সতীশ কৌশিকক হত্যা কৰা হোৱা নাছিল; ব্যৱসায়ীৰ প্ৰাক্তন পত্নীৰ দাবী খাৰিজ কৰিলে অভিনেতাৰ পত্নীয়ে

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
ভাল সময়ত বিকাশ মালু আৰু চানভিৰ সৈতে সতীশ কৌশিকৰ পৰিয়াল
ভাল সময়ত বিকাশ মালু আৰু চানভিৰ সৈতে সতীশ কৌশিকৰ পৰিয়াল
নতুন দিল্লী

প্ৰবীণ অভিনেতা-পৰিচালক সতীশ কৌশিকৰ পত্নী শশী কৌশিকে দেওবাৰে দিল্লীৰ ব্যৱসায়ী বিকাশ মালুৰ প্ৰাক্তন পত্নীয়ে উত্থাপন কৰা অসৎতা আৰু হত্যাৰ অভিযোগ খাৰিজ কৰে। মালুৰ প্ৰাক্তন পত্নীয়ে এদিন পূৰ্বে দাবী কৰিছিল যে ব্যৱসায়ীজনে কৌশিকক হত্যা কৰিছিল কাৰণ তেওঁ অভিনেতাজনৰ পৰা ডুবাইত বিনিয়োগৰ উদ্দেশ্যে লোৱা ₹১৫ কোটি ঘূৰাই দিব পৰা নাছিল।

ব্যক্তিগত নিউজ চেনেল এটাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শশী কৌশিকে কয় যে, "এয়া সম্পূৰ্ণ মিছা, কোনো কাজিয়া হোৱা নাছিল। তেওঁ মিছা অভিযোগ উত্থাপন কৰিছে।"

কিয় এই দাবী উত্থাপন কৰা হৈছে বুলি সোধাত সতীশ কৌশিকৰ পত্নীয়ে উল্লেখ কৰে যে, "আমি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দেখুৱাইছো য'ত তেওঁৰ ৯৮% ব্লক হৈছে বুলি জনোৱা হৈছে। তেওঁ স্বামীৰ পৰা পৃথকে আছে। গতিকে হয়তো তেওঁ সহানুভূতি লাভৰ বাবেই কৰিছে বা এই বিষয়ে প্ৰাক্তন স্বামীক বিপদত পেলাবলৈ চেষ্টা কৰিছে।"

বিকাশ মালুক কোনো ধৰণৰ ধন ধাৰে দিয়াৰ কথা সতীশ কৌশিকে কেতিয়াও আলোচনা কৰা নাছিল বুলিও কয় শশী কৌশিকে। তেওঁ লগতে কয় যে, "মোক এই বিষয়ে নোকোৱাকৈ তেওঁ কেতিয়াও ইমান টকা ধাৰলৈ নিদিয়ে।"

শশী কৌশিকে আৰু কয় যে সতীশ কৌশিকৰ মৃত্যুৰ পিছত এই বিতৰ্কটোৰ বিষয়ে আলোচনা কৰাটো তেওঁৰ বাবে কঠিন হৈ পৰিছে। "এইটো অতি ভুল কথা যে সতীশজীৰ মৃত্যুৰ পিছত মই এই সকলোবোৰৰ বিষয়ে স্পষ্টীকৰণ দিব লাগিছে।’- অভিযোগৰ অন্ত পেলাবলৈ আহ্বান জনাই নিজৰ দুখ প্ৰকাশ কৰি শশীয়ে লগতে কয়।

ব্যক্তিগত নিউজ চেনেল এটাৰ সৈতে হোৱা কথা-বতৰাত বিকাশ মালুৰ দ্বিতীয় পত্নী চানভি মালুৱে পুনৰ এই অভিযোগ উত্থাপন কৰিছে। স্বামীয়ে ₹১৫ কোটি উভতাই দিব নোৱাৰাৰ বাবে প্ৰবীণ অভিনেতাজনক হত্যা কৰিম বুলি কোৱা শুনিছিল বুলি দাবী কৰে তেওঁ।

"মোৰ স্বামীয়ে কৌশিকক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ সোনকালে টকাখিনি ঘূৰাই দিব। মই মোৰ স্বামীক কি হৈছে বুলি সুধিছিলোঁ, তেতিয়া তেওঁ ক'লে যে তেওঁ কৌশিকৰ টকা ক'ভিড মহামাৰীৰ সময়ত হেৰুৱালে। মোৰ স্বামীয়ে লগতে ক'লে যে তেওঁ কৌশিকৰ পৰা মুক্তিৰ পৰিকল্পনা কৰিছে।" - দিল্লী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰা অভিযোগত তেওঁ কৰা মন্তব্য পুনৰ উল্লেখ কৰি অভিযোগ কৰে।

তেওঁৰ মতে, ২০২২ চনৰ ২৪ আগষ্টত কৌশিকৰ সৈতে ব্যৱসায়ীজনৰ এই ধনক লৈ তীব্ৰ কাজিয়া হৈছিল।

 
এটা গুৰুত্বপূৰ্ণ ঘটনাত দিল্লী আৰক্ষীয়ে কয় যে বিকাশ মালুৰ পত্নীয়ে উত্থাপন কৰা অভিযোগৰ তদন্ত আৰম্ভ কৰিছে। দক্ষিণ-পশ্চিম জিলাৰ এজন পৰিদৰ্শক পৰ্যায়ৰ বিষয়াক সমগ্ৰ বিষয়টোৰ তদন্ত কৰিবলৈ কোৱা হৈছে।

সংবাদ সংস্থা এএনআইয়ে কয় যে দিল্লী আৰক্ষীয়ে জনোৱা মতে, তেওঁৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ তেওঁক মাতি অনা হ’ব।