলিম খানে ৰাতিপুৱাৰ তালিকা  অনুসৰণ কৰে  আৰু তেওঁ তেওঁৰ নিৰাপত্তাকৰ্মীৰ সৈতে প্ৰাতঃভ্ৰমণ লৈ যায়। প্ৰাতঃভ্ৰমণ লৈ যোৱা স্থানত এখন বেঞ্চত তেওঁ সাধাৰণতে বিৰতি লয়। সেই বেঞ্চত এখন বেনামী চিঠি পাইছিল।" 
চেলিমৰ নিৰাপত্তা কৰ্মীয়ে চিঠিখন পাইছিল আৰু তেওঁক দিছিল। প্ৰতিবেদন অনুসৰি চিঠিখন পঢ়িছিল, "মোছে ৱালে জৈচা কাৰ দুঙ্গা।" আৰক্ষীয়ে বেণ্ডষ্টেণ্ড অঞ্চলৰ চি চি টি ভি ফুটেজো পৰীক্ষা কৰিছে। সিদ্ধু মোছে ৱালাক যোৱা মাহত পঞ্জাৱত গুলীয়াই হত্যা কৰা হৈছিল। 
আইফা বঁটা ২০২২ ৰ বাবে আবু ধাবি ভ্ৰমণ কৰা চলমান খানে দেওবাৰে মুম্বাইলৈ উভতি আহিছিল। শনিবাৰে অনুষ্ঠিত অনুষ্ঠানটোত ৰিতেশ দেশমুখ আৰু মণিশ পলৰ সৈতে অভিনেতাগৰাকীও উপস্থিত আছিলি। 
অভিনেতাগৰাকীয়ে যোৱা কেইমাহমানধৰি তেওঁৰ আহিবলগীয়া ছবি টাইগাৰ ৩ ৰ দৃশ্য গ্ৰহণত ব্যস্ত হৈ আছে। মনীশ শৰ্মাৰ ছবিখনত কেটৰিনা কাইফ আৰু ইমৰান হাছমীয়েও অভিনয় কৰিছে। এক থা টাইগাৰ আৰু টাইগাৰ জিন্দা হেৰ পোনপটীয়া চিকুৱেল, ছবিখন শ্বাহৰুখ খানৰ পাঠানৰ সৈতে সংযোগ স্থাপন কৰিছে। ছবিখন ২০২৩ চনৰ ২১ এপ্ৰিলত মুক্তি লাভ কৰিব।