ৰাজকুমাৰ হিৰাণীৰ 'ডাঙ্কি'ত অভিনয় কৰিব শ্বাহৰুখ খানে

Story by  atv | Posted by  Munni Begum • 2 Years ago
 'ডাঙ্কি' চলচ্চিত্ৰৰ এক পোষ্টাৰ
'ডাঙ্কি' চলচ্চিত্ৰৰ এক পোষ্টাৰ
মুম্বাই  
 
বলিউডৰ কিং খান 'শ্বাহৰুখ খান'ক আৰু ৰাজকুমাৰ হিৰাণক একেলগে দেখা যাব। শ্বাহৰুখ খানে  ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁ ঘোষণা কৰিছিল যে পাঠানৰ পিছত, এইবাৰ পি কেৰ পৰিচালকৰ সৈতে তেওঁ 'ডাঙ্কি' শীৰ্ষক চলচ্চিত্ৰ খনত কাম কৰিব।  এছ আৰ কে আৰু হিৰাণীৰ একেলগে প্ৰথমবাৰৰ বাবে  দেখা যাব। চলচ্চিত্ৰ খনত এক বিশেষ ভুমিকাত অভিনয় কৰিছে অভিনেত্ৰী তাপসী পান্নুয়ে।  চলচ্চিত্ৰ কহন  ২০২৩ বৰ্ষৰ খ্ৰীষ্টমাছ  মুক্তি লাভ কৰিব।  
 
শ্বাহৰুখ খানৰ এই নতুন ছবিখনৰ বিষয়ে বিশেষ ধৰনে ঘোষণা কৰিছিল। এইটো কোনো টিজাৰ নহয়, কোনো প্ৰথম চেহেৰা নহয়, কিন্তু ষ্টাৰ মেকাৰ ৰাজকুমাৰ হিৰাণীৰ সৈতে কিং খানক দেখুওৱা এটা বিচিত্ৰ ভিডিঅ'। ভিডিঅ'টো শ্বেয়াৰ কৰি এছ আৰ কেয়ে টুইটাৰত লিখিছিল, "মৰমৰ ৰাজকুমাৰ  হিৰাণী ছাৰ, আপুনি মোৰ ছাণ্টা ক্ল'জ হৈ আহিলে। আপুনি আৰম্ভ কৰক মই সময়ত গৈ পাম। প্ৰকৃততে মই ছেটতে থকাৰ ব্যৱস্থা কৰি ল'ম। অৱশেষত আপোনাৰ সৈতে কাম কৰিবলৈ উৎসাহিত হৈ আছোঁ। ২০২৩ ৰ ২২ ডিচেম্বৰত আপোনালোকৰ বাবে চিনেমাগৃহলৈ আহি আছে 'ডাঙ্কি'। 
ভিডিঅ'টো এছ আৰ কেৰ সৈতে ৰাজকুমাৰ হিৰাণী চলচ্চিত্ৰৰ পোষ্টাৰেৰে ভৰ্তি এখন দেৱাললৈ চাই আৰম্ভ কৰিছিল। সোনকালেই, হিৰাণীয়ে তেওঁৰ ওচৰলৈ যায়, আৰু এছ আৰ কে সঞ্জয় দত্তৰ মুন্নাভাই এম বি বি এছ আৰু আমিৰ খানৰ পি কেৰ দৰে আইকনিক চৰিত্ৰ সৃষ্টি কৰাৰ বাবে তেওঁক প্ৰশংসা কৰে। 
শ্বাহৰুখে যেতিয়া হিৰাণীক সুধিছিল যে তেওঁৰ বাবে এখন চিত্ৰনাট্য আছে নেকি। হিৰাণীয়ে কয়, "এটা কাহানী আছে,  যিয়ে কৌতুক আৰু আৱেগৰ প্ৰতিশ্ৰুতি দিয়ে।" ৰোমাঞ্চৰ বিষয়ে কি বুলি অভিনেতাজনে সুধাত হিৰাণীয়ে কয়,  "আছে ছাৰ, কিন্তু আপুনি এনেকুৱা একচনবোৰ কৰিব নিবিচাৰিব।"  
ডাঙ্কি ৰাজকুমাৰ হিৰাণী, অভিজাত যোশী আৰু কণিকা ধিলনে লিখিছে, আৰু ৰাজকুমাৰ হিৰাণী আৰু গৌৰী খানে প্ৰযোজনা কৰিছে। চলচ্চিত্ৰখনৰ পৰৱৰ্তী অনুসূচীৰ দৃশ্যগ্ৰহণ পঞ্জাৱত ব্যাপকভাৱে কৰা হৈছিল। 
ছবিখনৰ বিষয়ে ৰাজকুমাৰ হিৰাণীয়ে কয়, "মোৰ কেৰিয়াৰৰ সময়ছোৱাত শ্বাহৰুখ খান সদায় মোৰ ইচ্ছাৰ তালিকাত আছিল আৰু অতীতত কেইবাবাৰো একেলগে কাম কৰিবলৈ চেষ্টা কৰাৰ পিছত, আমি অৱশেষত আমাৰ অংশীদাৰীত্বক 'ডাঙ্কি' কৰিবলৈ নিৰ্ণয় কৰিছিলোঁ।"
হিৰাণীৰ সৈতে কাম কৰি উৎফুল্লিত শ্বাহৰুখ খানে লগতে কয়, "ৰাজকুমাৰ হিৰাণী এই প্ৰজন্মৰ অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা, আমি সদায় একেলগে কাম কৰাৰ কথা কৈ আহিছো আৰু মই অত্যন্ত সুখী যে আমি অৱশেষত 'ডাঙ্কি'ৰ সৈতে কাম কৰি আছো। আমি এই মাহত এইমাত্ৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিছো। ৰাজু কে লিয়ে মই গাধ, বান্দৰ... কুছ ভি বান সকতা হুঁ!" 


শেহতীয়া খবৰ