মুম্বাই
প্ৰবীণ তেলেগু অভিনেতা তথা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন বিধায়ক কোটা শ্ৰীনিবাস ৰাওৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। প্ৰায় চাৰিটা দশক ধৰি ৰাওৱে তেলেগু চিনেমা আৰু নাট্য অভিনয় কৰিছিল।
১৯৭৮ চনত তেলেগু ছবি প্ৰণম খাৰিডুৰ জৰিয়তে ৰাওৱে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল আৰু তাৰ পিছত তেলেগু, তামিল, হিন্দী আৰু অন্যান্য ভাৰতীয় ভাষাৰ ৭৫০ খনতকৈও অধিক বৈশিষ্ট্যপূৰ্ণ ছবিত অভিনয় কৰিছিল। ব্যতিক্ৰমী ৰেঞ্জৰ বাবে পৰিচিত ৰাওৱে খলনায়ক, চৰিত্ৰ অভিনেতা, সহযোগী অভিনেতাকে ধৰি শাখাত ৯টা সন্মানীয় নন্দী বঁটা লাভ কৰিছিল।
ভাৰত চৰকাৰে ভাৰতীয় চিনেমালৈ তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে ২০১৫ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছিল। বলীউডৰ অন্যতম স্মৰণীয় আইকনিক ছবি 'চৰকাৰ'ত অভিনয় কৰিছিল , য’ত তেওঁ অমিতাভ বচ্চনৰ বিপৰীতে অভিনয় কৰিছিল।
অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে অভিনেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। এক্সত প্ৰকাশ কৰা এক শোক বাৰ্তাত নাইডুৱে কয়, বহুমুখী চৰিত্ৰৰে চিনেমা দৰ্শকৰ মৰম অৰ্জন কৰা প্ৰখ্যাত অভিনেতা কোটা শ্ৰীনিবাস ৰাওৰ মৃত্যু অতি দুখজনক। প্ৰায় চাৰি দশক ধৰি চিনেমা আৰু থিয়েটাৰৰ ক্ষেত্ৰলৈ তেওঁৰ কলাত্মক অৱদান আৰু তেওঁ অভিনয় কৰা ভূমিকাসমূহ অবিস্মৰণীয় হৈ থাকিব।
মুখ্যমন্ত্ৰীয়ে ৰাওৰ খলনায়ক আৰু চৰিত্ৰ শিল্পী উভয় হিচাপে কৰা স্মৰণীয় অভিনয়ৰ ওপৰত আলোকপাত কৰি কয় যে, তেওঁ তেলেগু দৰ্শকৰ হৃদয়ত খোদিত হৈ থাকিব। তেওঁৰ মৃত্যুক তেলেগু চলচ্চিত্ৰ উদ্যোগৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি নাইডুৱে ৰাওৰ ৰাজনৈতিক যাত্ৰাৰ কথাও স্মৰণ কৰে। ১৯৯৯ চনত কোটা শ্ৰীনিবাস ৰাওৱে ৰাজনীতিত প্ৰৱেশ কৰি বিজয়ৱাড়াৰ পৰা ২০০৪ চনলৈকে বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।