গুৱাহাটী
কালি ঘোষণা কৰা হয় ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। এই চলচ্চিত্ৰ বঁটাত আঞ্চলিক ভাষাৰ শিতানত এইবাৰ শ্ৰেষ্ঠ অসমীয়া ভাষাৰ ছবিৰ সন্মান লাভ কৰে 'ৰঙাটাপু ১৯৮২'-এ । ছবিখনৰ পৰিচালক হৈছে আদিত্যম শইকীয়া।
আনহাতে, টাই-ফাকে ভাষাত শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা লাভ কৰিছে ‘Pai Tang... Step of Hope’ মানৰ ছবিখনে । এই ছবিখনৰ প্ৰযোজক নৱ কুমাৰ ভূঞা আৰু পৰিচালক প্ৰবাল খাউণ্ড । একেদৰে, নন-ফিচাৰ ছবি শাখাত শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ বঁটা লাভ কৰিছে শিল্পীকা বৰদলৈয়ে । ইয়াৰ উপৰি উৎপল দত্তই লাভ কৰিছে শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ স্বৰ্ণ কমল বঁটা।
ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে শুকুৰবাৰে নতুন দিল্লীত এক সংবাদমেলৰ জৰিয়তে ঘোষণা কৰে বিভিন্ন শাখাৰ বিজয়ীসকলৰ নাম।
উল্লেখ্য যে ২০২৩ চনৰ নৱেম্বৰত মুক্তিলাভ কৰা 'ৰঙাটাপু ১৯৮২' ছবিখন বুৰঞ্জীৰ বুকুত হেৰাই যোৱা বহু কথা, '৮০ দশকৰ এক ক’লা অধ্যায়ক সাঙুৰি এক মৰ্মস্পৰ্শী কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছিল । চাৰিগৰাকী নাৰীৰ জীৱনশৈলীৰ আধাৰত নিৰ্মাণ কৰা হৈছিল ছবিখন।
'৮০ৰ দশকত ৰাজ্যৰ বিভিন্ন অঞ্চললৈ প্ৰব্ৰজন কৰা সন্দেহযুক্ত লোক আৰু স্থানীয় খিলঞ্জীয়া লোকৰ মাজত সঘনাই সংঘৰ্ষৰ সৃষ্টি হৈছিল। '৮০ৰ দশকত সেই বহিৰাগত লোকসকলৰ সৈতে থলুৱা খিলঞ্জীয়া লোকৰ সংঘাত-সংগ্ৰামৰ ঘটনাক সামৰি এটা সঁচা কাহিনীৰ ওপৰত আধাৰ কৰি নিৰ্মাণ কৰা হৈছিল ছবিখন।
বি আৰ চি চিনে প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা অসমীয়া ছবি 'ৰঙাটাপু ১৯৮২' ছবিখনৰ প্ৰযোজনা কৰিছে অৰুণ কুমাৰ ৰয় আৰু অজয় কুমাৰ ৰয়ে। আনহাতে, ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা, ৰিম্পী দাস আৰু অভিনেতা গুঞ্জন ভৰদ্বাজে।
ইয়াৰ উপৰি আন কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে বিবেক বৰা, কল্পনা কলিতা, ভাগীৰথী, অলিস্মিতাকে আদি কৰি বহু ন-পুৰণি শিল্পীয়ে।
ইফালে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ পিছত এক ভিডিও বাৰ্তাযোগে নিজৰ অনুভৱ ব্যক্ত কৰি ছবিখনৰ পৰিচালক আদিত্যম শইকীয়াই কয়, "আজি আমাৰ ছবি 'ৰঙাটাপু ১৯৮২'-এ ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া ভাষাৰ ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। এইক্ষণত মই ছবিখনৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখন মোৰ প্ৰথমখন ছবি। এই ছবিখনৰ জৰিয়তে মই ফেশ্বন ডিজাইনিঙৰ পৰা ছবি পৰিচালক হিচাপে যাত্ৰা আৰম্ভ কৰিছিলোঁ । এই যাত্ৰাত বহুতো অভিজ্ঞতা আছে, বহুজনৰ পৰা মই শিকিছোঁ । সেয়ে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।"